স্বামী-স্ত্রী একেলগে ঘৰত জামাত সহকাৰে নামাজ পঢ়িব পাৰিবনে ?
প্ৰশ্নঃ- স্বামী-স্ত্রী একেলগে ঘৰত জামাত সহকাৰে নামাজ পঢ়িব পাৰিবনে ?
বিছমিল্লাহিৰ ৰসমানিৰ ৰাসীম।
উত্তৰঃ- পুৰুষৰ বাবে গ্ৰহণযোগ্য অজুহাত অবিহনে ফৰজ নামাজ ঘৰত পঢ়াৰ অনুমতি নাই। অজুহাত অবিহনে ঘৰতে পঢ়িলে গুণাহগাৰ হ’ব। আৰু মছজিদত জামাতৰ সৈতে পঢ়া নামাজৰ চাৱাব পোৱা নাযাব। যদি কোনো কাৰণত মছজিদত জামাতসহ নামাজ পঢ়িব নোৱাৰিলে তেন্তে ঘৰতে পত্নীৰ লগত জামাতসহ নামাজ পঢ়িব পাৰিব। কিন্তু দুয়ো একে সমানে থিয় হ’ব নোৱাৰিব বৰং স্ত্ৰী স্বামীতকৈ অকণমান পিছত থিয় হ’ব লাগিব। অৰ্থাৎ দুয়োৰে গোৰোহা একে সমানত থাকিলে নামাজ নহ’ব, স্বামীৰ ভৰি অলপ আগত হ’ব লাগিব। এনে ক্ষেত্ৰত দুয়োজনে ইকামত দিব পাৰিব, অৱশ্যে স্বামীয়ে নিজে দি লোৱা ভাল।
আদ্দুৰ্ৰুল মুখতাৰত আছে:
(وَالْجَمَاعَةُ سُنَّةٌ مُؤَكَّدَةٌ لِلرِّجَالِ) قَالَ الزَّاهِدِي: أَرَادُوا بِالتَّأْكِيدِ الْوُجُوبَ اه.
অৰ্থাৎ পুৰুষৰ বাবে জামাতৰ সৈতে নামাজ পঢ়া ৱাজিব আৰু অপৰিহাৰ্য।
ৰদ্দুল মুসতাৰত আছে:
أَنَّ تَرْكَهَا مَرَّةً بِلَا عُذْرٍ يُوجِبُ إثْمًا اه.
অৰ্থাৎ গ্ৰহণযোগ্য অজুহাত অবিহনে, এবাৰ জামাত এৰিলেও ব্যক্তি গুণাহগাৰ হ’ব। অধ্যায়: নামাজৰ বিবৃতি, পৰিচ্ছেদ: ইমামতিৰ আলোচনা, মতলবুন: শ্বুৰুতুল ইমামাতিল কুব্ৰা, খণ্ড: ২, পৃষ্ঠা: ৩৪০, প্ৰকাশন: দাৰুল মাৰিফাহ, বেইৰুট।
হাদীছ শ্বৰীফত আছে:
حَدَّثَنَا النُّفَيْلِيُّ، حَدَّثَنَا أَبُو الْمَلِيحِ، حَدَّثَنِي يَزِيدُ بْنُ يَزِيدَ، حَدَّثَنِي يَزِيدُ بْنُ الْأَصَمِّ، قَالَ: سَمِعْتُ أَبَا هُرَيْرَةَ، يَقُولُ: قَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: لَقَدْ هَمَمْتُ أَنْ آمُرَ فِتْيَتِي فَيَجْمَعُوا حُزَمًا مِنْ حَطَبٍ، ثُمَّ آتِيَ قَوْمًا يُصَلُّونَ فِي بُيُوتِهِمْ لَيْسَتْ بِهِمْ عِلَّةٌ فَأُحَرِّقَهَا عَلَيْهِمْ.
অৰ্থাৎ হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: মই ভাবিছোঁ যে যুৱক সকলক খৰি (Firewood) জমা কৰিবলৈ দিম। তাৰ পিছত মই সেইসকলৰ ঘৰলৈ গৈ সিহঁতক ঘৰৰ সৈতে জুই লগাই দিম, যিয়ে অজুহাত অবিহনে জামাত এৰি ঘৰত নামাজ পঢ়ে। ছুনান আবু দাউদ শ্বৰীফ, অধ্যায়: নামাজৰ বিবৃতি, পৰিচ্ছেদ: জামাত এৰাৰ শাস্তি, হাদীছ নং: ৫৪৯।
হাদীছ শ্বৰীফত আছে:
عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ ، أَنّ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ: صَلَاةُ الْجَمَاعَةِ تَفْضُلُ صَلَاةَ الْفَذِّ بِسَبْعٍ وَعِشْرِينَ دَرَجَةً.
