প্ৰশ্নঃ- মাহেকীয়া হৈ থকা অৱস্থাত সংগম(সহবাস)কৰিব পাৰিনে,তেওঁৰ ৰন্ধা খাব,তেওঁৰ লগত শুব বা উঠা-বহা কৰিব পাৰিনে ?
মাহেকীয়া হৈ থকা মহিলাৰ লগত শুব,উঠা-বহা কৰিব পাৰিনে ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- মাহেকীয়া হৈ থকা অৱস্থাত স্ত্ৰীৰ লগত সংগম(sex)ৰ বাহিৰে সকলো কাম;উঠা-বহা,কথা-বতৰা,খোৱা-বোৱা,শোৱা,তেওঁৰ স্পৰ্শ কৰা বস্তু ইত্যাদি হালাল।
◑ হাদিছ শ্বৰীফত আহিছে: হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত,তেওঁ কয়:
عَنْ عَائِشَةَ قَالَتْ کُنْتُ أَشْرَبُ وَأَنَا حَائِضٌ ثُمَّ أُنَاوِلُهُ النَّبِيَّ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ فَيَضَعُ فَاهُ عَلَی مَوْضِعِ فِيَّ فَيَشْرَبُ وَأَتَعَرَّقُ الْعَرْقَ وَأَنَا حَائِضٌ ثُمَّ أُنَاوِلُهُ النَّبِيَّ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ فَيَضَعُ فَاهُ عَلَی مَوْضِعِ فِيَّ
মই ঋতুস্ৰাৱ অৱস্থাত পানী খাই নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক দিওঁ,তেওঁ নিজৰ পবিত্ৰ মুখ মোবাৰক সেই ঠাইতেই ৰাখিছিল য’ত মই মুখ ৰাখিছিলো তাৰ পিছত পান কৰিছিল। আৰু মই ঋতুস্ৰাৱ অৱস্থাত মাংস থকা হাড় চুপি তেওঁক দিওঁ তাৰ পিছত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে নিজৰ মুখ মোবাৰক মোৰ মুখ ৰখা ঠাইত ৰাখিছিল।
(صحیح مسلم،٦٩٢)
• মাহেকীয়া হৈ থাকিলে বিছনা জোঁকাৰি দিয়া,স্বামীক কোনো কাপোৰ দিয়া,এই সকলো বৈধ। মাহেকীয়া হৈ থকা অৱস্থাত উক্ত মহিলাৰ স্পৰ্শ কৰা বস্তুসমূহ অপবিত্ৰ হৈ নাযায় যথা হাদিছত আহিছে:
عَنْ أَبِي هُرَيْرَةَ قَالَ بَيْنَمَا رَسُولُ اللَّهِ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ فِي الْمَسْجِدِ فَقَالَ يَا عَائِشَةُ نَاوِلِينِي الثَّوْبَ فَقَالَتْ إِنِّي حَائِضٌ فَقَالَ إِنَّ حَيْضَتَکِ لَيْسَتْ فِي يَدِکِ فَنَاوَلَتْهُ
হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত: ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম মছজিদত আছিল। তেওঁ ক’লে: হে আঈশ্বা! মোক এখন কাপোৰ দিয়া। হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাই ক’লে:মোৰ ঋতুস্ৰাৱ(মাহেকীয়া)হৈ আছে। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম ক’লে: তোমাৰ ঋতুস্ৰাৱ তোমাৰ হাতত নাই। এতেকে মই তেওঁক কাপোৰ এখন দিলোঁ।
(صحیح مسلم؛٦٩١)
• আন এটি হাদিছত আহিছে,হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাই কয় ;
عَنْ عَائِشَةَ قَالَتْ کُنْتُ أَغْسِلُ رَأْسَ رَسُولِ اللَّهِ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ وَأَنَا حَائِضٌ
মই ঋতুস্ৰাৱ অৱস্থাত আল্লাহৰ ৰাছুলৰ মূৰ মোবাৰক ধুই দিয়া কৰিছিলোঁ।
(صحیح مسلم:٦٨٨)
• নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ পত্নী হজৰত মাইমূনা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কয়:
عَنْ کُرَيْبٍ مَوْلَی ابْنِ عَبَّاسٍ قَالَ سَمِعْتُ مَيْمُونَةَ زَوْجَ النَّبِيِّ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَتْ کَانَ رَسُولُ اللَّهِ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ يَضْطَجِعُ مَعِي وَأَنَا حَائِضٌ وَبَيْنِي وَبَيْنَهُ ثَوْبٌ
মোৰ ঋতুস্ৰাৱ হৈ থাকোঁতে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম মোৰ লগত শুই আছিল। তেওঁৰ আৰু মোৰ মাজত কাপোৰ থাকে।
(صحیح مسلم:٦٧٢)
• হজৰত আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ বৰ্ণিত:
عَنْ أَنَسٍ أَنَّ الْيَهُودَ کَانُوا إِذَا حَاضَتْ الْمَرْأَةُ فِيهِمْ لَمْ يُؤَاکِلُوهَا وَلَمْ يُجَامِعُوهُنَّ فِي الْبُيُوتِ فَسَأَلَ أَصْحَابُ النَّبِيِّ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ النَّبِيَّ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ فَأَنْزَلَ اللَّهُ تَعَالَی وَيَسْأَلُونَکَ عَنْ الْمَحِيضِ قُلْ هُوَ أَذًی فَاعْتَزِلُوا النِّسَائَ فِي الْمَحِيضِ إِلَی آخِرِ الْآيَةِ فَقَالَ رَسُولُ اللَّهِ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ اصْنَعُوا کُلَّ شَيْئٍ إِلَّا النِّکَاحَ فَبَلَغَ ذَلِکَ الْيَهُودَ فَقَالُوا مَا يُرِيدُ هَذَا الرَّجُلُ أَنْ يَدَعَ مِنْ أَمْرِنَا شَيْئًا إِلَّا خَالَفَنَا فِيهِ فَجَائَ أُسَيْدُ بْنُ حُضَيْرٍ وَعَبَّادُ بْنُ بِشْرٍ فَقَالَا يَا رَسُولَ اللَّهِ إِنَّ الْيَهُودَ تَقُولُ کَذَا وَکَذَا فَلَا نُجَامِعُهُنَّ فَتَغَيَّرَ وَجْهُ رَسُولِ اللَّهِ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ حَتَّی ظَنَنَّا أَنْ قَدْ وَجَدَ عَلَيْهِمَا فَخَرَجَا فَاسْتَقْبَلَهُمَا هَدِيَّةٌ مِنْ لَبَنٍ إِلَی النَّبِيِّ صَلَّی اللَّهُ عَلَيْهِ وَسَلَّمَ فَأَرْسَلَ فِي آثَارِهِمَا فَسَقَاهُمَا فَعَرَفَا أَنْ لَمْ يَجِدْ عَلَيْهِمَا
ইহুদীসকলৰ মাজৰ কোনো মহিলাৰ ঋতুস্ৰাৱ হ’লে সিহঁতে তাইক নিজৰ লগত খাব দিয়া নাছিল আৰু ঘৰত নিজৰ লগত থাকিবও দিয়া নাছিল। চাহাবা সকলে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক এই বিষয়ে নিবেদন কৰাত আল্লাহ পাকে এনেদৰে কয়:
وَيَسْأَلُونَكَ عَنِ الْمَحِيضِ ۖ قُلْ هُوَ أَذًى فَاعْتَزِلُوا النِّسَاءَ فِي الْمَحِيضِ ۖ
(হে নবী)আৰু সিহঁতে তোমাক ঋতুস্ৰাৱ সম্পৰ্কে প্ৰশ্ন কৰে,কোৱা,ই এবিধ অশুচি। এতেকে তোমালোকে মাহেকীয়া অৱস্থাত স্ত্ৰী-সংগমৰ পৰা বিৰত থাকা। এতেকে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: তোমালোকে সংগমৰ(sex)ৰ বাহিৰে সকলো কাম কৰা(ই বৈধ)। ইহুদীসকলে এয়া শুনি ক’লে:এই ব্যক্তিজন(নবী)ৰ উদ্দেশ্য কি যে সকলো কামতে আমাৰ বিৰুধিতা কৰে। এয়া শুনি হজৰত উছাইদ বিন হাদ্বিৰ আৰু উবাদ বিন বিচ্ৰ উপস্থিত হয় আৰু নিবেদন কৰে:হে আল্লাহৰ ৰাছূল! ইহুদীসকলে এনেকুৱা এনেকুৱা কৈ কয়। আমি স্ত্ৰী সকলৰ লগত সংগমেই কৰো নেকি!(অৰ্থাৎ সম্পূৰ্ণ বিৰুধিতা কৰি দিওঁ!),ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ চেহেৰা মোবাৰকৰ ৰূপ সলনি হৈ গ’ল এতেকে আমি ভাবিলো যে সিহঁত দুজনৰ ওপৰত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ খং উঠিছে। সিহঁত দুয়ো বাহিৰলৈ ওলাই গ’ল। সেই সময়ছোৱাত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ওচৰত কিছু গাখীৰ উপহাৰ হিচাপে আগবঢ়োৱা হ’ল। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে সিহঁত দুয়োকে মানুহৰ হতুৱাই মাতি আনি দুগ্ধ পান কৰায় এতেকে আমি বুজি ল’লো যে তেওঁ সিহঁত দুয়োৰ প্ৰতি খং কৰা নাছিল।
(صحیح مسلم؛٦٩٤)
মাহেকীয়া হৈ থকা অৱস্থাৰ কিছু কথা
◑ এনে অৱস্থাত কোনো বস্ত্ৰ তথা কাপোৰ আদি নোহোৱাকৈ পুৰুষে নাৰীৰ শৰীৰৰ নাভিৰ পৰা আঁঠুলৈকে শৰীৰৰ কোনো অংগৰে স্পৰ্শ কৰাটো বৈধ নহয়,যৌনতা থাকক বা নাথাকক। যদি কোনো কাপোৰ থাকে যে শৰীৰৰ তাপ অনুভৱ নহয় তেন্তে কোনো অসুবিধা নাই।
◑ নাভিৰ ওপৰত আৰু আঁঠুৰ তলত স্পৰ্শ কৰিলে বা কোনো ধৰণৰ তৃপ্তি ল’লে কোনো অসুবিধা নাই,তদ্ৰুপ চুম্বন খোৱাও বৈধ।
◑ এনে অৱস্থাত মহিলাগৰাকীয়ে পুৰুষৰ শৰীৰৰ প্ৰতিটো অংগ স্পৰ্শ কৰিব পাৰে।
◑ যদি একেলগে শুলে যৌনতা বৃদ্ধি পোৱা আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ সম্ভাৱনা থাকে তেন্তে একেলগে শুৱা নহ’ব। আৰু সন্দেহৰ প্ৰাধান্য হ’লে একেলগে শুই থকাটো পাপ।
(بہار شریعت،ح۲،حیض و نِفاس کے متعلق احکام)
وَاللہُ اَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُہ اَعْلَم صَلَّی اللّٰہُ تَعَالٰی عَلَیْہِ وَاٰلِہٖ وَسَلَّم
মাহেকীয়া হৈ থকা মহিলাৰ লগত শুব,উঠা-বহা কৰিব পাৰিনে ?
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments