নৱবৰ্ষ উদযাপন কৰিব পাৰিনে 

নৱবৰ্ষ উদযাপন কৰিব পাৰিনে 

প্ৰশ্নঃ-১) Happy New year ক’ব পাৰিনে? ২)জানুৱাৰী মাহৰ প্ৰথম তাৰিখে ফটকা ফুতুৱা,DJ বজোৱা,পাৰ্টি কৰা তথা শুভেচ্ছা দিয়া বৈধনে এই বিষয়ে শ্বৰিঅতে কি কয়?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- শুভেচ্ছা দিব পাৰি। নতুন বৰ্ষৰ শুভেচ্ছা দিয়াৰ অৰ্থ হৈছে “এইটো বছৰ আপোনাৰ বাবে শুভ হওঁক,শান্তিপূৰ্ণ হওঁক” এয়া জায়েজ বা বৈধ এতেকে শুভেচ্ছা দিয়াত কোনো অসুবিধা নাই যে এয়া কল্যাণৰ দোৱা। হয়! যদি কোনোৱে ইংৰাজৰ বনোৱা মাহ,বছৰ আদিৰ সন্মানাৰ্থে কয় তেন্তে মকৰূহ। কিন্তু সচৰাচৰ মুছলমানৰ এই উদ্দেশ্য নাথাকে বৰং কল্যাণৰ উদ্দেশ্যৰে শুভেচ্ছা জনায় আৰু ইয়াত কোনো অসুবিধা নাই।(سراج الفقہاء کی دینی مجالس،کتاب الحظر والاباحة،ص١٤٤)

Happy New year ৰ লগতে নিম্নোক্ত দোআটি ক’লে নিশ্চয় পছন্দনীয় হ’ব।

নতুন বৰ্ষ ও মাহৰ দোৱা হজৰত আব্দুল্লাহ ইবনে হিশ্বাম ৰাদ্বিয়াল্লাহু আনহুৱে কয়: নতুন বৰ্ষ বা মাহ আৰম্ভ হ’লে চাহাবা সকলে এজনে আনজনক এই দোআ শিকাইছিল।

اللّٰهُمَّ أدْخِلْهُ عَلَیْنَا بِالأمْنِ وَ الإیْمَانِ، وَالسَّلَامَةِ وَالإسْلَامِ، وَرِضْوَانٍ مِّنَ الرَّحْمٰنِ وَجِوَازٍ مِّنَ الشَّیْطَانِ

উচ্ছাৰণ:আল্লাহুম্মা আদখিলহু আলাইনা বিল আমনি ৱাল ঈমান,ওৱাচ্ছালামাতি ৱাল ইছলাম,ওৱা ৰিদ্বৱানুম্মিনাৰ ৰহমান,ওৱা জিৱাযিম্মানাচ শ্বয়তান। অৰ্থ: হে আল্লাহ! ইয়াক(নতুন বছৰ/মাহ)আমাৰ বাবে নিৰাপত্তা,ঈমান,শান্তি ও ইছলামপূৰ্ণ আৰু তোমাৰ সন্তুষ্টি প্ৰাপ্ত(বছৰ/মাহ)বনোৱা আৰু চয়তানৰ পৰা নিৰাপদে ৰাখোতা কৰি তোলা। (তিব্ৰানী-আওছাত-৬/২২১:৬২৪১)

টোকা- এইটো দোৱা হাদিছত একমাত্ৰ ইছলামী মাহ বা বছৰ সম্পৰ্কেহে প্ৰমাণিত,চোৱাবৰ উদ্দেশ্যে অন্যান্য ক্ষেত্ৰতো পঢ়াত চৰীয়তৰ দৃষ্টিত গুণাহ নহ’ব অৱশ্যে নপঢ়িলেও কোনো কথা নাই।

