ছুন্নতৰ কাজা আছেনে

ছুন্নতৰ কাজা আছেনে

প্ৰশ্নঃ- যিজন ব্যক্তিৰ ফজৰ কাজা হৈ গ’ল আৰু তেওঁ তাৰ কাজা সিদিনাখনেই পঢ়িব বিচাৰিলে,এতিয়া কেৱল ফৰজৰ কাজা পঢ়িলেই হ’ব নে লগতে ছুন্নতৰো কাজা পঢ়িব লাগিব ?▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- ফজৰৰ নামাজ কাজা হোৱাৰ পিছত সিদিনাই দ্বিপ্ৰহৰ(আনুমানিক ১১:৩০ৰ)আগতেই পঢ়িব বিচাৰিলে ছুন্নতৰো কাজা কৰক আৰু দ্বিপ্ৰহৰৰ পিছত পঢ়িলে ছুন্নতৰ কাজা নাই। ফতোৱা আলমগিৰীত আছে:

والسنن إذا فاتت عن وقتها لم يقضها إلا ركعتي الفجر إذا فاتتا مع الفرض يقضها بعد طلوع الفجر الي وقت الزوال ثم يسقط

আৰু ছুন্নতসমূহ নিৰ্ধাৰিত সময়ৰ পৰা কাজা হৈ গ’লে তাৰ কাজা নাই কিন্তু যদি ফজৰৰ ছুন্নত ফৰজৰ সৈতে কাজা হয় তেতিয়াহলে সূৰ্য উদয় হোৱাৰ পিছৰ পৰা দ্বিপ্ৰহৰৰ আগলৈ ছুন্নতৰ কাজা কৰা যাব তাৰ পিছত নহয় অৰ্থাৎ দ্বিপ্ৰহৰ পিছত ছুন্নতৰ কাজা নাই। • ফতোৱা আলমগিৰী: ১/১১২

বাহাৰে চৰীয়তে আছে দ্বিপ্ৰহৰৰ আগতে ফজৰৰ কাজা পঢ়িলে ছুন্নতো পঢ়িব আৰু তাৰ পিছত নালাগে। বাহাৰে চৰীয়ত: ১/৬৬৪

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

জানাজাৰ নামাজৰ পিছত দোৱা  – Click here 

আমাৰ ইউটিউব চেনেল click here 

ছুন্নতৰ কাজা আছেনে

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d