ঘৰত নামাজ পঢ়িব পাৰিমনে 

ঘৰত নামাজ পঢ়িব পাৰিনে

ঘৰত নামাজ পঢ়িব পাৰিমনে প্ৰশ্নঃ-ৰাতিপুৱা ৪ বজাত দৌৰিব যাব লাগে আৰু মছজিদত জামাত হোৱালৈ পলম হয়,তেনে ক্ষেত্ৰত ঘৰত নামাজ পঢ়িব পাৰিমনে ?

▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- নোৱাৰিব। যদি ঘৰত পঢ়া হয় তেন্তে ফৰজ আদায় হ’ব কিন্তু জামাত এৰাৰ বাবে গুণাহগাৰ হ’ব।

পুৰুষৰ বাবে জামাতৰ সৈতে নামাজ আদায় কৰা ওৱাজিব। জামাতৰ সৈতে নপঢ়াজনৰ বিষয়ে নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে; যদি সিহঁতৰ ঘৰত পত্নী আৰু ল’ৰা ছোৱালী নাথাকিল হেঁতেন তেন্তে মই ইশ্বা নামাজৰ পিছত যুৱক সকলক আদেশ দিলোঁ হৈ যে যিসকল ঘৰত আছে(নামাজৰ বাবে জামাতত উপস্থিত হোৱা নাই)সিহঁতৰ ঘৰ জ্বলাই দিয়া।(مسند امام احمد، ۳/۲۹۶، حدیث: ۸۸۰۴)

চৰীয়তে নিৰ্দিষ্ট কেইটামান কাৰণতহে জামাত এৰাৰ অনুমতি প্ৰদান কৰিছে যাৰ অৰ্ন্তভুক্ত প্ৰশ্নত উল্লেখিত প্ৰয়োজনটো নহয় সেয়ে দৌৰাৰ বাবে জামাত এৰাৰ অনুমতি নহ’ব,যদি এৰা হয় তেন্তে গুণাহগাৰ হ’ব।জামাতৰ সৈতে নামাজ পঢ়াত অধিক চোৱাব আছে যথা হাদিছ শ্বৰীফত আহিছে;

صَـلَاۃُ الْجَمَاعَۃِ تَفْضُلُ صَـلَاۃَ الْفَذِّ بِسَـبْعٍ وَعِشْـرِیۡنَ دَرَجَۃً

জামাতৰ সৈতে নামাজ আদায় কৰা অকলশৰীয়া ভাৱে নামাজ আদায় কৰাতকৈ ২৭ গুণে বেছি ফজিলত ৰাখে।(অৰ্থাৎ জামাতৰ সৈতে পঢ়া এক নামাজত অকলে পঢ়া নামাজতকৈ ২৭‌ গুণ বেছি চোৱাব পোৱা যায়। )(صحیح البخاري، کتاب الأذان، باب فضل صلاۃ الجماعۃ، الحدیث ۶۴۵، ج۱، ص۲۳۲)

মনত ৰাখিব! পুৰুষৰ বাবে অনাৱশ্যকীয়তাত ঘৰত নামাজ পঢ়াৰ অনুমতি নাই। জামাতৰ সৈতে নামাজ আদায় কৰা ৱাজিব অন্যথা গুণাহগাৰ হ’ব। আৰু যদি কোনো চৰঈ ওজৰ অৰ্থাৎ শ্বৰিয়ত সন্মত কোনো আৱশ্যকীয়তা,বেমাৰ বা ‌ভ্ৰমণত অথবা এনেকুৱা বেমাৰ যে মছজিদত যোৱাৰ ক্ষমতা নাই,ধুমুহা তথা কঠিন বতাহ বৰষুণ,ৰাস্তাত অত্যন্ত বোকা,অত্যন্ত ঠাণ্ডা,অত্যন্ত অন্ধকাৰ,প্ৰস্ৰাৱ-পায়খানা বা বায়ুৰ অধিক চাপ,সত্ৰুৰ আক্ৰমণ,বাহনে এৰি যোৱাৰ ভয়, অন্ধ হ’লে,পংগু হ’লে,বঢ়া হ’লে যাৰ ফলত খোজ কাঢ়ি মছজিদত যোৱাৰ ক্ষমতা নাই,মাল-সম্পত্তি নষ্ট হৈ যোৱাৰ ভয় থাকিলে,বেমাৰীৰ যত্ন লোৱা অৰ্থাৎ যদি ৰোগীৰ পৰা দূৰ হয় তেন্তে সি ভয় কৰিব বা কষ্ট পাব, এই সকলোবোৰৰ কাৰণে জামাত এৰাৰ অনুমতি হ’ব।(درمختار، بہار شریعت،جماعت کا بیان)

এইসমূহ ব্যতীত জামাত এৰিলে গুণাহগাব হ’ব।

ঘৰত নামাজ পঢ়িব পাৰিমনে 

ফাতিমী মহৰৰ পৰিমাণ কিমান click here

Follow us on YouTube click here

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d