খেতি নষ্ট কৰাৰ ফলত জীৱ জন্তুক মাৰিব পাৰিনে
খেতি নষ্ট কৰাৰ ফলত জীৱ জন্তুক মাৰিব পাৰিনে প্ৰশ্নঃ- গৰু ছাগলী ভেড়া আদিয়ে অন্যায়ভাৱে গছ পুলি বা খেতি খায় পেলায়,গৰাকীয়েও এই বিষয়ে কাণ নিদিয়ে ফলত খেতিয়কে বান্ধি থয় বা মাৰে,ঠেং ভাঙি দিয়ে,এনে ক্ষেত্ৰত গুণাহ হ’ব নেকি ?▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- গৰু ছাগলীৰ ঠেং ভাঙি দিয়া বা মাৰি দিয়াৰ অনুমতি নহ’ব কিয়নো দোষ মালিকৰ,এইবোৰ বিবেকহীন নিৰ্দোষী জন্তু। ইহঁতে য’ত সেউজীয়া ঘাঁহনি দেখে তালৈ বুলি আগবাঢ়ে।
• প্ৰশ্নত উল্লেখ কৰা সমস্যাৰ সমাধানৰ বাবে জীৱ- জন্তুক কষ্ট নিদিয়াকৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব যেনে প্ৰশাসনৰ কাষ চপা,ৰাজহুৱা বিচাৰ পাতি তাৰ বিকল্প উলিওৱা বা নিজৰেই খেতি মুকলিকৈ নাৰাখি আনে নষ্ট কৰিব নোৱাৰা কৰি লোৱা ইত্যাদি। নিৰ্দোষী জন্তুক মাৰিলে,ঠেং ভাঙিলে অৱশ্যে গুণাহগাৰ হ’ব।
• যদি খেতিয়কে উক্ত গৰু বা ছাগলীটো খেতি খোৱাৰ কাৰণে বান্ধি থয় তেন্তে উত্তম অৱস্থাত ৰাখিব লাগিব যাতে কোনো কষ্ট নাপায় যেনে আহাৰ পানীৰ যোগান ধৰা ইত্যাদি। এই বিষয়ে হাদিছ শ্বৰীফত আহিছে –
عَنْ أَبِي أُمَامَةَ رضي الله عنه قَالَ: قَالَ رَسُوْلُ اللهِ صلی الله عليه وآله وسلم : مَنْ رَحِمَ وَلَوْ ذَبِيْحَةَ عُصْفُوْرٍ رَحِمَهُ اللهُ يَوْمَ الْقِيَامَةِ
হজৰত আবু উমামাহ ৰদিয়াল্লাহু আনহুৱে বর্ণনা কৰিছে যে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:যিয়েই(কিবা এটাৰ ওপৰত)ৰহম কৰে,যদিও সেয়া চৰাইৰ জবেহ হওঁক,কিয়ামতৰ দিনা আল্লাহে তেওঁৰ ওপৰত ৰহম কৰিব।
(أخرجه الطبراني في المعجم الکبير،٨/٢٣٤،الرقم:٧٩١٥)
• জীৱ জন্তুক কষ্ট দিয়াটো নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে অপছন্দ কৰে। তেওঁ জীৱ জন্তুক মাৰিব মানা কৰিছে যথা হাদিছ শ্বৰীফত আহিছে –
عَنْ هِشَامِ بْنِ زَيْدٍ قَالَ: دَخَلْتُ مَعَ أَنَسٍ رضي الله عنه عَلَی الْحَکَمِ بْنِ أَيُّوْبَ فَرَأَی غِلْمَانًا أَوْ فِتْيَانًا نَصَبُوْا دَجَاجَةً يَرْمُوْنَهَا فَقَالَ أَنَسٌ: نَهَی النَّبِيُّ صلی الله عليه وآله وسلم أَنْ تُصْبَرَ الْبَهَائِمُ. مُتَّفَقٌ عَلَيْهِ
হজৰত হিছাম বিন জাইদ ৰাদ্বিয়াল্লাহু আনহুৱে বর্ণনা কৰিছে যে মই হজৰত আনাছৰ লগত হজৰত হাকাম বিন আয়্যুবৰ কাষত হাজিৰ হওঁ। তেওঁ কিছুমান ল’ৰা বা ডেকাক বান্ধি থোৱা কুকুৰা এটাত কাঁড় মাৰি থকা দেখিছিল। হজৰত আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে জীৱ-জন্তুক বান্ধি মাৰিব মানা কৰিছে।
(صحیح البخاري -٥٥١٣)
যি ব্যক্তিয়ে নিজৰ জীৱ জন্তুক এনেদৰে এৰি দিয়ে যে য’তেই যি পায় খাই ফূৰে,যদি সেয়া ৰাজহুৱা হয় তেন্তে ক’ব লগীয়া নাই কিন্তু ব্যক্তিগত হ’লে মালিক চৰীয়তৰ দৃষ্টিত দোষী সাব্যস্ত হ’ব আৰু গুণাহগাৰ হ’ব।
নিজৰ জীৱ জন্তুৰ পোহপাল দিয়া তাৰ ৰক্ষণাবেক্ষণ দিয়া গৰাকীৰ দায়িত্ব তথা কৰ্তব্য অৱহেলা কৰিলে অৱশ্যে গুণাহগাৰ হ’ব। • হজৰত আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত:
عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا، أَنَّ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، قَالَ: عُذِّبَتِ امْرَأَةٌ فِي هِرَّةٍ حَبَسَتْهَا حَتَّى مَاتَتْ جُوعًا، فَدَخَلَتْ فِيهَا النَّارَ…
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:এগৰাকী মহিলাক আজাব দিয়া হৈছে এটা মেকুৰীৰ কাৰণে যাক তাই ইমান দেৰিলৈকে বান্ধি ৰাখিছিল যে অনাহাৰে মৃত্যুৰ মুখত পৰিছিল। আৰু সেই কাৰণে সেই মহিলাগৰাকী জাহান্নামত যাব লগীয়া হৈছে…।
(صحیح بخاری،٢٣٦٥)
পশু-পক্ষী বা জীৱ-জন্তু পুহিলে তাৰ সমস্ত দায়িত্ব লোৱা: খাদ্যৰ পৰা বেমাৰ-আজাৰলৈকে চোৱা-চিতা কৰা জৰুৰী অন্যথা পোহাৰ অনুমতিয়েই নহ’ব।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
খেতি নষ্ট কৰাৰ ফলত জীৱ জন্তুক মাৰিব পাৰিনে
Advance জাকাত আদায় কৰিব পাৰিনে ? Click here
Follow us on YouTube click here
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments