প্ৰশ্নঃ- মিছা কথা ক’লে অজু ভংগ হয় নেকি ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- মিছা কোৱাটো এটা গুৰুতৰ পাপ আৰু হাৰাম।
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: মিছাৰ পৰা সাৱধান হোৱা,নিশ্চয় মিছা কথাই পাপলৈ লৈ যায় আৰু পাপে জাহান্নামলৈ যায়। (আবু দাউদ:২/৩৩৯) মিছা কথাৰ পৰা আঁতৰি থকা আৰু সত্যক আকোঁৱালি লোৱাটো প্ৰতিজন মুছলমানৰ দায়িত্ব। কোনো ক্ষেত্ৰতেই মিছা কোৱাৰ অনুমতি নাই কিন্তু চৰীয়তে প্ৰয়োজনত তিনি ঠাইত অনুমতি প্ৰদান কৰিছে। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:
لاَ يَحِلُّ الْكَذِبُ إِلاَّ فِي ثَلاَثٍ يُحَدِّثُ الرَّجُلُ امْرَأَتَهُ لِيُرْضِيَهَا وَالْكَذِبُ فِي الْحَرْبِ وَالْكَذِبُ لِيُصْلِحَ بَيْنَ النَّاسِ ”
তিনিটা ক্ষেত্ৰ ব্যতীত মিছা কোৱা বৈধ নহয়;১)স্বামীয়ে পত্নীক সন্তুষ্ট কৰাৰ উদ্দেশ্যেৰে কিবা এটা অবাস্তৱিক কোৱা। ২) যুদ্ধৰ ময়দানত। ৩) মানুহৰ মাজত পাৰস্পৰিক বিচ্ছিন্ন সম্পৰ্ক জীয়াই তুলিবলৈ।(তিৰমিজি:১৯৩৯) এই বিষয়ে ফতোৱা শ্বামীত আছে: দুজনৰ মাজত পাৰস্পৰিক বিচ্ছিন্ন সম্পৰ্ক জীয়াই তুলিবলৈ বা স্ত্ৰীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে অবাস্তৱিক কথা ক’ব পাৰি(যেনে দুয়োৰে এজনে যদি আনজনক কয় যে মই তোমাক বহুত ভাল পাওঁ যদিও সেইটো কোৱা ব্যক্তিজনৰ হৃদয়ত মৰম নাথাকে।
মন কৰিবলগীয়া যে এনে ক্ষেত্ৰতো কোনো ডাঙৰ মিছা কথা ক’ব নালাগে বৰঞ্চ এনে এটা শব্দ ক’ব লাগে যিটো স্পষ্ট মিছা নহয় আৰু উদ্দেশ্যও সাধন হয়।)(الدر المختار:٦/٤٢٧،ط: سعید)
• মিছা ক’লে অজু ভংগ নহয় কিন্তু তাৰ উজ্জ্বলতা বা তাৰ নূৰ গুচি যায়। মিছা কোৱাৰ পিছত পুনৰাই অজু কৰা মোস্তাহাব। প্ৰসিদ্ধ গ্ৰন্থ নূৰুল ইদ্বাহত আছে:
الوضوء مندوب…. للنوم على طهارة و استيقظ منه _ وكذب…..
শোবৰ কাৰণে আৰু শুই উঠি অজু কৰা মোস্তাহাব। এনেদৰেই মিছা কথা ক’লে অজু কৰা মোস্তাহাব। • নূৰুল ইদ্বাহ:২৪
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
• নামাজ সম্পৰ্কীয় চল্লিশ হাদিছ। Click here
• আমাৰ ইউটিউব চেনেল click here
মিছা কথা ক’লে অজু ভংগ হয় নেকি
Recent Comments