বেংকৰ পৰা পোৱা টকাটো সুত নেকি
প্ৰশ্নঃ- বেংকৰ পৰা লোন ল’ব পাৰিনে,তাৰ পৰা পোৱা অতিৰিক্ত টকাটো ল’ব পাৰিনে ?▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ-সুত লোৱা আৰু দিয়া ইছলামত চূড়ান্ত ভাৱে হাৰাম ও গুণাহৰ কাম। এতেকে কোৰআন শ্বৰীফত আহিছে:
ۗ وَأَحَلَّ اللَّهُ الْبَيْعَ وَحَرَّمَ الرِّبَا ۚ
আল্লাহে ব্যৱসায়-বানিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে।(ছুৰা আল বাকাৰাহ,আয়াত:২৭৫)
হাদিছ শ্বৰীফত আহিছে:
لَعَنَ رَسُولُ اللَّهِ صلى الله عليه وسلم آكِلَ الرِّبَا وَمُوكِلَهُ وَكَاتِبَهُ وَشَاهِدَيْهِ وَقَالَ هُمْ سَوَاءٌ-
আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে সুত খোৱাজনৰ,দিওঁতাৰ,লিখোতাৰ,সাক্ষীৰ প্ৰতি অভিশাপ দিয়ে আৰু সকলোবোৰ একেই অৰ্থাৎ লওঁতা আৰু দিওঁতা সকলো গুণাহত সমান।(مشكوة شريف-ص٢٣٣)
চৰকাৰী বেংকক অতিৰিক্ত টকা দিয়াৰ চৰ্তত টকা লোৱা(লোন লোৱা)এই চৰ্তত বৈধ হ’ব যে বেংকক সুত ৰূপে যিটো টকা দিয়া যাব তাতকৈ অধিক লাভ হ’ব বা তাৰ সমান মুনাফা হোৱাৰ সম্পূৰ্ণ বিশ্বাস আছে তেন্তে সুত দি বেংকৰ পৰা টকা লোৱা বৈধ হ’ব অন্যথা নহ’ব। এনেদৰেই ফতোৱা শ্বামী তথা ফতোৱা মৰকজে তৰবীয়তে ইফতাত আছে;
الظاھر ان الاباحة یفیدنیل المسلم الزیادة وقد الزم الاصحاب فی الدرس ان مرادھم من حل الربا و القمار ما اذا حصلت الزیادة للمسلم
(ردالمحتار، جلد-٤، ص-١٨٨/فتاوی مرکز تربیت افتاء، جلد-٢،ص٢٦١)
লোন ল’ব পাৰিনে-
আৰু সুতৰ চৰ্তত লোন লোৱাৰ অনুমতি তেতিয়াহে হ’ব যেতিয়া সঁচাকৈ শ্বৰীয়ত সন্মত প্ৰয়োজন হ’ব,নহ’লে অনুমতি নাই যদিও মুছলমানৰ মুনাফা হয়। এনেদৰেই শ্বৰীয়ত সন্মত সঁচা প্ৰয়োজন থাকিলে আৰু সুদ ব্যতীত কোনো টকা নাপালে সুদ দি হ’লেও ধাৰত টকা লোৱাৰ অনুমতি আছে। এনেদৰেই আল আশ্ববাহ ৱান্নাযাঈৰত আছে;
فى القنية و البغية يجوز للمحتاج الاستقراض بالربح”(الاشباه والنظائر، ص-٩٢)
আনহাতে ফতোৱা ৰেজৱীয়্যাহত আছে যদি সঁচাকৈ জাইজ তথা শ্বৰিঅত সন্মত প্ৰয়োজন থাকে তেন্তে
الضرورة تبيح المحظورات
(অৰ্থাৎ শ্বৰিঅত সন্মত আৱশ্যকীয়তাই নিষিদ্ধ বস্তুক বৈধ কৰি দিয়ে)ৰ আধাৰত সুত দি ধাৰত(বেংকৰ পৰা হওঁক বা অইন ক’ৰবাৰ পৰা)টকা লোৱাৰ অনুমতি হ’ব কিন্তু শ্বৰীঅত সন্মত প্ৰয়োজন নহ’লে হাৰাম যেনে সম্পত্তি বৃদ্ধি কৰিবলৈ,সন্তানৰ বিবাহ কৰাবলৈ বা ঘৰ আছেই অযথা অতিৰিক্ত বনাবলৈ আদি।
(فتاوی رضویہ-ج-۲، ص-٢٩٩)
আনহাতে হিন্দুস্থানত life insurance(L.I.C) অৰ্থাৎ জীৱন বীমা কৰিব পাৰি কিন্তু সকলোৱে নোৱাৰিব,যিসকলে সীমিত সময়ত নিৰ্ধাৰিত টকা দিব পাৰিব আৰু আৰ্থিক তথা ঘৰুৱা কোনো অভাৱ অনাটন ও সমস্যাৰ সন্মুখীন নহ’ব সিহঁতে কৰিব পাৰিব। ইয়াৰ বিপৰীতে কৰাৰ অনুমতি নাই।
(صحیفہ فقہ اسلامی-ص٣٢)
বেংকৰ পৰা পোৱা টকাটো সুত নেকি
জীৱন বীমাৰ পৰা Bonus ৰূপে পোৱা অধিক ধানখিনি লোৱা,খোৱা তথা ইছলামী সংস্থা,মছজিদ,মাদ্ৰাছাত ব্যয় কৰিব পাৰিব। এই ধন মূলতঃ সুদ নহয় বৰং হালাল ও বৈধ ধন,যিটো মালিকৰ সন্তুষ্টিৰ আধাৰত পোৱা যায়।অধিক তথ্যৰ বাবে”جدید بینک کاری اور اسلام”পঢ়ক।
(فتاوی مرکز تربیت افتاء،ج۲،ص۲۷۲)
• ইয়াৰ দলিল একাধিক ফতোৱাৰ কিতাপত আছে,প্ৰয়োজন হলে তলৰ লিংকটোৰে পঢ়িব পাৰে click here
লোন ল’ব পাৰিনে – life insurance(L.I.C)/ জীৱন বীমা কৰিব পাৰিনে click here
Follow us on YouTube click here
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments