জন্মদিনত কেক কাটি আনন্দ প্ৰকাশ কৰাটো বৈধ নে,শুভেচ্ছা দিব পাৰিনে

প্ৰশ্নঃ-জন্মদিনত কেক কাটি আনন্দ প্ৰকাশ কৰাটো বৈধ নে,শুভেচ্ছা দিব পাৰিনে এই বিষয়ে শৰীয়তে কি কয়?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ-জন্মদিন তথা কোনো আয়োজনত যদি শ্বৰিয়ত বিৰুধী কাম নহয় তেন্তে সেয়া জাইজ অৰ্থাৎ কৰিব পাৰি। তাত কেক কটা,আত্মীয়সকলৰ বা ওচৰ চুবুৰীয়াৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা,সকলো জাইজ,কৰিব পাৰি। আৰু যদি নেক ও ভাল নিয়্যত তথা উদ্দেশ্য লৈ উক্ত কামটো কৰা হয় তেন্তে চোৱাবো পোৱা যায়। যেনে আনক খুওৱাৰ বা আত্মীয়সকলৰ মাজত প্ৰেম ভালপোৱা গঢ়াৰ উদ্দেশ্যে।কিন্তু আজি কালি জন্মদিনৰ আয়োজন কৰোতে বহুতো শ্বৰিয়ত বিৰুধী কাম কৰা দেখা যায় উদাহৰণ স্বৰূপে গান-গোৱা বা বজোৱা,মিউজিক,আচহুৱা ও গাইৰ মুহৰিম(যাৰ লগত নিকাহ স্থাপন কৰা জাইজ তাক গাইৰ মুহৰিম বোলা হয়) পুৰুষ,মহিলা একেলগ হোৱা,সিহঁতৰ উভয়ে অনাৱশ্যেকীয়তাত কথা-বতৰা,হাঁহি ধেমালি কৰা,এই সকলোবোৰ হাৰাম ও গুণাহৰ কাম। এনেদৰে জন্মদিন উদযাপন কৰা চূড়ান্ত ভাৱে নিষিদ্ধ। এতেকে প্ৰথমে যিটো জাইজ পদ্ধতি উল্লেখ কৰা হৈছে তেনে হিচাপে যদি জন্মদিন পালন কৰে তেন্তে তাৰ অনুমতি হ’ব। আৰু আনন্দ উল্লাখ ও ফুৰ্টি কৰাও জাইজ।


মনত ৰখা উচিত যে যিটো কাম অকলশৰীয়া ভাৱে কৰিব পাৰি সেই কাম সমৱেত হৈয়ো কৰিব পাৰি। উদাহৰণ স্বৰূপে যদি অকলশৰীয়া ভাৱে শ্বৰিয়ত বিৰুধী নকৰাকৈ কেক কাটি খাব,আনন্দ প্ৰকাশ কৰিব পাৰি তেন্তে কেইজনমানৰ লগত মিলিজুলি খাব ও কৰিব পাৰি। গতিকে যদি হাৰাম ও গুণাহৰ কাম নকৰাকৈ‌ জন্মদিন পালন কৰে তেন্তে সেয়া নিশ্চয় জাইজ,ইয়াৰ অনুমতি হ’ব অন্যথা নোৱাৰিব। ইয়াৰোপৰি শুভেচ্ছা দিয়াও বৈধ,ইয়াত কোনো অসুবিধা নাই। চাওঁক ছহীহ হাদিছৰ দ্বাৰা প্ৰমাণিত উছূলুল আমানী ইলা ওছূলুত্তাহানী।

 وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

আমাৰ ইউটিউব চেনেল click here  

লোন ল’ব পাৰিনে ? Click here 

জন্মদিনত কেক কাটি আনন্দ প্ৰকাশ কৰাটো বৈধ নে শুভেচ্ছা দিব পাৰিনে

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d