প্ৰশ্ন:- জন্মদিন,নৱবৰ্ষ আৰু অন্যান্য দিৱস যেনে children’s day,Teacher’s day,valentine’s day আদিৰ লগতে অমুছলিমৰ তিথিত শুভেচ্ছা দিব পাৰিনে ?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰ:- প্ৰশ্নত উল্লেখ কৰাৰ মাজত অমুছলিমৰ তিথি,valentine’s day আদি পালন কৰা নাজায়েজ আৰু শুভেচ্ছা দিয়া নিষিদ্ধ,ইয়াৰ বাহিৰে অনুমতি হ’ব।
নতুন বৰ্ষৰ শুভেচ্ছা দিয়াৰ অৰ্থ হৈছে “এইটো বছৰ আপোনাৰ বাবে শুভ হওঁক,শান্তিপূৰ্ণ হওঁক” এয়া জায়েজ বা বৈধ এতেকে শুভেচ্ছা দিয়াত কোনো অসুবিধা নাই যে এয়া কল্যাণৰ দোআ। • হয়! যদি কোনোৱে ইংৰাজৰ বনোৱা মাহ,বছৰ আদিৰ সন্মানাৰ্থে কয় তেন্তে মকৰূহ। কিন্তু সচৰাচৰ মুছলমানৰ এই উদ্দেশ্য নাথাকে বৰং কল্যাণৰ উদ্দেশ্যৰে শুভেচ্ছা জনায় আৰু ইয়াত কোনো অসুবিধা নাই।
(سراج الفقہاء کی دینی مجالس،کتاب الحظر والاباحة،ص١٤٤)
অমুছলিমৰ ধৰ্মীয় তিথি তথা Fastival ৰ শুভেচ্ছা দিয়া ইছলামত চূড়ান্ত ভাৱে নিষিদ্ধ ও হাৰাম বৰং এয়া কুফুৰৰ প্ৰতি যোৱাৰ সম্ভাৱনা। সেয়া পালন কৰাৰ কোনো অৱস্থাতেই অনুমতি নাই, যিসকলে অজ্ঞাত অৱস্থাত এইবোৰ পালন কৰিলে যেনে হলিত ৰং লগোৱা আদি সিহঁতৰ প্ৰতি তৌবা তথা আল্লাহৰ ওচৰত ক্ষমা বিচৰা আৱশ্যেকীয়।(فتاویٰ شارح بخاری،ج۲،ص٥٦٦)
valentine’s day কোনো ইছলাম সন্মত তিথি নহয় বৰং ইয়াত কৰা সমস্ত কৰ্ম ইছলাম বিৰোধী সেয়ে ইয়াৰ অনুমতি তথা সহাঁৰি অবৈধ হ’ব।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
জন্মদিন নৱবৰ্ষ আৰু অন্যান্য দিৱস যেনে children’s day Teacher’s day valentine’s day আদিৰ লগতে অমুছলিমৰ তিথিত শুভেচ্ছা দিব পাৰিনে
আমাৰ ইউটিউব চেনেল click here
বেংকৰ পৰা পোৱা টকাটো সুত নেকি ? Click here
Recent Comments