চল্লিশ হাদিছ

নামাজৰ বিষয়ে চল্লিশটা গুৰুত্বপূৰ্ণ হাদীছ

Forty essential hadiths about Namaz

তৃতীয় চল্লিশটা হাদিছ অসমীয়া ভাষাত – চল্লিশটা হাদিছৰ প্ৰচাৰত বহুতো চোৱাব হাদিছত উপলব্ধ আৰু নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ সু-সংবাদ। পূৰ্বৰ বিদ্বান লোকসকলৰ,অলী আউলিয়া সকলৰ,চাহাবাৰ অভ্যাস আছিল এয়া,কিয়নো এই সম্পৰ্কে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে জান্নাতৰ আৰু বিচাৰৰ দিনা চহীদৰ শাৰীত থিয় হোৱাৰ সু-সংবাদ দিছে। সেয়ে‌ চোৱাবৰ আশাত ময়ো আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ মৰমৰ চল্লিশটা ইছলামৰ মূল খুঁটি নামাজ সম্পৰ্কীয় চল্লিশটা হাদিছ লিখি এখনি চুটি পুস্তিকা তৈয়াৰ কৰিছোঁ। ইয়াৰ চোৱাব মোৰ এগৰাকী বিশেষ বন্ধুৰ পিতৃলৈ উৎৰ্সগা কৰিলোঁ। আল্লাহ পাকে কবুল কৰক। আৰু এইসমূহ হাদিছক আমাৰ সকলোৰে জীৱনত কাৰ্যকৰী কৰাৰ ক্ষমতাও দান কৰক। আ-মী-ন।

নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছেঃ– সকলাে কামৰ ফলাফল নির্ভৰ কৰে নিয়্যতৰ ওপৰত,আৰু প্রত্যেক ব্যক্তিয়ে সেইটোৱেই পায়,যিটো সি নিয়্যত কৰিছে।” (ছহীহ আল-বুখাৰী:১,ছহীহ মুছলিম:১৯০৭)

১)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছেঃ- নিশ্চয়কৈ সৰ্বপ্ৰথম বান্দাৰ পৰা যিটো বস্তুৰ হিচাব লোৱা হ’ব সেইটো হৈছে নামাজ। যদি নামাজ শুদ্ধ হয় তেন্তে বান্দাৰ সকলো কৰ্ম শুদ্ধ হ’ব আৰু যদি নামাজ শুদ্ধ নহয় তেন্তে বাকী সকলো কৰ্ম শুদ্ধ নহ’ব।(তাবৰানী:{মোঅজামুল আওছাত}২/২৪০-১৮৫৯)

২)হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৱে কয়: মই নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কোৱা শুনিছোঁ: কিয়ামতৰ দিনা বান্দা সৰ্বপ্ৰথম যিটো কামৰ বাবে জবাবদিহি  হ’ব লাগিব সেইটো হৈছে নামাজ। যদি সেয়া সঠিক হয় তেন্তে তেওঁ সফল হ’ব আৰু পৰিত্ৰাণ পাব। আৰু সঠিক নহ’লে তেওঁ অসাৰ বা ব্যৰ্থ হৈ পৰিব আৰু ক্ষতিৰ সন্মুখীন হ’ব। এই বান্দাৰ ফৰজসমূহত যদি কিবা অভাৱ হয় তেন্তে আল্লাহ পাকে ক’ব: মোৰ বান্দাৰ কোনো নফল নামাজ আছে নেকি চোৱা ?তেতিয়া ইয়াৰ দ্বাৰা ফৰজৰ ক্ষতি পূৰণ কৰা হ’ব। তাৰ পিছত সকলো কাৰ্যৰ হিচাপ একে ধৰণে কৰা হ’ব।(ছুনান নাছাঈ:১/২৩২:৪৬৫-৪৬৭)

৩)হজৰত আব্দুল্লাহ ইবনে মছঊদ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,তেওঁ কয়; মই নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক সুধিলোঁ:কোনটো কৰ্ম আল্লাহৰ বেছি প্ৰিয়? তেওঁ ক’লে: নিৰ্ধাৰিত সময়ত নামাজ আদায় কৰা।(মই সুধিলোঁ)তাৰ পিছত কোনটো? তেওঁ ক’লে:পিতৃ মাতৃৰ লগত ভাল ব্যৱহাৰ কৰা। মই কলোঁ:তাৰ পিছত কোনটো? তেওঁ ক’লে:আল্লাহৰ ৰাস্তাত জিহাদ কৰা। হজৰত আব্দুল্লাহ ইবনে মছঊদ ৰাদ্বীয়াল্লাহু আনহুই কয়: নবী আলাইহিচ্ছালামে মোক এইখিনি কৈছে,যদি মই আৰু জানিব ইচ্ছা কৰিলোঁ হৈ তেন্তে তেওঁ মোক আৰু বেছিকৈ জনালে হেঁতেন।(বোখাৰী -১/১৯৮:৫০৪)

৪)নবীয়ে ﷺ কৈছেঃ- ৰাতি আৰু দিনৰ ফিৰিস্তা তোমালোকৰ ওচৰলৈ পাল পাতি আহি থাকে,আৰু ফজৰ আৰু আছৰ নামাজৰ সময়ত তেওঁলোক একত্ৰিত হয়। তাৰ পিছত যেতিয়া তোমালোকৰ লগত থকা ফিৰিস্তা সকল ওপৰলৈ আৰোহণ কৰে,আৰু তেওঁলোকক প্ৰতিপালকে সোধে যদিও তেওঁ (নিজৰ বান্দাক)ভালদৰে চিনি পায়: তোমালোকে মোৰ বান্দাসকলক কি অৱস্থাত এৰি আহিছা? তেওঁলোকে কয়; যেতিয়া আমি ৰাওঁনা হৈছোঁ তেতিয়া তেওঁলোকে নামাজ পঢ়ি আছিল। আৰু যেতিয়া তেওঁলোকৰ কাষ পাইছিলো তেতিয়াও নামাজ পঢ়ি আছিল।(বোখাৰী-১/২০৩-৫৩০)

৫)হজৰত আবু যৰ্‌ ৰাদ্বিয়াল্লাহু আনহুৱে কয়: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে মোৰ কৰঙণত থাপৰ মাৰি কয়: তুমি যেতিয়া এনেকুৱা লোকৰ মাজত থাকিবা যিয়ে নামাজ নিৰ্ধাৰিত সময়তকৈ পলমে আদায় কৰিব,তেতিয়া কি কৰিবা ? হজৰত আবু যৰ্‌ ৰাদ্বিয়াল্লাহু আনহুৱে কয়:মই নিবেদন কৰিলোঁ: আপুনি এই বিষয়ে কি আদেশ দিয়ে? তেওঁ ক’লে:নামাজ নিৰ্ধাৰিত সময়ত আদায় কৰি ল’বা তাৰ পিছত নিজৰ কামত গুচি যাবা। যদি তুমি মছজিদত থকা অৱস্থাত জামাত আৰম্ভ হয় তেন্তে তুমিওঁ(জামাতত নামাজ)আদায় কৰি ল’বা।(ছুনান নাছাঈ:২/১১৩-৮৫৯)

৬)নবীয়ে ﷺ কৈছে:– (পৰাপক্ষত দ্বীনৰ শাখাবোৰত)অটল থাকা,যদিও তুমি সেইবোৰ কেতিয়াও সীমাবদ্ধ কৰিব নোৱাৰিবা। আৰু এই কথা জানি থোৱা যে তোমালোকৰ সকলো কৰ্মৰ ভিতৰত উত্তম কৰ্ম হৈছে নামাজ। আৰু মুমিনৰ বাহিৰে কোনো ব্যক্তিয়েই অটল ৰূপে অজুৰ সৈতে নাথাকে।(মুছনাদ আহমদ বিন হাম্বল:৫/২৮২-২২৪৮৯)

৭) নবীয়ে ﷺ কৈছেঃ- আল্লাহ পাকে কৈছে: মই তোমাৰ উম্মতৰ ওপৰত পাঁচ ওৱাক্তৰ নামাজ ফৰজ কৰিছোঁ। আৰু মই মোৰ ওচৰত চুক্তি বলৱৎ কৰি ৰাখিছোঁ যে যিয়ে নামাজ তাৰ নিৰ্ধাৰিত সময়ত আদায় কৰিব তাক জান্নাতত প্ৰৱেশ কৰাম আৰু যিয়ে সময়ত আদায় নকৰিব তাৰ প্ৰতি মোৰ কোনো প্ৰতিশ্ৰুতি নাই(যে মই তাক শাস্তি দিওঁ নে ক্ষমা কৰোঁ)।(আবু দাউদ –১/১১৭-৪৩০)