২) হিজৰী বৰ্ষৰ আৰম্ভণি মুহাৰ্ৰামুল হাৰামৰ(মহৰমৰ) প্ৰথম তাৰিখে হয় আনহাতে ইছৱী অৰ্থাৎ ইংৰাজী বৰ্ষৰ আৰম্ভণি জানুৱাৰী মাহৰ প্ৰথম তাৰিখে হয়। ইছলামী তাৰিখ সূৰ্যাস্তৰ সময়ত সলনি হয় আৰু ইংৰাজী তাৰিখ অৰ্ধৰাত্ৰি(অৰ্থাৎ ৰাতি ১২ বজাত) সলনি হয়। সমগ্ৰ বিশ্বজুৰি এটা ভুল কৰ্ম ও পদ্ধতি প্ৰচলন হৈ পৰিছে আৰু সেইটো হৈছে ৩১ ডিচেম্বৰৰ নিশা(New year night)New year Celebrate কৰাৰ নামত নাচ-গান,ডি-জে, মদ্যপান,জিনা,ফটকা ফুতুৱা,চিঞৰ-বাখৰ ইত্যাদিৰ মেহফিল সজোৱা হয় য’ত ‘মাআজাল্লাহ’ জুৱা,ভাং আদিৰ ব্যৱস্থাও কৰা হয়। ৰাতি ১২ বজাৰ লগে লগে হাজাৰ,লাখ টকাৰ ফায়েৰিং ফটকা,ফটকা ফুতুৱা হয় অথবা পৰপুৰুষ মহিলাৰ একেলগে আদ্দা,হাঁহি ধেমালি ইত্যাদি। এইবোৰ ইছলামত চূড়ান্ত ভাৱে নিষিদ্ধ ও হাৰাম তথা গুণাহৰ কাম। এনে লোক আল্লাহ ও নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ অভিশাপৰ পাত্ৰ। মনত ৰখা উচিত যে যিটো কৰ্মত চৰীয়ত বিৰুধী কাৰ্য নকৰাকৈ তথা হাৰামৰ পৰা বিৰত থাকি কৰা হ’ব সেয়া জায়েজ আৰু বৈধ তদ্ৰূপ যিদৰে অইন ৰাতি খাদ্য ভক্ষণ কৰা বা পিকনিক খোৱা জায়েজ ও বৈধ ঠিক তেনেদৰেই এই ৰাতিও খাদ্যৰ আয়োজন কৰিব পাৰি। এতিয়া প্ৰশ্ন হ’ল যে যদি ওপৰত উল্লেখ কৰা হাৰাম তথা অপছন্দনীয় কৰ্মৰ পৰা বিৰত থাকি নতুন বৰ্ষ উদযাপন কৰিব বিচাৰোঁ তেন্তে কেনেকৈ? উত্তৰ হ’ব যে প্ৰত্যেক ইছলামী ও ইংৰাজী বৰ্ষৰ আৰম্ভণিত এজনে আনজনক পূণ্য তথা কল্যাণৰ দোআ তথা আশীৰ্বাদাৰ্থে শুভেচ্ছা দিব পাৰে,যে আহিবলগীয়া নতুন বৰ্ষটো আপোনাৰ বাবে বৰকতময় হওঁক ইত্যাদি।নিজৰ আমোল,ইবাদত হিচাপ কৰক যে যোৱা বছৰটোত নেকী বেছি কৰিলোঁ নে গুণাহ ? আমি কি কি বেয়া কামৰ পৰা দূৰত থাকিব নোৱাৰিলোঁ,কোন কোন নেকী ও ভাল স্বভাৱ আকোঁৱালি ল’ব নোৱাৰিলোঁ? কাৰোবাক নেকীৰ তথা দ্বীনৰ ৰাস্তাত চলাৰ অনুপ্ৰেৰণা দিছোঁনে ? আল্লাহৰ ওচৰত দোআ ও ইস্তিগফাৰ কৰা উচিত যে আমাৰ বয়সৰ পৰা আৰু এবছৰ কম হৈ গ’ল। এনে সময়ত পিছৰ গুণাহৰ পৰা তৌবা কৰি আগন্তুক বৰ্ষত নেকী ও ভাল কাম কৰাৰ নিয়্যত কৰা উচিত যে মই আল্লাহে ভাল পোৱা কাম কৰি যাম আৰু তেওঁৰ নাফাৰমানী,অবাধ্য তথা অপছন্দনীয় কৰ্মৰ পৰা বিৰত থাকিম।(ماہنامہ فیضان مدینہ-١٤٣٩-جنوری٢٠١٨،دعوت اسلامی)

এই উদ্দেশ্যৰে শুভেচ্ছা জ্ঞাপন কৰিব পাৰি,আৰু চৰীয়তৰ সীমা লংঘন নকৰাকৈ পাৰ্টি তথা ভোজ-ভাত খালে অথবা দুখীয়াক খুৱালে কোনো অসুবিধা নাই বৰং চোৱাবহে পোৱা যাব যদিহে চোৱাবৰ উদ্দেশ্যে হয়। বিঃদ্ৰঃ শুভেচ্ছা সম্পৰ্কিত উল্লেখ কৰা হাদিছৰ তাৎপৰ্য ইছলামী মাহ বা বৰ্ষ। কিন্তু ইয়াৰ পৰাও ইংৰাজী বৰ্ষৰ শুভেচ্ছা দিয়াৰ বৈধতা প্ৰমাণিত সেয়েহে উল্লেখ কৰা হৈছে। আনহাতে এই দোৱা ইংৰাজী নৱবৰ্ষৰ উদ্দেশ্যেৰে পঢ়িলেও ইনশ্বা আল্লাহ চোৱাব পোৱা যাব। আল্লাহে আমাক হাৰামৰ পৰা বিৰত থকাৰ ক্ষমতা দান কৰক। আ-মী-ন।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

আমাৰ ইউটিউব চেনেল click here  

জন্মদিনৰ খাদ্য হাৰাম নেকি – ইছলামৰ পোহৰ click here 

নৱবৰ্ষ উদযাপন কৰিব পাৰিনে

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d