প্ৰশ্নঃ-থিয় হৈ প্ৰস্ৰাৱ কৰিব পাৰিনে,যদি নোৱাৰি তেন্তে নোৱাৰাৰ কাৰণ কি আৰু পাৰিলে তাৰ পদ্ধতি কি? থিয় হৈ প্ৰস্ৰাৱ কৰিব পাৰিনে,যদি নোৱাৰি তেন্তে নোৱাৰাৰ কাৰণ কি আৰু পাৰিলে তাৰ পদ্ধতি কি?
•┄┅┅❂❀﷽❀❂┅┅┈•
উত্তৰঃ- অতি প্ৰয়োজন অবিহনে থিয় হৈ পেচাব কৰা মকৰূহ আৰু অপছন্দনীয় কাম।
ফতাৱা শ্বামীত আছে: و یکرہ أن یبول قائما…بلا عذر اه. অৰ্থাৎ অজুহাত অবিহনে থিয় হৈ পেচাব কৰা মকৰূহ তথা অপছন্দনীয়।(আদ্দুৰুল মুখতাৰ,অধ্যায়:নাপাকি,খণ্ড:১,পৃষ্ঠা:৫৫৭,সংস্কৰণ:জাকাৰিয়া বুক ডিপু)
ফতাৱা আলমগীৰিত আছে:
و یکرہ أن یبول قائما…من غير عذر فإن كان بعذر فلا بأس به اه.
অৰ্থাৎ উপযুক্ত প্ৰয়োজন অবিহনে থিয় হৈ পেচাব কৰিব নালাগে। (আল ফছলুচ্ছালিছ ফিল ইস্তিঞ্জা,খণ্ড:১,পৃষ্ঠা:৫০,সংস্কৰণ:দাৰুল কিতাব)
জৰুৰীকালীন অৱস্থাত থিয় হৈ প্ৰস্ৰাৱ কৰিব পাৰি। আৰু তাৰ পদ্ধতি হ’ল “কোনো ওখ ঠাইত থিয় হৈ শৰীৰত কোনো ছিটিকনি নপৰাকৈ ভালদৰে সতৰ্কতাৰে পেচাব কৰি পানী অথবা কুলুখ বা মাটিৰ টুকুৰা আদি ল’ব লাগে যাতে শৰীৰ,কাপোৰ আদি অপবিত্ৰ নহয়।
থিয় হৈ পেচাব কৰাৰ অনুমতি নোহোৱাৰ কাৰণ সম্পৰ্কে আলা হজৰত ৰাসমাতুল্লাহ আলাইহিয়ে লিখিছে: থিয় হৈ প্ৰস্ৰাৱ কৰিলে চাৰিটা অগ্ৰহনযোগ্য কাম হয়; প্ৰথম: শৰীৰ আৰু কাপোৰৰ ওপৰত ছিটিকনি পৰা,অপ্ৰয়োজনত শৰীৰ আৰু কাপোৰ অপবিত্ৰ কৰা,আৰু এইটো নিষিদ্ধ তথা হাৰাম।দ্বিতীয়: সেই ছিটিকনিৰ দ্বাৰা কবৰৰ আজাব মূৰ পাতি লোৱা। নবী স্বল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: تَنزهُوا مِنْ الْبَوْلِ فَإِنَّ عَامَّةَ عَذَابِ اَلْقَبْرِ مِنْهُ প্ৰস্ৰাৱৰ পৰা সাৱধান হোৱা,কবৰৰ অধিকাংশ শাস্তি ইয়াৰ কাৰণেই হয়।তৃতীয়: থিয় হৈ পেচাব যদি বাটত বা য’ত মানুহ থাকে তাত কৰা হয় তেন্তে সেয়া উলংগতাৰ কাৰণ হ’ব। বহি থকা অৱস্থাত উৰু আৰু আঁঠুৰে লজ্জাস্থান আঁৰ হৈ থাকে। থিয় হৈ পেচাব কৰিলে লজ্জাস্থান উলংগ হয় আৰু এয়া আল্লাহৰ অভিশাপৰ কাৰণ। হাদিছত আছে: لعنَ الله الناظِرَ والمَنظورَ إليه আল্লাহৰ অভিশাপ সেইজনৰ ওপৰত,যিয়ে(লজ্জাস্থান)দেখে আৰু দেখুৱাই। চতুৰ্থঃ এয়া(অৰ্থাৎ থিয় হৈ পেচাব কৰা)হৈছে খ্ৰীষ্টানসকলৰ সাদৃশ্যতা অৱলম্বন আৰু তেওঁলোকৰ নিন্দনীয় পদ্ধতিৰ অনুসৰণ কৰা। (সিহঁতে থিয় হৈ পেচাব কৰে)আৰু সিহঁতৰ অনুকৰণ হৈছে শ্বৰীয়ত বিৰুধী কামত লিপ্ত হোৱা,এয়া জাহান্নামৰ শাস্তিৰ কাৰণ। (ফতাৱা ৰেজৱীয়্যাহ,খণ্ড:৪,পৃষ্ঠা:৫৮৬,৫৮৭,সংস্কৰণ: ৰাজা ফাউণ্ডেশ্বন লাহোৰ)
পৰাপক্ষত ছুন্নত পদ্ধতিৰে ওখ ঠাইত বহি ছিটিকনিৰ পৰা বিৰত থাকি পেচাব কৰিবলৈ চেষ্টা কৰা উচিত।
؎وَاللّٰهُ تَعَالٰى اَعْلَم.
▁▁▁▁▁▁▁▁▁▁▁▁
- ✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
- ༺ ১৬ ৰবিউল আখিৰ ১৪৪৫ হিজ্ৰী,১ নবেম্বৰ ২০২৩
- ছুন্নতৰ কাজা আছেনে – click here
- YouTube channel click here
Recent Comments