৮)হজৰত ওমৰ লাইছী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবীয়ে ﷺ অন্তিম হজ্জ(হজ্জাতুল ৱিদা বা আলবৱদায়ি হজ্জ)ৰ প্ৰেক্ষাপটত কৈছে: নিশ্চয় আল্লাহৰ অলীসকল নামাজি হয়। আৰু সেই ব্যক্তিয়ো আল্লাহৰ অলী হয় যিয়ে আল্লাহে তেওঁৰ বান্দাৰ ওপৰত ফৰজ কৰা নামাজ সমূহ নিয়মিতভাৱে(regularly)আদায় কৰে,চোৱাবৰ আশাত ৰমজানৰ ৰোজা ৰাখে,সুখী মনেৰে পুণ্যৰ কাম্য কৰি জাকাত আদায় কৰে আৰু আল্লাহে মানা কৰি থোৱা কবিৰা(ডাঙৰ)গুণাহসমূহৰ পৰা আঁতৰি থাকে।(আল মুস্তাদৰাক:১/১২৭-১৯৭)

নামাজৰ পৰা পাঁচ কেনেকৈঃ
৯)হজৰত আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কয় হজৰত আবু যৰে বৰ্ণনা কৰে যে নবীয়ে ﷺ কৈছে,তাৰ পিছত এটি দীঘলীয়া হাদিছ বয়ান কৰে যাৰ কিছু অংশ হৈছে(চবে মেৰাজত)আল্লাহ পাকে মোৰ উম্মতৰ ওপৰত পঞ্চাশ নামাজ ফৰজ কৰে,সেয়া লৈ উভতি আহোঁতে মুছা আলাইহিচ্ছালামৰ কাষ পোৱাত তেওঁ কয়: আপোনাৰ খাতিৰত আল্লাহ পাকে আপোনাৰ উম্মতৰ ওপৰত কি ফৰজ কৰিলে? মই কলোঁ পঞ্চাশ নামাজ। মুছা আলাইহিচ্ছালামে ক’লে: আপুনি আল্লাহৰ ওচৰত উভতি যাওক কাৰণ ইয়াক আদায় কৰাৰ শক্তি আপোনাৰ উম্মতৰ নাই। তেওঁ মোক উভতাই পঠিয়াই আৰু (মোৰ অনুৰোধত)আল্লাহে তাৰ এটা অংশ কম কৰে। মই মুছা আলাইহিচ্ছালামৰ ওচৰত আহিলো আৰু কলো আল্লাহে এটা অংশ কম কৰিছে। তেওঁ ক’লে: আপুনি আল্লাহৰ বাৰগাহত আকৌ যাওক কাৰণ আপোনাৰ উম্মতৰ (ইমান নামাজ পঢ়াৰ) শক্তি নহ’ব। মই আল্লাহৰ ওচৰত গ’লো,আল্লাহে তাৰ আৰু এটা অংশ কমাই দিয়ে। মই তেওঁৰ(মুছাৰ)ওচৰত আহিলো তেওঁ আকৌ ক’লে: আপোনাৰ প্ৰতিপালকৰ ওচৰত যাওক কাৰণ আপোনাৰ উম্মতৰ এয়া আদায়ৰ ক্ষমতাও নাই। মই উভতি আল্লাহৰ বাৰগাহত উপস্থিত হওঁ,তেতিয়া তেওঁ ক’লে: এয়া দেখাত পাঁচ(নামাজ)কিন্তু(চোৱাবৰ ক্ষেত্ৰত)পঞ্চশৰ সমান। মোৰ দৃষ্টিত কথা পৰিৱৰ্তন নহয়। মই মুছা আলাইহিচ্ছালামৰ ওচৰত আহিলো তেওঁ ক’লে : আপুনি আল্লাহৰ বাৰগাহত যাওক (আৰু কম কৰাৰ অনুৰোধ কৰক) মই কলোঁ:এতিয়া মই আল্লাহৰ ওচৰত যোৱাত লজ্জা বোধ কৰিছোঁ। তাৰ পিছত (জিব্ৰাঈলে)মোক লৈ গ’ল এতেকে ছিদৰাতুল মুনতাহা পালোঁ,যাক ভিন্ন ৰঙেৰে আৱৰি থোৱা হৈছিল। নাজানো কি আছিল সেয়া। তাৰ পিছত মোক জান্নাতত প্ৰৱেশ কৰোৱা হ’ল য’ত মুকুতাৰ গম্বুজ আছে আৰু তাৰ মাটি কস্তুৰী(মুশ্ব্ক)ৰ হয়।(বোখাৰী:১/১৩৬-৩৪৬)

১০)হজৰত আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,তেওঁ কয়: মেৰাজৰ ৰাতি নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ওপৰত পঞ্চাশ নামাজ ফৰজ কৰা হৈছিল তাৰ পিছত কম কৰি পাঁচ কৰি দিয়া হৈছে। তাৰ পিছত কোৱা হৈছে: হে মোহাম্মদ! মোৰ ইয়াত কোনো কথা পৰিৱৰ্তন নহয়। তোমাৰ বাবে (আৰু তোমাৰ খাতিৰত তোমাৰ উম্মতৰ বাবে) এই পাঁচ নামাজত পঞ্চাশ নামাজৰ চোৱাব ৰখা হৈছে। (মুছনাদে আহমদ বিন হাম্বল:৩/১৬১:১২৬৬২, তিৰমিজি:১/৪১৭:২১৩)

১১)হজৰত আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বীয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: ইছলাম পাঁচটা বস্তুৰ ওপৰত আধাৰিত; এই কথাৰ প্ৰতি সাক্ষী দিয়া যে ”আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য নাই,মোহাম্মদ(ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম)তেওঁৰ বান্দা আৰু প্ৰেৰিত দূত(ৰাছূল),নামাজ পঢ়া,জাকাত আদায় কৰা, আল্লাহৰ ঘৰৰ হজ্জ কৰা আৰু ৰমজানৰ ৰোজা ৰখা। (বোখাৰী:১/১২:৮)

১২)হজৰত ওমৰ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা এটি দীঘলীয়া বৰ্ণিত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: ইছলাম এয়া যে তুমি এই কথাৰ প্ৰতি সাক্ষী দিয়া যে আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য নাই আৰু মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম তেওঁৰ ৰাছূল। আৰু তুমি নামাজ আদায় কৰা,জাকাত দিয়া,ৰমজানৰ ৰোজা ৰাখা আৰু ক্ষমতা হ’লে হজ্জ সম্পন্ন কৰা। (বোখাৰী-১/২৭:৫০)

১৩) হজৰত তালহা বিন উবাইদুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত,নজ্দৰ এজন বাসিন্দা নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ ওচৰত উপস্থিত হয়,যাৰ চুলি সিঁচৰতি(ইফাল-সিফাল)হৈ আছিল। তেওঁৰ মাতৰ গুণগুণনিতো শুনা গৈছিল কিন্তু কি কৈছে বুজা নগৈছিল। এতেকে কাষলৈ আহোঁতে বুজা গৈছিল যে তেওঁ ইছলাম সম্পৰ্কে কিছু জানিব বিচাৰিছে। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: দিন ৰাতিৰ ভিতৰত ফৰজ কৰা হৈছে পাঁচ ওৱাক্তৰ নামাজ। নিবেদন কৰিলে: ইয়াৰ বাহিৰে মোৰ ওপৰত অতিৰিক্ত কোনো ফৰজ নামাজ আছে ? তেওঁ কয়: নাই কিন্তু যি(নফল নামাজ)তুমি সুখী হৈ পঢ়া। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: ৰমজানৰ ৰোজা ফৰজ কৰা হৈছে। নিবেদন কৰিলে: ৰমজানৰ বাহিৰেও মোৰ ওপৰত অইন কোনো ফৰজ ৰোজা আছে ? তেওঁ ক’লে: নাই কিন্তু যি (নফল ৰোজা)তুমি সুখী হৈ ৰাখা। তাৰ পিছত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে জাকাতৰ কথা কয়। নিবেদন কৰিলে: ইয়াৰ উপৰিও আৰু কোনো বস্তু মোৰ পক্ষে আৱশ্যকীয় নেকি ? তেওঁ ক’লে:নহয় কিন্তু যিটো তুমি শান্ত মনেৰে ছদকা কৰা। বৰ্ণিনাকাৰীয়ে কয়: তেওঁ এনেদৰে কৈ উভতি গ’ল যে “আল্লাহৰ কছম মই ইয়াত কোনো ধৰণৰ বৃদ্ধি আৰু হ্ৰাস নকৰোঁ।” নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে: যদি তেওঁ(এই প্ৰতিজ্ঞাত)সত্য তেন্তে সফল হ’ল। (নজ্দ এখন চহৰৰ নাম,বৰ্তমানৰ ৰিয়াজ)(মুছলিম শ্বৰীফ-১/৪০:১১)

১৪) নবীয়ে ﷺ কৈছেঃ- হিংসা বা ঈৰ্ষাই নেকী(কল্যাণ)ক এনেকুৱা ভাৱে ধ্বংস কৰি পেলায় যিদৰে জুয়ে কাঠ(wood)ক নষ্ট কৰি পেলায়। আৰু দান ছদ্‌কাই গুণাহক এনেধৰণে মুচি পেলায় যিদৰে পানীয়ে অগ্নি নুমাই পেলায়। নামাজ মুমিনৰ নূৰ বা উজ্জ্বলতা আৰু ৰোজা হৈছে জাহান্নামৰ(পৰা বচোৱা)ঢাল।(ইবনে মাজা:৪২১০)

