মুৰ্গী হালাল কৰি গৰম পানীত বা জুইত ৰাখিলে হাৰাম হৈ যায় নেকি ?

প্ৰশ্নঃ- হাঁহ মুৰ্গী আদি হালাল কৰাৰ পিছত ভিতৰৰ অংগবোৰ বাহিৰ নকৰাকৈয়ে গৰম পানীত ৰাখিলে বা জুইত পুৰিলে উক্ত মুৰ্গী বা হাঁহটো হাৰাম হৈ যায় নেকি ?


বিছমিল্লাহিৰ ৰসমানিৰ ৰসীম।

উত্তৰঃ- হাঁহ মুৰ্গী আদি যবেহ কৰি ডিঙিত তেজ আৰু পেটত নাড়ী-ভূঁৰী থকা অৱস্থাত গৰম পানীত বা জুইত নাড়ী-ভূঁৰী ঢিলা হৈ বা গলি মাংসৰ লগত মিহলি হৈ যোৱালৈকে ৰাখিলে সম্পূৰ্ণ মাংস নাপাক হৈ যাব। আৰু খোৱাৰ উপযুক্ত হৈ নাথাকিব। যদি পাখিবোৰ (feathers) গুচোৱাৰ উদ্দেশ্যেৰে মাথোঁ ওপৰৰ ছালখন নৰম আৰু গুৰিবোৰ ঢিলা কৰিবলৈ গৰম পানীত বা জুইত কিছুসময় ৰখা হয় আৰু তাৰ প্ৰভাৱ মাংসত নপৰে তেন্তে নাপাক নহয় আৰু এনে অৱস্থাত খাব পৰা যাব, কোনো অসুবিধা নাই।

সাশ্বিয়াতুত্তাসত্বাৱী আলাল মাৰাক্কিল ফালাসত আছে:
لو ألقيت دجاجة حال غليان الماء قبل أن يشق بطنها لتنتف أو كرش قيل أن يغسل إن وصل الماء إلى حد الغليان ومكثت فيه بعد ذلك زمانا يقع في مثله التشرب والدخول في باطن اللحم لا تطهر أبدا…وان لم يصل الماء إلى حد الغليان أو لم تترك فيه إلا مقدار ما تصل الحرارة إلى سطح الجلد لإنحلال مسام السطح عن الريش والصوف تطهر بالغسل ثلاثا كما حققه الكمال.
অৰ্থাৎ গৰম পানীত ৰখাৰ কাৰণে নাপাক পানী মাংসত সোমাই গলে সেয়া সম্পূৰ্ণৰূপত নাপাক হৈ যাব। এনেক্ষেত্ৰত আৰু পাক কৰিব পৰা নাযাব। গৰম পানীত যদি (হাঁহ, মূৰ্গী আদিক) মাথোঁ তাৰ ছালখন বা পাখিৰ গুৰি নৰম ও‌ ঢিলা হ’বৰ‌ বাবে ৰখা হয় (আৰু নাপাক পানী মাংসত সোমাই নাযায়) তেন্তে তিনিবাৰ ধোলেই পাক হৈ যাব। [কিতাবুত্তাহাৰাহ, বাবুল আনজাছি ৱাত্তাহাৰাতি আনহা, পৃষ্ঠা: ১৬১, প্ৰকাশন: দাৰুল কুতুবিল ইল্মিয়্যাহ, বেইৰুট]।

ফতাৱা ফইজুৰ ৰছূলত আছে: শ্বৰীয়ত অনুসৰি মুৰ্গী যবেহ কৰাৰ পিছত তাক গৰম পানীত পেলাই পৰিষ্কাৰ কৰাত কোনো অসুবিধা নাই। [খণ্ড: ২, পৃষ্ঠা: ৪২৮, প্ৰকাশন: দাৰুল ইশ্বাআত]।

হাঁহ-কুকুৰা যবেহ কৰাৰ পিছত নাড়ী-ভূঁড়ী বা ভুঁৰু পৃথক নকৰাকৈয়ে গৰম পানীত সিজাবৰ বাবে ৰাখি থোৱা নহয় বৰং ছালখন নৰম আৰু ঢিলা হ’বলৈহে‌ কিছুসময় ৰখা হয় যাতে পাখিবোৰ গুচোৱাত বা উঘলাত ‌সহজ হয়। ইয়াৰ বাবে কুহুমীয়া পানীয়েই যথেষ্ট। যদি উতলা গৰম পানী হয় তেন্তে হাঁহ মুৰ্গীক তাত সিমান সময়হে ৰখা উচিত যিমান সময়ত তাৰ পাখিৰ গুৰিবোৰ নৰম আৰু ঢিলা হৈ যায়। তাতকৈ বেছি ৰখা নহ’ব। তাৰ পিছত পাখি গুচাই, নাড়ী-ভূঁড়ী পেলাই ভাল দৰে তিনিবাৰ ধোলে যথেষ্ট হ’ব।
মুৰ্গী যেতিয়া পানীত ৰখা হয় তেতিয়া তাৰ ডিঙিত লাগি থকা (বৈ যোৱা মাত্ৰা) নাপাক তেজ পানীত মিহলি হৈ সমস্ত পানীক নাপাক কৰি দিয়ে। তদ্ৰুপ ভিতৰৰ বিষ্ট (পায়খানা) আদিৰেও পানী নাপাক হৈ যায় এনেক্ষেত্ৰত মাংসৰ বাহ্যিক অংশসমূহো নাপাক হৈ যায় কাৰণে তিনিবাৰ ধোৱাৰ আদেশ দিয়া হৈছে। আল্লাহ সৰ্বোত্তম জ্ঞানী।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
✍ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
༺ ৩ শ্বাবান ১৪৪৬ হিজ্‌ৰী, ২ ফেব্ৰুৱাৰী ২০২৫।


Our YouTube channel click here

Hasband & wife Ekeloge Jamat Koribo Parine Click here

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d