প্ৰশ্নঃ- ১) জামাতত নামাজ পঢ়া অৱস্থাত কাটাৰ বা লাইনৰ মাজত ফাঁক ৰাখিব পৰা যায়নে ?
২) কৰোণাৰ কালত Social distance ৰ সৈতে জামাতত নামাজ শুদ্ধ হ’বনে ?
মাজত খালী ঠাই ৰাখি নামাজ পঢ়িব পাৰিনে ?
▁▁▁▁▁▁▁▁▁▁▁▁
Conclusion:- ১) ছফ বা কাটাৰ(line)ৰ মাজত খালী ঠাই ৰখা নিষেধ। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কাটাৰৰ মাজত ফাঁক ৰাখিব মানা কৰিছে। ২) চৰিয়ত সন্মত প্ৰয়োজনত আৱশ্যেকীয় ফাঁক ৰখাৰ অনুমতি হ’ব।
উত্তৰঃ- ১) জামাতৰ সৈতে পঢ়া নামাজৰ ক্ষেত্ৰত কাটাৰত কান্ধৰ লগত কান্ধ মিলাই ৰখা অৰ্থাৎ পাৰস্পৰিক এনেদৰে থিয় হোৱা ওৱাজিব,যাতে মাজত কোনো ধৰণৰ খালী ঠাই বা ফাঁক(gap)নাথাকে। চৰিয়তে নামাজত ছফ বা লাইন পোন ৰখা সম্পৰ্কে তিনিটা কথাৰ প্ৰতি অত্যন্ত গুৰুত্ব তথা জোৰ দিছে।
১) তাছৱিয়াহ; অৰ্থাৎ নামাজত কাটাৰ বা লাইন এনেদৰে সম্পূৰ্ণৰূপে ৰখা,যাতে নামাজি আগ-পিছ নহয়,সকলোৰে ডিঙি,কান্ধ আৰু খাৰগাঁঠি সমান হয়।
২) ইতমাম; অৰ্থাৎ আগৰ লাইন পূৰ্ণ(fill) নোহোৱালৈকে দ্বিতীয় কাটাৰ বা ছফ বনোৱা নহ’ব।
৩) তাৰাস্ব: অৰ্থাৎ নামাজি এজনে আনজনৰ লগত লগ লাগি থিয় হোৱা, যাতে এজনৰ কান্ধ আনজনৰ সমান হয় আৰু মাজত কোনো ধৰণৰ খালী ঠাই নাথাকে।
এই তিনিওটা কাম ওৱাজিব, চৰিয়ত সন্মত প্ৰয়োজন অবিহনে উল্লেখিত তিনিটা কথাৰ এটাৰো অমান্য কৰা নাজায়েজ ও গুণাহ। • এইখিনিতে মনত ৰখা উচিত যে কাটাৰ বা লাইনৰ কোনো ওৱাজিব এৰা গ’লে নামাজ পুনৰাই পঢ়া ওৱাজিব নহয়। হয় ! গুণাহগাৰ নিশ্চয় হ’ব।
কাটাৰ বা লাইন সম্পৰ্কে উল্লেখিত ওৱাজিব কেইটাৰ কিছু সংক্ষেপে দলিল দাঙি ধৰা হ’ল:
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে তছৱিয়ায়ে ছুফূফ(অৰ্থাৎ নামাজত কাটাৰ বা লাইন পোন ৰখা)সম্পৰ্কে কৈছে:
سووا صفوفکم
নিজৰ ছফসমূহ পোন কৰা।
(صحیح مسلم،ج١،ص١٨٢،مطبوعہ کراچی )
ৰাছূল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ইতমাম; অৰ্থাৎ আগৰ লাইন পূৰ্ণ(fill) নোহোৱালৈকে দ্বিতীয় কাটাৰ নবনোৱা সম্পৰ্কে কয় যে:
اتموا الصف المقدم ثم الذی يليه فما كان من نقص فليكن في الصف المؤخر
আগৰ লাইন বা ছফ পূৰ্ণ কৰা তাৰ পিছত পৰৱৰ্তী লাইন। এতেকে যি কম হ’ব সেয়া শেষৰ কাটাৰত হওঁক।
(مسند احمد بن حنبل،ج٢١،ص١١٤،مؤسسة الرسالة،بیروت)
অইন এক হাদিছত তৰ্ৰাস্ব: অৰ্থাৎ ফাঁক নৰখাকৈ নামাজি এজনে আনজনৰ লগত লগ লাগি থিয় হোৱা সম্পৰ্কে নবী কৰীম ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে আদেশ দি কৈছে:
الا تصفون خلفی کما تصف الملائکۃ عند ربھم ؟قالو! وکیف تصف الملائکۃ عند ربھم؟ قال:یتمون الصفوف المقدمۃ ویتراصون فی الصف
তোমালোকে মোৰ পিছত তেনেদৰে কিয় কাটাৰ নবনোৱা যেনেদৰে ফিৰিস্তাই নিজৰ ৰ’ব(আল্লাহ)ৰ দৰবাৰত কাটাৰ বনায় ? চাহাবা(আলাইহিমুৰ্ৰিদ্বৱান)সকলে নিবেদন কৰিলে: ফিৰিস্তাই নিজৰ ৰ’ব (আল্লাহ)ৰ ওচৰত কেনেদৰে ছফ বান্ধে ? তেওঁ ক’লে: তেওঁলোকে আগৰ কাটাৰ সমূহ পূৰ্ণ কৰে(অৰ্থাৎ প্ৰথম পূৰ্ণ কৰে তাৰ পিছত দ্বিতীয় তাৰ পিছত তৃতীয় এনেদৰে আগলৈ)আৰু কাটাৰত সম্পূৰ্ণৰূপে আনজনৰ লগত লগ লাগি থিয় হয়।
(سنن ابی داؤد،ج١،ص١٠٦مطبوعہ لاھور)
ঈমাম আহমদ ৰাজা খাঁন ৰাহমাতুল্লাহ আলাইহিয়ে ছফ বা লাইনৰ ওৱাজিব সমূহ লিখি কয়: কাটাৰ সম্বন্ধে বিশেষকৈ তিনিটা কথাৰ প্ৰতি অতি কঠোৰভাৱে আদেশ দিয়া হৈছে আৰু সেই তিনিটা আজিকালি প্ৰায়(মাআজাল্লাহ)বিলুপ্ত হোৱা পৰিলক্ষিত হৈছে। মুছলমানৰ মাজত পাৰস্পৰিক অসন্তুষ্টতা সৃষ্টিৰ কাৰণ এয়াই।
প্ৰথম: তছৱিয়াহ অৰ্থাৎ লাইন সম্পূৰ্ণ পোন কৰা,বেঁকা-বেঁকী নোহোৱা। মোক্তাদি আগ-পিছ নোহোৱা। সকলোৰে কান্ধ,খাৰগাঁঠী পাৰস্পৰিক আনজনৰ লগত এডাল পোন ৰেখাৰ দৰে থিয় হোৱা,যিডাল বুকুৰ মাজেদি ওলাই কা’বা শ্বৰীফ পৰ্যন্ত যায়। পোন খুটাৰ দৰে থিয় হোৱা।
দ্বিতীয় :ইতমাম অৰ্থাৎ আগৰ লাইন পূৰ্ণ(fill)নোহোৱালৈকে দ্বিতীয় কাটাৰ বা ছফ নবনোৱা। এই সম্পৰ্কে চৰিয়তে অত্যন্ত জোৰ দিছে উদাহৰণ স্বৰূপে আগৰ লাইনত এজন ব্যক্তি থিয় হ’ব পৰাকৈ খালী ঠাই এৰি পৰৱৰ্তী কাটাৰ বান্ধি লোৱা হ’ল,পিছত এজন ব্যক্তি আহি দেখিলে যে আগৰ লাইন এতিয়াও পূৰ হোৱা নাই তেনে ক্ষেত্ৰত উক্ত ব্যক্তিজনৰ প্ৰতি চৰিয়তৰ আদেশ হৈছে “সি পিছৰ লোকক গুচাই কাটাৰৰ মাজেদি গৈ আগৰ খালী ঠাই পূৰণ কৰিব”, ইহঁতে(পৰৱৰ্তী লাইনৰ লোকে)চৰিয়তৰ আদেশ অমান্য কৰি(দ্বিতীয় লাইন বনাই)নিজৰ অপমান কঢ়িয়াই আনিছে। যিজনে এনেদৰে কাটাৰ পূৰ কৰিব আল্লাহ পাকে তাৰ মাগফিৰাত বা মাৰ্জনা কৰিব।
তৃতীয়: তাৰাস্ব অৰ্থাৎ নামাজি এজনে আনজনৰ কান্ধৰ সমান হৈ লগ লাগি থিয় হোৱা,যাতে কোনো খালী ঠাই নাথাকে। আল্লাহ পাকে কৈছে:
صَفًّا كَأَنَّهُمْ بُنْيَانٌ مَرْصُوصٌ
যেনিবা সিহঁত গলিত সীহেৰে নিৰ্মিত সুদৃঢ় প্ৰাচীৰ। • ফলত সকলোধৰণৰ ক্ষুদ্ৰ বিন্দু পৰিমাণো খালী ঠাই নাথাকে। এনেদৰে ছফ বা কাটাৰ বন্ধা লোকক আল্লাহ পাকে পছন্দ কৰে। এয়াও সেই ইতমামৰেই অন্তৰ্ভুক্ত। আৰু তিনিওটা কথা চৰিয়তত ওৱাজিব।
کماحققناہ فی فتاوٰنا وکثیر من الناس عنہ غافلون
যেনেদৰে মই নিজৰ ফতোৱাত ইয়াৰ গৱেষণা কৰি থৈছোঁ। ইয়াৰোপৰি বহুতো লোক এই সম্পৰ্কে অমনযোগী।