১৫) হজৰত আবু আয়্যূব আনছাৰী ৰাদ্বীয়াল্লাহু আনহুৱে কৈছে এজন গাঁৱৰ ব্যক্তি নবীৰ ﷺ ওচৰত আহি নিবেদন কৰিলে: ইয়া ৰাছূলাল্লাহ! মোক এটি চুটি উপদেশ দিয়ক। তেওঁ ক’লে: যেতিয়া নামাজ পঢ়িবা,জীৱনৰ অন্তিম নামাজ(বুলি ভাবি)পঢ়িবা। আৰু কেতিয়াও এনে কথা নকবা,য’ত কাইলৈ ক্ষমা মাগিব লগা হয়। আৰু মানুহৰ সম্পত্তিৰ পৰা নিৰাশা হৈ যোৱা।(ছুনান ইবনে মাজা:৪/৪৫৫,হাদিছ:৪১৭১)

১৬) নবীয়ে ﷺ কৈছেঃ-যিজনে নিজৰ ঘৰত নামাজ পঢ়িব তেওঁ এটা নামাজৰ ‌ছোৱাব‌ পাব। যিজনে নিজৰ জনগোষ্ঠীৰ মছজিদত  নামাজ পঢ়িব তেওঁ পঁচিছ নামাজৰ চোৱাব পাব(অৰ্থাৎ নিজৰ গাঁৱৰ ওৱাক্তিয়া মছজিদত,যদি ওৱাক্তিয়া মছজিদ থাকে)। আৰু যিজনে ‌জামে‌ মছযিদত(য’ত জুম’আ হয়)নামাজ পঢ়িব তেওঁ পাঁচশ নামাজৰ চোৱাব পাব।আৰু যিজনে ‌মছজিদে আক্কছাত (philistine ত আছে যিটো কেইবা মাহ মুছলমানৰ কিব্লা আছিল যেনেদৰে এতিয়া কাবা শ্বৰীফ)আৰু মোৰ মছজিদত(মছজিদে নবৱী,মদিনাত আছে)নামাজ পঢ়িব তেওঁ পঞ্চাশ হাজাৰ আৰু যিজনে মছজিদে হাৰামত(মক্কাত আছে)নামাজ পঢ়িব তেওঁ এক লাখ নামাজৰ চোৱাব পাব।(ছুনান ইবনে মাজা-১৪১৩)

১৭) নবীয়ে ﷺ কৈছেঃ- যেতিয়া বান্দাই মানুহৰ মাজত সুন্দৰভাৱে নামাজ‌ পঢ়ে আৰু অকলশৰীয়া ভাৱেও সুন্দৰকৈ পঢ়ে তেতিয়া আল্লাহ পাকে কয়: এইজন মোৰ সত্য আৰু প্ৰকৃত বান্দা।(ইবনে মাজা:৪২০০)

১৮) নবীয়ে ﷺ কৈছেঃ- যি ব্যক্তিয়ে অজু কৰি ফৰজ নামাজৰ বাবে মছজিদ অভিমুখে ৰাওঁনা হয়,তেওঁৰ চোৱাব হৈছে এহৰাম বন্ধা হাজীৰ দৰে।(ছুনানে আবু দাউদ:৫৫৮)

১৯) নবীয়ে ﷺ কৈছেঃ– জামাতৰ সৈতে নামাজ আদায় কৰা অকলশৰীয়া ভাৱে নামাজ আদায় কৰাতকৈ সাতাইছ গুণে বেছি মহত্বপূৰ্ণ ।(অৰ্থাৎ জামাতৰ সৈতে পঢ়া এক নামাজত অকলে পঢ়া নামাজতকৈ সাতাইছ গুণ বেছি চোৱাব পোৱা যায়।(বোখাৰী:১/২৩২:৬৪৫)

২০)নবীয়ে ﷺ কৈছেঃ- যেতিয়া তোমালোকৰ সন্তান সাত বছৰৰ হৈ যাব তেতিয়া তাক নামাজৰ আদেশ দিয়া আৰু যেতিয়া দহ বছৰৰ হৈ যাব তেতিয়া মাৰি নামাজ পঢ়োৱা(অৰ্থাৎ যদি দহ বছৰ বয়স  হোৱাৰ পিছতো নামাজ নপঢ়ে তেন্তে মাৰি হ’লেও নামাজ পঢ়োৱা) আৰু বিছনা পৃথক কৰি দিয়া।(আবু দাউদ:১/২০৮:৯৫২)

