দোআ কুনূত নাজানিলে কি পঢ়িব ?

প্ৰশ্নঃ- দোআ কুনূত মনত নাথাকিলে ৱিতিৰৰ নামাজ কি দোআ পঢ়া হ’ব ?

দোআ কুনূত নাজানিলে কি পঢ়িব ?▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- যিজনৰ দোআ কনূত মুখস্থ নাই তেওঁ মুখস্থ কৰাৰ চেষ্টা কৰা উচিত যে এই দোআটোৱেই পঢ়া আমাৰ দয়াৰ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ছুন্নত হয়।
দোআ কুনূত মুখস্থ নোহোৱালৈকে “ৰাব্বানা আ-তিনা ফিদ্দুনয়া হাছানাতাও ৱা ফিল আ’খিৰাতি হাছানাতাও ৱাকিনা’ আজা’বান্নাৰ” পঢ়া কৰক। যদি এইটোৱো মুখস্থ নাথাকে তেন্তে “আল্লাহুম্মাগফিৰলী” তিনিবাৰ পঢ়া কৰক। যদি এয়াও মুখস্থ নাই তেন্তে মাথোঁ “ইয়া ৰাব্বি” তিনিবাৰ পঢ়ক ওৱাজিব আদায় হৈ যাব। আৰু ছহু ছিজদাহৰ প্ৰয়োজন নাথাকিব কাৰণ ইয়াতে কোনো ওৱাজিব পাহৰি এৰা যোৱাই নাই। পৰিচিত দোআ কুনূতটো মুখস্থ নাথাকিলে অইন দোআ পঢ়িব পাৰি। বাহৰুৰ ৰাঈকত আছে:
واتفقوا على أنه لو دعا بغيره جاز
ফকীহ সকল এই কথাত একমত যে যদি কোনোবাই এই(সুপৰিচিত)দুআৰ বাহিৰেও আন দোআ পাঠ কৰে তেন্তে সেয়াও জায়েজ।
(البحر الرائق،کتاب الصلوٰۃ،باب صفة الصلوٰۃ،القنوت فی الوتر،ج١،ص٣١٨،بیروت)

◐ যাৰ দোআ কুনূত মুখস্থ নাই তেওঁ কি পঢ়িব এই বিষয়ে আলোচনা কৰি ফতোৱা শ্বামীত লিখা হৈছে:
من لا یحسن القنوت یقول :رَبَّنَاۤ اٰتِنَا فِی الدُّنْیَا حَسَنَةً وَّ فِی الْاٰخِرَةِ حَسَنَةً وقال ابو اللیث یقول اللٰھم اغفرلی یکررھا ثلاثا وقیل یا رب ثلاثا ذکرہ فی الذخیرۃ
যিজন ব্যক্তিয়ে কুনূতৰ দুআ শুদ্ধকৈ পঢ়িব নোৱাৰে তেওঁ এই দোআ পঢ়ক: “ৰাব্বানা আ-তিনা ফিদ্দুনয়া হাছানাতাও ৱা ফিল আ’খিৰাতি হাছানাহ”। আৰু ফকীহ আবুল লাইছে কৈছে: তেওঁ কওক: তিনিবাৰ “আল্লাহুম্মাগফিৰলী”। আৰু কিছুমানে কৈছে তিনিবাৰ কওক “ইয়া ৰাব্বি”। এয়া উল্লেখ কৰা হৈছে জাখিৰাত।
(ردالمحتار علی الدرالمختار،ج۲،ص٥٣٥،مطبوعہ پشاور)
◐ সুপৰিচিত কুনূতৰ দোআ(আল্লাহুম্মা ইন্না নাছতাঈনুকা)ৰ বাহিৰে অন্য পঢ়িলে ওৱাজিব আদায় হোৱা আৰু ছহু ছিজদাহ কৰিব নলগীয়া সম্পৰ্কে আলা হজৰত ৰাহমাতুল্লাহ আলাইহিয়ে তেওঁৰ ফতোৱাত লিখিছে: নামাজৰ শুদ্ধতাত কোনো কথা নাই। পাহৰি কোনো ওৱাজিব পৰিত্যাগ কৰা হোৱা নাই বাবে ছহু ছিজদাহৰো প্ৰয়োজন নাই। যদি দোআ কুনূত মনত নাই তেন্তে মুখস্থ কৰা উচিত। এয়াই পঢ়া ছুন্নত। আৰু মুখস্থ নোহোৱালৈকে “ৰাব্বানা আ-তিনা ফিদ্দুনয়া হাছানাতাও ৱা ফিল আ’খিৰাতি হাছানাতাও ৱাকিনা’ আজা’বান্নাৰ” পঢ়া হ’ব। যদি এইটো মুখস্থ নাথাকে তেন্তে “আল্লাহুম্মাগফিলী” তিনিবাৰ পঢ়া হ’ব। যদি এয়াও মুখস্থ নাথাকে তেন্তে “ইয়া ৰাব্বি” তিনিবাৰ পঢ়া হ’ব ওৱাজিব আদায় হৈ যাব।
(فتاوٰی رضویہ،ج۷،ص٤٨٥،مطبوعہ رضافاؤنڈیشن،لاهور)
◐ বাহাৰে চৰীয়তত আছে: ৱিতিৰৰ নামাজত কুনূতৰ দোআ পঢ়া ওৱাজিব। কিন্তু তাত নিৰ্দিষ্ট কোনো দোআ পঢ়া ওৱাজিব নহয়। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ পৰা প্ৰমাণিত দোআ পঢ়া উত্তম। তাৰ বাহিৰে অন্য দোআ পঢ়িলেও অসুবিধা নাই।
(بہارِ شریعت،ج۱،ح۴،ص٦٥٤،مکتبۃ المدینہ،کراچی)
• প্ৰসিদ্ধ দোআ কুনূতটো যথাসম্ভৱ মুখস্থ কৰাৰ চেষ্টা কৰি থকা উচিত।

দোআ কুনূত নাজানিলে কি পঢ়িব ?

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁▁▁

ইঞ্জামুল হক মিছবাহী দৰং অসম

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d