ঈদগাহত জানাজাৰ নামাজ পঢ়িব পাৰিনে ?

প্ৰশ্নঃ- ঈদগাহত জানাজাৰ নামাজ পঢ়িব পাৰিনে ?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- ঈদগাহ ময়দানত জানাজাৰ নামাজ নিসন্দেহে পঢ়িব পাৰি কোনো অসুবিধা নাই। ইয়াত ফুকাহা ও উলামা কেৰামৰ কোনো ধৰণৰ দ্বিমত তথা মতবিৰোধ নাই। পাঁচ ওৱাক্ত নামাজ পঢ়া মছজিদতহে জানাজাৰ নামাজ পঢ়া মকৰূহ আৰু ঈদগাহ সম্পূৰ্ণ ৰূপে মছজিদৰ অন্তৰ্ভুক্ত নহয় সেয়ে তাত জানাজাৰ নামাজ পঢ়াত চৰীয়তৰ দৃষ্টিত কোনো অসুবিধা নাই। এই বিষয়ে বিস্তাৰিত গৱেষণামূলক আলোচনা কৰি আল্লামা ছৈয়দ আহমদ তাহতাৱী ৰাহমতুল্লাহ আলাইহিয়ে এইদৰে উল্লেখ কৰে যে মাদ্ৰাছা আৰু ঈদগাহ আদিত জানাজাৰ নামাজ আদায় কৰাত কোনো অসুবিধা নাই।  

হানাফী মজহবৰ প্ৰসিদ্ধ তথা গ্ৰহণযোগ্য কিতাপ তাহতাৱী আলা মাৰাক্কীল ফালাহত আছে :

 لا تکره في مسجد أعدلها وکذا في مدرسة ومصلی عید؛ لأنه لیس لها حکم المسجد في الأصح إلا في جواز الاقتداء 

জানাজাৰ নামাজৰ উদ্দেশ্যেই বনোৱা মছজিদত জানাজাৰ নামাজ মকৰূহ নহয় তদ্ৰুপ মাদ্ৰাছা আৰু ঈদগাহত কাৰণ বিশুদ্ধ মত অনুসৰি এইসমূহ ইক্তেদাৰ ক্ষেত্ৰৰ বাহিৰে মছজিদৰ অন্তৰ্ভুক্ত নহয়।

(حاشية الطحطاوي على مراقى الفلاح،كتاب الصلاة،ص٥٩٥،دار الكتب العلمية،بيروت)

ফকিহে মিল্লত মুফতী জালালুদ্দিন আমজাদী ৰাহমাতুল্লাহ আলাইহিয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ ফতোৱা ফাইজুৰ ৰাছূলত নিৰ্ভৰযোগ্য তথ্য-সুত্ৰ অনুসৰি লিখিছে: জানাজাৰ নামাজ ঈদগাহৰ ভিতৰত আৰু মাদ্ৰাছাতো পঢ়িব পাৰি এনেদৰেই হাশ্বিয়াতুত্তাহতাৱীত আছে। (فتاویٰ فیض الرسول،ج۱،ص٤١٧،اکبر بک پبلیز لاہور)

আন এখন প্ৰখ্যাত গ্ৰন্থ ফতোৱা বাহৰুল উলূমত গ্ৰহণযোগ্য দলিলসহ উল্লেখ কৰিছে: ঈদগাহ ময়দানত জানাজাৰ নামাজ পঢ়িব পাৰি।(فتاویٰ بحر العلوم،ج۲،کتاب الجنائز،ص٦٢-٦٣)

তুলনাহীন কিতাপ বাহাৰে চৰীয়তত আছে: ঈদগাহ ময়দানত জানাজাৰ নামাজ পঢ়িব পাৰি।¹ ইয়াৰোপৰি ঈদগাহ যিহেতু মছজিদৰ অন্তৰ্ভুক্ত নহয় সেয়ে তাত জানাজাৰ নামাজ শুদ্ধ হ’ব কাৰণ মছজিদত জানাজাৰ নামাজ সম্পৰ্কে

হাদিছ শ্বৰীফত আহিছে: مَنْ صَلَّى عَلَى جَنَازَةٍ فِي الْمَسْجِدِ فَلَا شَيْءَ لَه 

যি ব্যক্তিয়ে মছজিদত জানাজাৰ নামাজ পঢ়িব তাৰ বাবে কোনো চোৱাব নাই।  (المصنف”ابن عبد الرزاق؛٦٥٧٩)

ফতোৱা আলমগিৰিত আছে:  صلاة الجنازة فى المسجد الذي تقام فيه جماعة مكروهة

যি মছজিদত নামাজ আদায় কৰা হয় তাত জানাজাৰ নামাজ পঢ়া মকৰূহে তহৰিমী।(هندية،ج١،ص١٥٥،مصرى) ফতোৱা শ্বামীত আছে: و كرهت تحريما فى مسجد جماعة اى المسجد الجامع و مسجد المحلة (জানাজাৰ নামাজ) জামাআত হোৱা মছজিদত আদায় কৰা মকৰূহ অৰ্থাৎ জামে মছজিদ আৰু মহলাৰ মছজিদত। (فتاوى شامى ؛در مختار،كتاب الجنائز،ج٥،ص٣٠٢)

ইয়াৰোপৰি আগত আল্লামা শ্বামী লগতে আল্লামা  তাহতাৱীয়ে লিখিছে: إلا في جواز الاقتداء “ঈদগাহ মাথোঁ ইক্তেদাৰ ক্ষেত্ৰতহে মছজিদৰ আদেশৰ অন্তৰ্ভুক্ত” ফতোৱা বাহৰুল উলূমত আছে ইয়াৰ পৰা বুজা গ’ল যে ঈদগাহত জানাজাৰ নামাজ পঢ়া মকৰূহ নহয়।(বৰং শুদ্ধ)(فتاویٰ بحر العلوم،ج۲،کتاب الجنائز،ص٦٢-٦٣)

ইয়াৰোপৰি বাহাৰে চৰীয়তত আছে: ঈদগাহ অথবা জানাজাগাহ হওঁক ইক্তেদাৰ মাছাইলসমূহত মছজিদৰ হুকুমৰ সাদৃশ্য;ঈমাম ও মোক্তাদিৰ মাজত যিমানেই খালী ঠাই নাথাকক কিয় ইক্তেদা শুদ্ধ হ’ব আৰু অইন আদেশ সমূহৰ ক্ষেত্ৰত মছজিদৰ দৰে নহয়।(بہار شریعت،ح۳،ص٦٤٥،العلمیہ،¹ملخصا)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

বেংকৰ পৰা পোৱা টকাটো সুত নেকি ? click here 

আমাৰ ইউটিউব চেনেল click here 

ঈদগাহত জানাজাৰ নামাজ পঢ়িব পাৰিনে ?

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d