নামাজি পাৰস্পৰিক লগ লাগি থিয় হোৱাঃ
২১) নবীয়ে ﷺ আদেশ দি কৈছে: তোমালোকে মোৰ পিছত তেনেদৰে কিয় কাতাৰ নবনোৱা যেনেদৰে ফিৰিস্তাই নিজৰ ৰ’ব(আল্লাহ)ৰ দৰবাৰত কাতাৰ বনায় ? চাহাবা(আলাইহিমুৰ্ৰিদ্বৱান)সকলে নিবেদন কৰিলে: ফিৰিস্তাই নিজৰ ৰ’ব(আল্লাহ)ৰ ওচৰত কেনেদৰে কাতাৰ বান্ধে? তেওঁ ক’লে: তেওঁলোকে আগৰ কাতাৰসমূহ পূৰ্ণ কৰে(অৰ্থাৎ প্ৰথম পূৰ্ণ কৰে তাৰ পিছত দ্বিতীয় তাৰ পিছত তৃতীয় এনেদৰে আগলৈ)আৰু কাতাৰত সম্পূৰ্ণৰূপে আনজনৰ লগত লগ লাগি থিয় হয়।(ছুনান আবু দাউদ-১/১০৬)

২২) নবীয়ে ﷺ কৈছেঃ- যিজনে যদি তোমালোকে বিচৰা যে তোমালোকৰ নামাজ কবুল হওঁক তেন্তে তোমালোকৰ মাজৰ নেক তথা ভাল লোকক ইমাম বনোৱা।(মুস্তাদৰাক:৪/২৩৭:৫০৩৪)

২৩) নবীয়ে ﷺ কৈছেঃ- ইমাম চাহাবে সেই সকলো চোৱাব পাব যিমান পিছত নামাজ পঢ়া সকলো মোক্তাদিয়ে পাব।(ছুনান নাছাঈ -১/১১২:৫০৩)

২৪) নবীয়ে ﷺ কৈছেঃ-(মছজিদত নামাজ আদায় নকৰাসকলকক কেন্দ্ৰ কৰি)যদি সিহঁতৰ ঘৰত পত্নী আৰু ল’ৰা- ছোৱালী নাথাকিল হেঁতেন তেন্তে মই ইশ্বা নামাজৰ পিছত যিসকল ঘৰত আছে(নামাজৰ বাবে জামাতত উপস্থিত হোৱা নাই)যুৱক সকলক সিহঁতৰ ঘৰ জ্বলাই দিয়া আদেশ দিলোঁ হৈ।( মুছনদে আহ্‌মদ-৮৮০৪)

২৫) নবীয়ে ﷺ কৈছেঃ- যি ব্যক্তিয়ে ভাগ্য সম্পৰ্কে জ্ঞাত কৰিবলৈ কোনো জ্যোতিষীৰ ওচৰত যায় তেন্তে তাৰ চল্লিশ দিনৰ নামাজ কবুল নহ’ব।(ছহীহ মুছলিম-২২৩)

২৬) নবীয়ে ﷺ কৈছেঃ-যিয়ে নামাজ পঢ়ে কিন্তু যাকাত আদায় নকৰে তেন্তে সি তেনে মুছলমান নহয়,যাৰ আমোলসমূহ গৃহীত হ’ব বা কবূল কৰা হ’ব।(আত্তাৰগীব-২/১০৮)

২৭) নবীয়ে ﷺ কৈছেঃ- যিজনে নামাজ এৰিলে সি কুফ্‌ৰ কৰিলে অৰ্থাৎ কাফিৰ হৈ গ’ল।(হেয়ৰ উদ্দেশ্যে অথবা অস্বীকাৰ কৰি)। (আত্তাৰগীব:১/৩৮৬)

২৮) নবীয়ে ﷺ কৈছেঃ– মানুহৰ মাজত সবাতোকৈ নিকৃষ্ট চোৰ সেইজন যিয়ে নিজৰ নামাজত চুৰি কৰে। নিবেদন কৰা হ’ল;ইয়া ৰাছূলাল্লাহ (ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম)নামাজৰ চোৰ কোন? তেওঁ ক’লে:(সেইজন)যিয়ে ৰুকু আৰু ছিজদাহ সম্পূৰ্ণ ৰূপে আদায় নকৰে। (মুছনাছে ঈমাম আহমদ বিন হাম্বল,৮/৩৮৬২২৭০৫)

