পুৰণি ব্যৱহাৰ নোহোৱা কবৰস্থানত ভাড়াৰ দোকান !
প্ৰশ্নঃ- টাউনৰ মাজত থকা মছজিদৰ লগত সংলগ্ন এখন পৰিতাক্ত কবৰস্থানত মছজিদৰ উন্নয়নৰ বাবে ভাড়াৰ দোকান বনাব পাৰিনে উল্লেখ্য যে যোৱা প্ৰায় ৪০ বছৰৰ পৰা কবৰস্থান খন ব্যৱহাৰ নোহোৱাকৈ পৰিতাক্ত অৱস্থাত আছে। অতি দুখেৰে জনাব খুজিছোঁ যে মছজিদ পৰিচালনা সমিতিৰ প্ৰচেষ্টাৰ পিছতো টাউনৰ মাজত থকাৰ বাবে বিভিন্ন সময়ত বিভিন্ন জনে জানি- নাজানি কবৰস্থান খনৰ বেআদবী কৰা পৰিলক্ষিত হৈছে। মেহেৰবানী কৰি মোৰ প্ৰশ্নটোৰ উত্তৰ দিব বুলি আশা ৰাখিলোঁ ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ– উৎসৰ্গিত কবৰস্থানত ভাড়াৰ দোকান বনোৱা নাজায়েজ আৰু গুণাহ; কাৰণ এনে ক্ষেত্ৰত উৎসৰ্গিত বস্তু পৰিৱৰ্তন আৰু মুছলমানৰ কবৰক অসন্মান কৰা হ’ব। যি বস্তু যিটো উদ্দেশ্যত উৎসৰ্গা কৰা হয় সেইটো সলনি কৰি অন্য উদ্দেশ্যত ব্যৱহাৰ কৰা নিষিদ্ধ,সেয়েহে মছজিদ বা মাদ্ৰাছাক কবৰস্থান বনোৱা নাযাব আৰু কবৰস্থানক মছজিদ,মাদ্ৰাছা বা দোকান বনোৱা নাযাব।
হাদিছ শ্বৰীফত আহিছে: لايجوز تغير الوقف উৎসৰ্গিত বস্তুৰ পৰিৱৰ্তন জায়েজ নহয়।
ফতোৱা শ্বামীত আছে: الواجب ابقاء الوقف على ما كان عليه
উৎৰ্সগিত বস্তু আচল অৱস্থাত ৰখা ওৱাজিব। • ৰদ্দুল মুহতাৰ,কিতাবুল ৱাক্ফ:৩/৩৮৯,বেইৰুট।
ফতোৱা আলমগিৰিত আছে: لا يجوز تغير الوقف عن هيئته
উৎৰ্সগিত বস্তুক নিৰ্দিষ্ট ৰূপৰ পৰা পৰিৱৰ্তন কৰা বৈধ নহয়। • আলমগিৰী:কিতাবুল ৱাক্ফ,ফিল মুতাফাৰ্ৰিকাত -২/৪৯০,নুৰানী কুতুবখানা পেশ্বাৱৰ।
মুহীতুল বুৰহা’নীত আছে-
سئل القاضي الإمام شمس الإسلام محمود الأوز جندي عن مسجد لم يبق له قوم وخرب ما حوله واستغنى الناس عنه،هل يجوز جعله مقبرة ؟ قال: لا. وسئل هو أيضاً عن المقبرة في القرى إذا اندرست ولم يبق منها أثر الموتى لا العظم ولا غيره. هل يجوز زراعتها واستغلالها ؟ قال: لا، ولها حكم المقبرة.
