প্ৰশ্নঃ- নতুন কাপোৰ নোধোৱাকৈ পিন্ধি নামাজ পঢ়িব পাৰিনে?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- পাৰি। সচাৰচৰ আমাৰ সমাজত প্ৰচলিত যে “নতুন কাপোৰ নোধোৱাকৈ পিন্ধি নামাজ পঢ়িব নোৱাৰি”, এয়া ভুল ধাৰণা। কাপোৰ নতুন হওঁক অথবা পুৰণা যেতিয়ালৈ তাত কোনো নাপাক বস্তু লাগি নাথাকিব সেয়া পাক। আল আশ্ববাহ ৱান্নাঝাঈৰত আছে: الیقین لا یزول الا بالشک—مع ان الاصل طہارہ الثوب
সন্দেহৰ ভিত্তিত বিশ্বাস কেতিয়াওঁ ভংগ নহ’ব। আনহাতে কাপোৰ মূলতঃ(প্ৰকৃততে)পাক।(আল আশ্ববাহ-৬০)
ফতোৱা শ্বামিত আছে:من شك في إنائة أو ثوبه أو بدنه أصابته نجاسة أو لا، فهو طاہر ما لم یستیق ۔
অৰ্থাৎ বৰ্তন,শৰীৰ অথবা কাপোৰৰ ওপৰত যদি সন্দেহ হয় যে নাপাক নে পাক তেন্তে সেয়া(নাপাক বুলি)সম্পূৰ্ণ বিশ্বাস নোহোৱালৈকে পাক। (১/২৮৩,ওৱাক্ফিয়্যাহ) আনহাতে নতুন কাপোৰত কোনো নাপাক বস্তু সাধাৰণতে লাগি নাথাকে,পৰিষ্কাৰ ও ছাফা হৈ থাকে তদ্ৰূপ মৃত ব্যক্তিৰ কফনৰ কাপোৰ,এয়া ধোৱাৰ প্ৰয়োজন নাই।
নতুন কাপোৰ পিন্ধিলে এই দোআ পঢ়া ছুন্নত।
اَلْحَمْدُ لِلّٰہِ الَّذِيْ کَسَانِيْ مَا أُوَارِيْ بِہٖ عَوْرَتِيْ، وَأَتَجَمَّلُ بِہٖ فِيْ حَیَاتِي
উচ্ছাৰণ: আলহাদুলিল্লাহিল্লাযি কা’ছা’নি মা উৱাৰি বিহি আউৰাতি ওৱা আতাহাম্মালু বিহি ফি হায়াতি। অৰ্থ: সকলো প্ৰসংশা সেই আল্লাহৰ বাবে যিজনে মোক এনে কাপোৰ পিন্ধালে যাৰ দ্বাৰা মই ছতৰ (অৰ্থাৎ যিখিনি ঢাকি ৰখা ফৰজ)ঢাকিব পাৰোঁ আৰু সুন্দৰতা সৃষ্টি কৰিব পাৰোঁ।(سنن الترمذي عن عمر بن الخطاب رقم: ۳۵۶۰، مسند أحمد ۱؍۴۴)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
পৰি থকা বস্তু পালে কি কৰা উচিত? ক্লিক কৰক
আমাৰ ইউটিউব চেনেল click here
নতুন কাপোৰ নোধোৱাকৈ পিন্ধি নামাজ পঢ়িব পাৰিনে
Recent Comments