২৯) নবীয়ে ﷺ কৈছেঃ-যি ব্যক্তিয়ে আনক দেখুৱাবৰ বাবে নামাজ পঢ়িলে তেওঁ শ্বীৰ্ক কৰিলে। যিয়ে দেখুৱাই ৰোজা ৰাখিলে সেইজনে শ্বীৰ্ক কৰিলে আৰু যি‌ ব্যক্তিয়ে লোকক দেখুওৱাৰ উদ্দেশ্যে ছদ্‌কা দিলে তেওঁ শ্বীৰ্ক কৰিলে।(মিচকাত;৫৩৩১)

৩০) হজৰত ওছমান বিন আবিল আ’ছ ৰাদ্বিয়াল্লাহু আনহুৱে কয়; মই নিবেদন কৰিলোঁ: হে আল্লাহৰ ৰাছূল! চয়তান মোৰ আৰু মোৰ নামাজ ও তিলাৱতৰ মাজত বাধা হৈ থিয় দিছে,নামাজ সন্দেহযুক্ত কৰি দিলে। নবীয়ে ﷺ ক’লে: এই চয়তানক খিনজাব বোলা হয়। যেতিয়া তাক অনুভৱ কৰিবা তেতিয়া আল্লাহৰ আশ্ৰয় বিচাৰিবা আৰু বাওঁ পিনে তিনিবাৰ থুকি(থু পেলায়)দিয়া।এতেকে মই এনে কৰাত আল্লাহ পাকে তাক আঁতৰাই দিয়ে।(ছহীহ মুছলিম:২২০৩)

৩১) হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত। নবীয়ে ﷺ কৈছেঃ-যেতিয়া কাৰোবাৰ নামাজত অজু গুচি যায় তেন্তে তেওঁ নাকত ধৰক তাৰ পিছত গুচি যাওক। (ছুনান আবু দাউদ:১১১৪)

৩২) নবীয়ে ﷺ কৈছেঃ- তোমালোকৰ মাজৰ কাৰোবাৰ যেতিয়া নামাজত বায়ু যায় তেতিয়া(নামাজ)এৰি গুচি যাওক আৰু অজু কৰি আকৌ পঢ়ক।(আবু দাউদ-১/৫৩:২০৫)

৩৩) জাবিৰ ৰাদ্বিয়াল্লাহু তাআ’লা আনহুৰ দ্বাৰা বৰ্ণিত। নবী স্বাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ লগত এজন চাহাবীৰ বেমাৰৰ খবৰ ল’ব গৈছিলো সেই সময়ত ৰোগীজনে কাঠৰ এটুকুৰা এটাত কপাল ৰাখি নামাজ পঢ়ি আছিল,ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইংগিত কৰাত সেইটো আঁতৰাই এটা বালিছ(গাৰু)ল’লে,আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে এইটো আঁতৰাই দিয়া,যদি ক্ষমতা থাকে তেন্তে মাটিত ছিজদাহ কৰা,নহ’লে ইংগিতেৰে নামাজ আদায় কৰা আৰু ৰুকুৰ তুলনাত ছিজদাহত অলপ বেছিকৈ হাঁলি যোৱা।( জামিউল কাবিৰ:১৩০৮২,পৃঃ-২৬৯)

৩৪) হজৰত আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে; নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে মোক কৈছে: হে পুত্ৰ! নামাজত ইফালে সিফালে চোৱাৰ পৰা বিৰত থাকা,কাৰণ নামাজত ইফালে সিফালে চোৱাটো মাৰাত্মক কাৰ্য।(তিৰমিজি:২/১০২:৫৮৯)

৩৫) হজৰত আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: যিসকলে নামাজত আকাশলৈ চকু তুলি লয় তেওঁলোকৰ অৱস্থা কেনে! তাৰ পিছত নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে এই ক্ষেত্ৰত অতি কঠোৰ হৈ গৈছে আৰু কৈছে: এই লোকসকলে ইয়াৰ পৰা বিৰত থকা উচিত,নহ’লে তেওঁলোকৰ চকু(দৃষ্টিশক্তি)কাঢ়ি লৈ যোৱা হ’ব।(বোখাৰী:১/২৬৫:৭৫)

ছালাতুত তছবিহ(নামাজ)
এই সম্পৰ্কে হাদিছত আহিছে যি ব্যক্তিয়ে এই নামাজ পঢ়ে তেওঁৰ সমস্ত গুণাহ ক্ষমা কৰি দিয়া হয়;পূৰ্বৰ‌ লগতে আগন্তুক,নতুন হওঁক বা পুৰণা, জ্ঞাত অজ্ঞাত অৱস্থাত কৰা,সৰু,ডাঙৰ,গোপনীয়,প্ৰকাশ্য সমস্ত ধৰণৰ গুণাহ আল্লাহ পাকে ক্ষমা কৰি দিয়ে।
৩৬) নবীয়ে ﷺ কৈছেঃ- সম্ভৱ হ’লে প্ৰতিদিনে এই নামাজ পঢ়া,নহ’লে প্ৰত্যেক শুকুৰবাৰে। যদি এয়াও সম্ভৱ নহয় তেন্তে বছৰি এবাৰ পঢ়া,এয়াও সম্ভৱ নহ’লে নিম্নতম জীৱনত হ’লেও পঢ়া।(আবু দাউদ:১২৯৭,ইবনে মাজা:১৩৮৬,তিৰমিজি:১/১০৯)

৩৭) নবীয়ে ﷺ কৈছেঃ- যিজনে বাৰ ৰাকাত চাস্তৰ নামাজ পঢ়িব,আল্লাহে তেওঁৰ বাবে জান্নাতত সোণৰ ঘৰ বনাই দিব(মিচকাত-১৩১৬)

মাহেকীয়া হোৱা মহিলাৰ নামাজ- ৰোজা
৩৮) মাহেকীয়াৰ সময়ছোৱাত বাদ যোৱা নামাজৰ কাজা পঢ়িব নালাগে কিন্তু ৰোজাৰ কাজা ৰাখিব লাগিব। হাদিছ শ্বৰীফত আহিছে:‌হজৰত মুআজাহ ৰাদ্বিয়াল্লাহু আনহাই হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাক সুধিলে;কি কাৰণ যে ঋতুস্ৰাৱ হোৱা মহিলা সকলৰ প্ৰতি ৰোজাৰ কাজা ৱাজিব কিন্তু নামাজৰ কাজা ৱাজিব নহয় ? হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাই কয়: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ যুগত যেতিয়া আমাৰ মাহেকীয়া হয় তেতিয়া আমাক ৰোজাৰ কাজা ৰখাৰ আদেশ দিয়া হৈছিল কিন্তু নামাজ কাজা কৰাৰ আদেশ দিয়া নাছিল।( ছহীহ মুছলিম:১/২৬৫)

৩৯) হজৰত মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুৱে কয়: নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে মোৰ হাতত ধৰি উপদেশ দিয়ে; হে মুআজ! তুমি মোৰ প্ৰিয়। মই নিবেদন কৰিলোঁ,হে আল্লাহৰ ৰাছূল! ময়ো আপোনাক ভাল পাওঁ। তেওঁ ক’লে; তেন্তে প্ৰত্যেক নামাজৰ পাছত এই দোআ নপঢ়াকৈ নাথাকিবা ”ৰাব্বী আ ইন্নী আলা জিকৰিকা ৱা শ্বুকৰিকা ৱা হুছনি ইবাদাতিক”।(ছুনানে নাছাঈ:১৩০০)

৪০) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে নামাজৰ পিছত তিনিবাৰকৈ আস্তাগফিৰুল্লাহ পঢ়িছিল। আৰু আল্লাহুম্মা আনতাচ্ছালাম ওৱা মিনকাচ্ছালাম তাবাৰাকতা যুল জালালী ওৱাল ইক্‌ৰাম।(ছহীহ মুছলিম শ্বৰীফ-১/২১৮)

বিঃদ্ৰঃ পূৰ্বে প্ৰকাশিত প্ৰথম আৰু দ্বিতীয় পৰ্বৰ চল্লিশটা হাদিছ সংগ্ৰহ কৰিবলৈ আমাৰ ৱেবছাইটত- ইছলামৰ পোহৰ ত যাব পাৰে অথবা সংশ্লিষ্ট নাম্বাৰত যোগাযোগ কৰিব পাৰে।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

মৌলানা ইঞ্জামুল হক মিছবাহী,দৰং অসম।

শুধৰণিমূলক চল্লিশটা হাদিছ click here 

আমাৰ ইউটিউব চেনেল click here 

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

চল্লিশ হাদিছ চল্লিশ হাদিছ চল্লিশ হাদিছ চল্লিশ হাদিছ চল্লিশ হাদিছ চল্লিশ হাদিছ চল্লিশ হাদিছ চল্লিশ হাদিছ চল্লিশ হাদিছ

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d