Advance জাকাত আদায় কৰিব পাৰিনে ?

প্ৰশ্নঃ- উপযুক্ত ব্যক্তিজনে যদি বছৰ পূৰ্ণ হোৱাৰ আগেয়ে নিজৰ জাকাত আদায় কৰে তেন্তে আদায় হ’বনে

Advance জাকাত আদায় কৰিব পাৰিনে ?

▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- বছৰ পূৰ্ণ হোৱাৰ আগেয়ে জাকাত দিব পাৰি উদাহৰণ স্বৰূপে যোৱা ৰমজানত সম্পত্তিৰ জাকাত দিয়া হৈছিল,এতিয়া যদি আগন্তুক ৰমজানৰ আগেয়ে জাকাত দিব বিচৰা হয়‌ তেন্তে দিয়া যাব। কিন্তু আগতীয়াকৈ জাকাত দিয়াৰ সময়ত জাকাত দিয়াজন নিছাবৰ মালিক হোৱাটো প্ৰয়োজনীয় আৰু বছৰৰ শেষতো নিছাবৰ মালিক হৈ থকাটো প্ৰয়োজনীয়।

নিছাব কাক বোলে:

• যিমানখিনি মাল তথা সম্পত্তি হ’লে জাকাত ফৰজ হয় তাক নিছাব বোলে।

নিছাবৰ পৰিমাণ আৰু বৰ্তমানৰ হিচাপ:

সোনৰ নিছাব বিশ মিছকাল অৰ্থাৎ ছাৰে সাত তোলা। বৰ্তমান সময়ত ইয়াৰ পৰিমাণ তিৰান্নব্বৈ গ্ৰাম তিনিশ বাৰ মিলিগ্ৰাম(৯৩.৩১২ মিলিগ্ৰাম) আৰু ৰূপৰ নিছাব দুশ দিৰহাম অৰ্থাৎ ছাৰে বাৱন্ন তোলা। বৰ্তমান সময়ত ইয়াৰ পৰিমাণ ছয়শ তেৱন্ন গ্ৰাম এশ চৌৰাশী মিলিগ্ৰাম(৬৫৩.১৮৪ মিলিগ্ৰাম)।

(عزمتِ زکات،ص٦٢)

• যদি কোনো ব্যক্তিৰ ওচৰত তিৰান্নব্বৈ গ্ৰাম তিনিশ বাৰ মিলিগ্ৰাম (93.312)সোন অথবা ছয়শ তেৱন্ন গ্ৰাম এশ চৌৰাশী মিলিগ্ৰাম(653.184) ৰূপ বা তাৰ দামৰ পৰিমাণ ধন জমা আছে তেন্তে সেইজনৰ প্ৰতি যাকাত ৱাজিব হ’ব।

• যদি বছৰৰ শেষত তেওঁৰ হাতত নিছাবৰ পৰিমাণ ধন বা সম্পত্তি নাথাকে বা বছৰ শেষ হোৱাৰ আগতেই নিছাব সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় তেন্তে আগতে দিয়া জাকাত নফল বুলি গণ্য কৰা হ’ব কাৰণ জাকাতৰ বাবে নিছাবৰ মালখিনিত পৰিপূৰ্ণ ভাৱে এবছৰ অতিবাহিত হোৱাটো প্ৰয়োজনীয়।

• যিহেতু বছৰ সম্পূৰ্ণ হোৱাৰ আগেয়েই জাকাত দিব পাৰি সেয়েহে ধনী ব্যক্তিয়ে বছৰটোৰ ভিতৰত অলপ অলপকৈ জাকাত আদায় কৰিব পাৰে আৰু বছৰৰ শেষত নিজৰ ওপৰত ওৱাজিব হোৱা জাকাতৰ হিচাপ উলিয়াই যিখিনি আগেয়ে আদায় কৰা হৈছে সেয়া বিয়োগ কৰাৰ পিছত যদি তেওঁৰ জিম্মাত জাকাত বাকী থাকে তেন্তে তৎক্ষণাৎ বাকীখিনি আদায় কৰা হ’ব আৰু যদি সম্পূৰ্ণ হৈছে তেন্তে তেওঁ জাকাত মুক্ত হোৱা বুলি গণ্য কৰা হ’ব।

• বছৰ সম্পূৰ্ণ হোৱাৰ পিছত জাকাত পলমকৈ আদায় কৰা গুণাহ।

• যদি তেওঁ হিচাপতকৈ অধিক জাকাত আদায় কৰিলে তেন্তে পৰৱৰ্তী বছৰৰ জাকাতৰ ধনৰাশি হিচাপে গণ্য কৰাৰ অধিকাৰ তেওঁৰ আছে। – তনৱীৰুল আবস্বাৰত আছে-

(و لو عجل ذو نصاب)زکاته( لسنین او لنصب صح)لوجود السبب

আৰু যদি উপযুক্ত জনে কেইবাবছৰ বা কেইবাটাও নিছাবৰ জাকাত আগতে আদায় কৰিলে তেন্তে কাৰণ উপলব্ধ থকাৰ বাবে শুদ্ধ‌ হ’ব।

(تنویر الابصار و الدرالمختار،ج٣،ص٢٦٢،٢٦٣،مطبوعہ کوئٹہ)

• স্বাদৰুচ শ্বৰীআহ মুফতি মহম্মদ আমজাদ আলী আজমী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে- ধনী (নিছাবৰ মালিকে)ব্যক্তিয়ে আগেয়েই কেইবছৰমানৰ জাকাত দিব পাৰে,গতিকে অলপ অলপকৈ জাকাত দি থকা উচিত। বছৰৰ শেষত যদি জাকাত সম্পূৰ্ণ হয় তেন্তে ঠিক আৰু যদি কিছু বাকী থাকে তেন্তে তৎক্ষণাত আদায় কৰিব লাগে যে বছৰ সম্পূৰ্ণ হোৱাৰ পিছত দেৰি কৰা গুণাহ। ইয়াৰোপৰি বছৰ পূৰ্ণ হোৱাৰ পিছত অলপ অলপকৈ দিয়াৰো অনুমতি নহ’ব বৰং যিখিনি বাকী আছে সম্পূৰ্ণ আদায় কৰিব লাগিব। আৰু যদি তেওঁ অধিক দিছে তেন্তে অহা বছৰৰ জাকাতৰ লগত যোগ কৰিব পাৰে।

(بہار شریعت،ج١،ص٨٩١،مطبوعہ مکتبۃ المدینہ،کراچی)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

Advance জাকাত আদায় কৰিব পাৰিনে ?

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d