এইবাৰ ভোট কাক দিব ?
ইছলামৰ দৃষ্টিত ভোট দিয়াটো এটা গুৰুত্বপূৰ্ণ দায়িত্ব। সেয়েহে “কাক ভোট দিব লাগে” বুলি একেবাৰে নির্দিষ্ট ব্যক্তি বা দল ক’ব নোৱাৰি, বৰং কিছুমান নীতিৰ ওপৰত চিন্তা কৰিহে প্ৰাৰ্থীগৰাকীক ভোট দিয়া উচিত;
সৰ্বপ্ৰথম চাব লাগিব বিগত ৫ বছৰত তেওঁ আপোনাৰ অঞ্চলত কাম কৰিলে নে নাই !
যদি কৰিছে এইবাৰো তেওঁকেই ভোট দিয়ক, নাই কৰা যদি ভাবি চাব এবাৰ।
১) সৎ আৰু সঁচা ব্যক্তি, যিজনে আমাক অন্যায় নকৰে, মুকলিকৈ আমাক অপমান নকৰে আৰু আমাৰ লগত দুৰ্নীতি নকৰে তেওঁক দিয়ক আপোনাৰ ভোট।
২) ন্যায়বিচাৰ কৰাৰ ক্ষমতা, সকলো মানুহৰ বাবে সমান ন্যায় কৰে নে নাই, নে একপক্ষীয় ৰাজনীতি কৰে এইটো চাব ভোট দিয়াৰ সময়ত।
৩) জনতাৰ উপকাৰ কৰে নে নাই; শিক্ষা, স্বাস্থ্য, ৰোজগাৰ আদিত কাম কৰিছে নে নাই সমানভাবে ইয়াৰ ওপৰতো লক্ষ্য ৰাখিব।
৪) ধৰ্মীয় স্বাধীনতা আৰু শান্তি বজাই ৰাখে নে নাই, সকলো ধৰ্মৰ মানুহে নিৰাপদে থাকিব পাৰে নে নাই এই বিষয়েও চাব লাগিব।
📌 গুৰুত্বপূৰ্ণ কথা:
কেৱল “মুছলমান” বুলি ভোট নিদিব বা
কেৱল “নিজৰ চিনাকি” বুলিও ভোট নিদিব বা যোৱা বছৰ দিছে গতিকে এইবছৰো তেওঁক দিব, এনে নকৰিব। যিজন সৰ্বাধিক ভাল, ন্যায়বিচাৰী আৰু উপকাৰী, তেওঁকেই বাছনি কৰক। যিয়ে আপোনাৰ গাঁৱৰ, অঞ্চলৰ বা অঞ্চলৰ লোকৰ বাবে কাম কৰিছিল বা কৰে তেওঁক সুযোগ দিয়ক।
মিছবাহী, দৰং, অসম।
Recent Comments