শহুৰ শাহুক মা-বাবা বুলি সম্বোধন কৰিব পাৰিনে

প্ৰশ্নঃ- শহুৰ শাহুক মা-বাবা বুলি সম্বোধন কৰিব পাৰিনে ? (হাদিছত আনক পিতৃ বুলিব মানা কৰা হৈছে নেকি)

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- শহুৰ শাহুক মা-বাবা বুলি সম্বোধন কৰিব পাৰি বৰং বোলাটো অতি পছন্দনীয় আৰু মা-বাবা বোলা উচিত।

শাহু আৰু শহুৰক মা,বাবা বুলি সম্বোধন কৰাত চৰীয়তৰ দৃষ্টিত কোনো সমস্যা নাই। হাকিমুল-উম্মত মুফতি আহমদ য়াৰ খান নাঈমি ৰাহমাতুল্লাহ আলাইহিয়ে কৈছে: মনত ৰাখিব যে এজন মানুহৰ এই পৃথিৱীত চাৰিজন পিতৃ আছে: এজন তেওঁৰ জন্মদাতা পিতৃ,দ্বিতীয়জন তেওঁৰ শহুৰ,তৃতীয়জন তেওঁৰ গুৰু বা শিক্ষক আৰু চতুৰ্থজন হৈছে তেওঁৰ পীৰ(সত্য পথ প্ৰদৰ্শক)। যদি কোনোৱে নিজৰ শহুৰেকক গালি পাৰে তেন্তে বুজি লওক যে তেওঁ নিজৰ পিতৃক গালি পাৰিলে। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: অতি সফল ব্যক্তি হ’ল সেইজন,যাৰ পত্নী আৰু সন্তান তেওঁৰ ওপৰত সন্তুষ্ট হয়।(اسلامی زندگی،ص,۶۸ ۶۹,مکتبتہ المدینہ،دعوت اسلامی)

হাদিছ শ্বৰীফত যি নিষেধাজ্ঞা আহিছে সেয়া নিজ পিতৃৰ স্থান আনক দিয়া সম্পৰ্কে,সম্বোধন কৰা সম্পৰ্কে নহয়,নহ’লে সৰু ল’ৰা ছোৱালীকো মৰমতে বাবা মা বোলা নাযাব। ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:-

عَنْ سَعْدِ بن أَبي وقَّاصٍ أنَّ النبيَّ ﷺ قالَ: مَن ادَّعَى إِلَى غَيْرِ أبِيهِ وَهُوَ يَعْلَمُ أنَّهُ غَيْرُ أبِيهِ فَالجَنَّةُ عَلَيهِ حَرامٌ. متفقٌ عليهِ.

যিজনে নিজ পিতৃৰ পৰিচয় জনা সত্বেও আনক পিতৃ বুলি পৰিচয় দিয়ে‌ তেন্তে তাৰ ওপৰত জান্নাত হাৰাম। (বোখাৰী-৬৭৬৬)

নোট: হাদিছৰ প্ৰকৃত ভাবাৰ্থ,তাৰ উদ্দেশ্য নুবুজাকৈয়ে আনক শিকাব গ’লে নিশ্চয় জাহান্নামৰ পথ মুকলি হ’ব সেয়ে ইয়াৰ পৰা আঁতৰি থকা উচিত।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

মিছা কথা ক’লে অজু ভংগ হয় নেকি – click here 

আমাৰ ইউটিউব চেনেল click here 

শহুৰ শাহুক মা-বাবা বুলি সম্বোধন কৰিব পাৰিনে

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d