অৰ্থাৎ হজৰত আব্দুল্লাহ বিন ওমৰ ৰাদ্বীয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: জামাতৰ সৈতে নামাজ আদায় কৰা অকলশৰীয়া ভাৱে নামাজ আদায় কৰাতকৈ ২৭ গুণে বেছি ফজিলত ৰাখে। অৰ্থাৎ জামাতৰ সৈতে পঢ়া নামাজত, অকলে পঢ়া নামাজতকৈ ২৭ গুণ বেছি চাৱাব পোৱা যায়। বুখাৰী শ্বৰীফ, অধ্যায়: আজানৰ আলোচনা, পৰিচ্ছেদ: জামাতৰ সৈতে নামাজৰ চাৱাবৰ বিৱৰণ, হাদীছ নং: ৬৪৫।
বাদাইউস্বানাঈত আছে: নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লাম মছজিদত আহি দেখিলে, ইতিপূৰ্বে জামাত আদায় হৈ গৈছে।
فَدَخَلَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ فِي مَنْزِلِ بَعْضِ أَهْلِهِ فَجَمَعَ أَهْلَهُ فَصَلَّى بِهِمْ جَمَاعَةً.
অৰ্থাৎ তেতিয়া তেওঁ নিজৰ পৰিয়ালৰ লোকক লগত লৈ জামাতসহ নামাজ আদায় কৰে। খণ্ড: ১, পৃষ্ঠা: ১৫৩, ফচ্ছলুন: বয়ানু মাসাল্লি ওজুবিল আযান, প্ৰকাশন: দাৰুল কুতুবুল ইল্মিয়্যাহ, বেইৰুট।
ৰদ্দুল মুসতাৰত আছে:
الْمَرْأَةُ إذَا صَلَّتْ مَعَ زَوْجِهَا فِي الْبَيْتِ، إنْ كَانَ قَدَمُهَا بِحِذَاءِ قَدَمِ الزَّوْجِ لَا تَجُوزُ صَلَاتُهُمَا بِالْجَمَاعَةِ، وَإِنْ كَانَ قَدَمَاهَا خَلْفَ قَدَمِ الزَّوْجِ إلَّا أَنَّهَا طَوِيلَةٌ تَقَعُ رَأْسُ الْمَرْأَةِ فِي السُّجُودِ قِبَلَ رَأْسِ الزَّوْجِ جَازَتْ صَلَاتُهُمَا لِأَنَّ الْعِبْرَةَ لِلْقَدَمِ اه.
অৰ্থাৎ স্বামী-স্ত্ৰীয়ে একে সমানে থিয় হৈ জামাত কৰিলে নামাজ নহ’ব। আৰু যদি পত্নীৰ ভৰি, স্বামীৰ ভৰিৰ পিছফালে থাকে তেন্তে নামাজ হ’ব, যদিও পত্নী ওখ হোৱাৰ কাৰণে ছাজদাত মূৰটো স্বামীৰ মূৰৰ সমানত হৈ যায়। কেৱল ভৰি সমানত থাকিব নোৱাৰে। অধ্যায়: নামাজৰ বিবৃতি, মতলবুন: ফিল কালামি আলাস্বাফ্ফিল আওৱাল, খণ্ড: ১, পৃষ্ঠা: ৩৭৯, প্ৰকাশন: দাৰুল মাৰিফাহ, বেইৰুট।
আল বাসৰুৰ ৰাঈকত আছে:
(قَوْلُهُ: لَا لِلنِّسَاءِ) أَيْ لَا يُنْدَبُ لِلنِّسَاءِ أَذَانٌ وَلَا إقَامَةٌ؛ لِأَنَّهُمَا مِنْ سُنَنِ الْجَمَاعَةِ الْمُسْتَحَبَّةِ اه.
অৰ্থাৎ মহিলাৰ বাবে আজান আৰু ইকামত দিয়া মুস্তাহাব নহয়। কাৰণ আজান আৰু ইকামত হৈছে মুস্তাহাব জামাতৰ ছুন্নত। এয়া মহিলাৰ ওপৰত নহয়। অধ্যায়: নামাজৰ বিবৃতি, কুবইলা বাবি শ্বুৰুতিস্বলাহ, খণ্ড: ১, পৃষ্ঠা: ২৮০, প্ৰকাশন: দাৰুল কিতাবুল ইছলামী, বেইৰুট। হয়! নফল বা তাহাজ্জুদ আদি পঢ়াত সমস্যা নাই। আল্লাহ সৰ্বোত্তম জ্ঞানী।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
✍ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
༺ ১৪ জুমাদাল উলা ১৪৪৫ হিজ্ৰী,১৯ নবেম্বৰ ২০২৩
Janazar Namazor Pist Duwa (জানাযাৰ নামাজৰ পিছত দোৱা কৰিব পাৰিনে) Click Here
Our YouTube channel Click here
স্বামী-স্ত্রী একেলগে ঘৰত জামাত সহকাৰে নামাজ পঢ়িব পাৰিবনে ?
Recent Comments