কাজী ইমাম শ্বামছু ইছলাম মাহমুদ আল আউজ জুণ্ডীক এনে এটা মছজিদৰ বিষয়ে সোধা হৈছিল য’ত মানুহ নাথাকে আৰু ইয়াৰ চৌপাশ ধ্বংস কৰি দিয়া হৈছে। মছজিদটো মানুহৰ তত্ত্বাৱধানত নাই,ইয়াক কবৰস্থানত পৰিণত কৰা যাব নেকি ? তেওঁ নোৱাৰি বুলি ক’লে। লগতে তেওঁক গাঁৱে-ভূঞে থকা এখন কবৰস্থানৰ কথা সোধাঁ হ’ল,যিখন ধ্বংস কৰি দিয়া হৈছে,য’ত মৃতকৰ কোনো লেখ-জোখ আনকি হাড় বা আন একোৱেই চিন- চাব নাই,ইয়াক খেতি বা অন্য কোনো শস্য উৎপাদনৰ কামত ব্যৱহাৰ কৰা যাব নেকি ? তেওঁ ক’লে: নাই,নোৱাৰি এতিয়াও এয়া কবৰৰ অৰ্ন্তভুক্ত হৈয়ে আছে। • মুহীতুল বুৰহা’নী, কিতাবুল ৱাক্ফ,ফিল মুতাফাৰ্ৰিকাত:২/৩৯০,দাৰুল ফিক্ৰ।
ফতহুল কাদীৰত আছে:الواجب ابقاء الوقف علی ماکان علیہ۔
উৎৰ্সগিত বস্তু পৰিৱৰ্তন নকৰাকৈ ৰখা ওৱাজিব। • ফতহুল কাদীৰ:কিতাবুল ৱাক্ফ,৫/৪৪০
ফতোৱা ৰেজৱীয়্যাহত আছে: নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কবৰৰ ওপৰত বহিব,তাৰ ওপৰত ভৰ দিব আৰু তাত জোতা পিন্ধি খোজ কাঢ়িব নিষেধ কৰিছে। উলামাসকলে কবৰস্থানৰ মাজেৰে বনোৱা পথত খোজ কঢ়াটো নিষেধ বুলি কৈছে যে কবৰৰ ওপৰত ভৰি নাৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। আনকি তাৰ ওচৰত শুবও নালাগে,ছুন্নত হ’ল যে জিয়াৰতৰ সময়তো তাত বহিব নালাগে বৰঞ্চ আদবৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ওচৰলৈয়ো যাব নালাগে,দূৰৰ পৰাই জিয়াৰত কৰিব লাগে। আৰু কবৰস্থানৰ শুকান ঘাঁহ যদি জন্তুটোক খুৱাব পৰা যায়,কিন্তু সেয়া কাটি লৈ যোৱা উচিত,কবৰস্থানত জীৱ-জন্তুবোৰ চৰাব নালাগে। আৰু এই কথা স্পষ্ট কৰি দিয়া হৈছে যে মুছলমান জীৱিত হওঁক অথবা মৃত উভয় অৱস্থাতেই সন্মানৰ পাত্ৰ। যাৰ দ্বাৰা জীৱিতই কষ্ট পায় ঠিক একেদৰে মৃতয়ো কষ্ট পায়। আৰু তেওঁলোকক আঘাত দিয়াটো হাৰাম বা নিষিদ্ধ। এতেকে নিজেই স্পষ্ট হৈ পৰিল যে প্ৰশ্নটোত উল্লেখ কৰা এই কাৰ্য কিমান অগ্ৰহণীয়,অসন্মানীয়,গুণাহৰ কাৰণ আৰু শাস্তিৰ যোগ্য। যেতিয়া ঘৰ বনোৱা হ’ব তেতিয়া তাত খোৱা,শোৱা,চলা-ফুৰা কৰা,কবৰ ভৰিৰে গচকা,তাত শৌচ- পেচাব,সহবাস সকলো হ’ব আৰু মুছলমানৰ কষ্টৰ বা আঘাতৰ কোনো দিশ বাকী নাথাকিব। (গতিকে বৈধতাৰ কোনো পথ নাই) • ফতোৱা ৰেজৱীয়্যাহ:৯/৪৫৩,ৰিছালা -ইহ্লাকুল ৱাহাবিয়্যিনা আলা তওহীনি কুবুৰিল মুছলিমিন,ৰাজা একাডেমী,মুম্বাই।
স্বদৰুশ্বৰীয়াহ মুফ্তি আমজাদ আলি আয্মী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে: মুছলমানৰ কবৰস্থান য’ত কবৰৰ চিহ্ন আনকি হাড়ৰ চিন-চাবো নোহোৱা হৈ পৰিছে তথাপিও তাত খেতি কৰা বা ঘৰ বনোৱা জায়েজ নাই। এতিয়াও সেয়া কবৰস্থানেই হৈ আছে আৰু কবৰৰ সমস্ত আদব তাত অৱলম্বন কৰা হ’ব।
ফিকাহবিদ সকলৰ এই স্পষ্ট মতৰ পৰা প্ৰমাণিত হ’ল যে প্ৰশ্নত উল্লেখ কৰা মতে মছজিদৰ উন্নয়নৰ বাবে কবৰস্থানত ভাড়াৰ দোকান বনোৱা অবৈধ আৰু গুণাহ। কবৰস্থানৰ সন্মান বজাই ৰখাটো কৰ্তৃপক্ষৰ দায়িত্ব অন্যথা আল্লাহৰ ওচৰত জবাবদিহি হ’ব লাগিব।পুৰণি ব্যৱহাৰ নোহোৱা কবৰস্থানত ভাড়াৰ দোকান পুৰণি ব্যৱহাৰ নোহোৱা কবৰস্থানত ভাড়াৰ দোকান
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
জানাজাৰ নামাজৰ পিছত দোৱা – click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments