মছজিদ বা মাদ্ৰাছাত Cinema,Funny Video চোৱা- মোবাইলত কোৰআন পঢ়া •

মছজিদ বা মাদ্ৰাছাত Cinema,Funny Video চোৱা- মোবাইলত কোৰআন পঢ়া • 

প্ৰশ্নঃ- উল্লেখ কৰা কথা সমূহ চাব পাৰিম নেকি। মোবাইলত তিলাৱত কৰা যাবনে,এনেধৰণৰ ব্যক্তিৰ পিছত নামাজ হ’ব জানো। কি কয় এই বিষয়ে শ্বৰিয়তে ?

▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- মছজিদ মাদ্ৰাছাতেই কিয় ইয়াৰ বাহিৰেও ফিলিম,অশ্লীল ভিডিঅ’‌ চোৱা নিষিদ্ধ,হাৰাম। মছজিদত মোবাইল চলোৱা বে আদবি,ইয়াৰ পৰা আঁতৰি থকা আৱশ্যকীয়। সচাৰচৰ মছজিদত কোৰআন থাকে সেয়ে মোবাইলত তিলাৱত নকৰি কোৰআন চুই,চাই পঢ়া অধিক চোৱাবৰ কাম।

• মছজিদত কিয় ? সচৰাচৰ জীৱনটো চিনেমা চোৱা,গান শুনা হাৰাম বিশেষকৈ লেতেৰা,অশ্লীল ভিডিঅ’ চোৱাটো আৰু বেছি অবৈধ আৰু হাৰাম। দেখাজন গুণাহগাৰ,ফাছিক,সীমালঙ্ঘনকাৰী,অতিক্ৰমকাৰী বুলি বিবেচিত হ’ব। এনেধৰণৰ মানুহৰ পিছত নামাজ পঢ়া নিষিদ্ধ আৰু তেওঁক ঈমাম বনোৱাটো এটা পাপ। তেওঁৰ পিছত পঢ়া নামাজ পুনৰাই পঢ়িব লাগিব। দুৰ্ৰুল মোখতাৰত আছে:

کل صلاۃ أدیت مع كراهة التحريمة تجب اعادتھا اھ

মকৰূহে তহৰিমীৰ সৈতে আদায় কৰা প্ৰত্যেক নামাজ পুনৰাই পঢ়া ওৱাজিব।

(کتاب الصلاة،اب صفۃ الصلاۃ،ج۲،ص١٤٧-١٤٨)

• এনেদৰেই ফতোৱা ৰেজৱিয়্যাহ,ফতোৱা ফইজুৰ ৰাছূলত আছে।

(فتاوی رضویہ مترجم،ج۴،ص٣٩٠،باب الامامة)

• হাদিছ শ্বৰীফত আহিছে:

عَنِ ابْنِ عَبَّاسٍ عَنْ رَسُوْلِ اللهِ صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم إِنَّ اللهَ تَعَالَى حَرَّمَ الْخَمْرَ وَالْمَيْسِرَ والكُوْبَةَ

ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: নিশ্চয় আল্লাহ তা’আলাই মদ,জুৱা আৰু সকলো ধৰণৰ বাদ্যযন্ত্র হাৰাম কৰিছে।

(سنن ابو داود،٣٦٩٦)

• হজৰত ইবনে মছঊদ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে

إياكم واستماع المعازف والغناء! فإنهما ينبتان النفاق في القلب كما ينبت الماء البقل

সাৱধান! বাদ্যযন্ত্ৰ আৰু গানৰ পৰা আঁতৰি থাকা,কাৰণ এই দুইটাই পানীৰ পৰা সেউজীয়া গজি উঠাৰ দৰে এই দুয়োটা কথাই হৃদয়ত নিফাক(ভণ্ডামি)ৰ জন্ম দিয়ে।

(کنزالعمال،حدیث:٤٠٦٨٠)

• ভাল ভিডিঅ’ য’ত আচহুৱা মহিলা প্ৰদৰ্শন নহয়,দেখা নাযায় সেয়া চোৱাৰ অনুমতি আছে। কিন্তু‌ মছজিদত ইয়াৰো অনুমতি নহ’ব।

• Funny videos সম্পৰ্কেঃ Funny videos ত যদি কোনো অশ্লীলতা,উলঙ্গতা নাথাকে,কোনো মুছলমানৰ লগত উপহাস বা ঠাট্টা-মস্কৰা কৰা নহয়,কোনো মুছলমানৰ গোপনীয় দোষ(যাৰ অনুমতি চৰীয়তে দিয়া নাই)উদঙাই তাক লজ্জিত কৰা নহয় মাথোঁ এনেই সাধাৰণভাৱে কাৰো মনত দুখ নিদিয়াকৈ মনোৰঞ্জনৰ বাবে বনোৱা হৈছে তেন্তে সেই ভিডিঅ’ চোৱাত অসুবিধা নাই অন্যথা গুণাহগাৰ হ’ব,ইয়াৰ অনুমতি নহ’ব। তাৰোপৰি মছজিদত ইয়াৰ অনুমতি নহ’ব। মছজিদ কমিটীয়ে পৰাপক্ষত নেটৱৰ্ক জামাৰ লগোৱা উচিত।

• মাদ্ৰাছাত কাৰো অসুবিধা নোহোৱাকৈ জায়েজ ভিডিঅ’ অৱসৰ সময়ত চোৱাত অসুবিধা নাই।

•• মছজিদ বা মাদ্ৰাছাত Cinema,Funny Video চোৱা- মোবাইলত কোৰআন পঢ়া ••

Contact us 

অমুছলিমৰ ঘৰত বা হোটেলত খোৱা-বোৱা ! – ইছলামৰ পোহৰ

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d