(فتاوی رضویہ،ج٧،ص٢١٩تا٢٢٣،رضا فاؤنڈیشن،لاھور)
ছফৰ বা কাটাৰৰ ওৱাজিব সমূহৰ মাজৰ কোনো ওৱাজিব এৰা গ’লে নামাজ পুনৰাই পঢ়া ওৱাজিব নহ’ব। এতেকে যেতিয়া হজৰত আনাছ বিন মালিক ৰাদ্বীয়াল্লাহু আনহু মদিনা শ্বৰীফত উপস্থিত হয় তেতিয়া তেওঁক জিজ্ঞাসা কৰা হ’ল যে আপুনি আমাৰ মাজত কোনটো কথা নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ যুগৰ বিপৰীতে পাইছে ? তেতিয়া তেওঁ ক’লে:
ما انکرت شیئا الا انکم لا تقیمون الصفوف
মই তোমালোকৰ মাজত কাটাৰ পোন নকৰাৰ বাহিৰে একো(বিপৰীত)পোৱা নাই(যে তোমালোকে কাটাৰ চিধা নকৰা)।
(صحیح بخاری،ج١،ص١٠٠،مطبوعہ کراچی)
এই হাদিছৰ বাখ্যা কৰি আল্লামা বাদৰুদ্দিন আইনী আল হানাফী ৰাহমাতুল্লাহ আলাইহিয়ে কৈছে:
ومع القول بوجوب التسوية فتركها لا يضر صلاته لانها خارجة عن حقيقة الصلاة الا ترى ان انسا(رضی اللہ عنہ)مع انكاره عليهم لم يامرهم باعادة الصلاة
আৰু ছফ চিধা ৰখা ওৱাজিবৰ মতবাদ অনুসৰিও তাৰ অমান্যই নামাজত প্ৰভাৱ নেপেলায়,কাৰণ এয়া নামাজৰ প্ৰকৃততাৰ অন্তৰ্ভুক্ত নহয়। দেখা নাইনে হজৰত আনাছ ৰাদ্বীয়াল্লাহুৱে সিহঁতৰ সেই কৰ্মটো অপছন্দ কৰা সত্বেও সিহঁতক পুনৰাই নামাজ পঢ়িব কোৱা নাই !
(عمدۃ القاری شرح صحیح بخاری،ج٤،ص٣٥٩،مطبوعہ ملتان)
২)জামাতত নামাজ পঢ়া অৱস্থাত ছফ(line)পোন আৰু মাজত কোনো ধৰণৰ খালী ঠাই নথকা ওৱাজিব তথা বাধ্যতামূলক আৰু নামাজৰ অৱস্থাত মাজত খালী ঠাই ৰখা মকৰূহে তহৰীমী ও খিলাফে ছুন্নত। কিন্তু প্ৰশাসনৰ পৰা সঁচাকৈ যদি এনেকুৱা আদেশ(যে Social distance মানিবৈ লাগিব)আহে আৰু বৰ্তমান সময়ত যাৰ পৰা বিৰত মুঠেই সম্ভৱ নহয়,ইয়াৰ বাহিৰে কোনো অন্য ৰাস্তাও নাই,অমান্য কৰিলে প্ৰশাসনিক তদন্ত হ’ব তেন্তে প্ৰয়োজনীয় দূৰত্ব বা ব্যৱধান ৰখাৰ অনুমতি চৰিয়তে প্ৰদান কৰিছে। কিন্তু অকল বেমাৰ উৰি গৈ শৰীৰত লাগি যোৱাৰ সন্দেহত ছফত(lineত) খালী ঠাই ৰখা মকৰূহে তহৰীমী,সম্পূৰ্ণ নাযায়েজ আৰু ছুন্নতৰ বিপৰীত। অধিক জানিবৰ বাবে তলত উলামায়ে আহ্লে ছুন্নতৰ ফতোৱাৰ কপি দিয়া হৈছে প্ৰত্যাৱৰ্তন কৰিব পাৰে। Click here Click here 2
__________________
• আল্লাহ পাকে আমাক চৰিয়তৰ বিধান মানি চলাৰ তৌফিক দান কৰক।
– মাজত খালী ঠাই ৰাখি নামাজ পঢ়িব পাৰিনে ?
وَاللہُ اَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُہ اَعْلَم صَلَّی اللّٰہُ تَعَالٰی عَلَیْہِ وَاٰلِہٖ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments