বোখাৰী ও মুছলিম শ্বৰীফৰ ওপৰতেই ধৰ্ম সীমিত নহয়
বোখাৰী আৰু মুছলিমত সকলো হাদিছ আছেনে প্ৰশ্নঃ- বোখাৰী আৰু মুছলিমতেই সমস্ত ছহীহ হাদিছ লিপিবদ্ধ নেকি,কিছুমানে ছিহাহ ছিত্তাৰ বাহিৰে একো নামানে,তেওঁলোকৰ উত্তৰ কি হ’ব?
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ– বোখাৰী ও মুছলিম আনকি ছিহাহ ছিত্তাতো নবী পাকৰ সমস্ত হাদিছ লিপিবদ্ধ নাই। ধৰ্মৰ গোটেই অংশটো কেৱল ছিহাহ ছিত্তাত নাই,আন হাদীছৰ কিতাপতো ধৰ্মৰ এক বৃহৎ অংশ আছে,সেয়েহে হাদীছৰ সকলো প্ৰামাণিক কিতাপ বিশ্বাস কৰাটো প্ৰয়োজনীয় অন্যথা বিপথে পৰিচালিত হোৱাত আৰু জাহান্নামৰ ৰাস্তাত উপনীত হোৱাত দেৰি নহ’ব।
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ সমস্ত হাদিছ বোখাৰী আৰু মুছলিমত মজুত নাই। তেওঁলোকে জনা হাদিছৰ কিছু অংশহে বোখাৰী ও মুছলিম আদিত লিপিবদ্ধ কৰিছে। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ হাদিছৰ সংখ্যা অপৰিসীম আৰু বোখাৰী,মুছলিমত মজুত হাদিছৰ সংখ্যা মুঠেই সীমিত। আলা হজৰত ঈমাম আহমদ ৰাজা খান ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে: ঈমাম বোখাৰী ও মুছলিমৰ জ্ঞান অপৰিসীম নাছিল যে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে যি সমস্ত কৈছে আৰু চাহাবাই সেয়া উম্মত পৰ্যন্ত বিলাই দিছে,এই সকলোৰে জ্ঞান তেওঁলোকৰ আছিল। আনকি হজৰত আবু বকৰ ও ওমৰ,ওচমান ও আলী আৰু আব্দুল্লাহ ইবনে মছউদ ৰাদ্বীয়াল্লাহু আনহুমেও এই দাবী কৰিব নোৱাৰে যে নবীজিৰ ﷺ সমস্ত হাদিছ;কথা,কৰ্ম বা সমৰ্থন কৰা কাৰ্যৰ ওপৰত সম্পূৰ্ণৰূপে তেওঁলোক অৱগত। হাদিছত যাৰ দক্ষতা আছে তেওঁ ভালদৰে জানে যে এওঁলোকৰ সন্মূখতো কিছু গোপন আছিল। তাৰ পিছত ঈমাম বোখাৰী ও মুছলিমে কিদৰে এই দাবী কৰিব পাৰে যে নবীজিৰ ﷺ সমস্ত হাদিছত তেওঁলোক জ্ঞাত।
(رسالة صفائح الجنين فى كون التصافح بكف اليدين،ص٢٠،رضا اکیڈمی مومبائ)
তেওঁলোকে যিমান হাদিছৰ হাফিজ আছিলে আৰু মনত ৰাখিছিলে তাৰে মাথোঁ অকণমান নিজৰ কিতাপত সন্নিৱিষ্ট কৰিছে আৰু বাকী অধিকাংশ এৰি দিছে। তাকৰীবত আছে:ولم يستوعبا الصحيح ولايلتزماه-ঈমাম বোখাৰী ও ঈমাম মুছলিমে সমস্ত ছহীহ হাদিছ জমা কৰা নাই আৰু জমাৰ(প্ৰতিশ্ৰুতি)দবীও কৰা নাই। (تقريب النواوى المطبوع مع التدريب الراوى-ج١،ص٤٦،النوع الاول؛الصحيح،بيروت)
আনকি তেওঁলোকৰ নিজৰ চৰ্ত সাপেক্ষে যিবোৰ হাদিছ ছহীহ বুলি বিবেচিত হয় সেই সমস্ত হাদিছো তেওঁলোকে বোখাৰী ও মুছলিমত লিপিবদ্ধ কৰা নাই। ফাতহুল মুগীছত আছে-
بل لو قيل؛ لانهما لم يستوعب مشروطهما ما لكان موجها، وقد صرح كل منهما بعدم الاستيعاب
যদি কোৱা হয় যে তেওঁলোক দুজনে নিজৰ চৰ্ত অনুযায়ী মজুত সমস্ত হাদিছ লিপিবদ্ধ কৰা নাই তেন্তে সেয়া ভুল নহ’ব আৰু তেওঁলোকে নিজেই এই কথা উল্লেখ কৰিছে। (فتح المغيث بشرح الفية الحديث؛ص٥٣،/اصح كتب الحديث،مكتبة المنهاج،الرياض)
আৰু সত্য এয়াই যে বোখাৰী আৰু মুছলিম শ্বৰীফত সমস্ত ছহীহ হাদিছ লিপিবদ্ধ নাই। আৰু এই কথা তেওঁলোকে নিজেই স্পষ্টকৈ কৈছে।
ঈমাম বোখাৰী(বোখাৰী শ্বৰীফৰ লিখক ৰাহমাতুল্লাহ আলাইহি)ৰ স্বীকাৰোক্তিঃ
শ্বাৰিহ বোখাৰী ইমাম ইব্নে হাজাৰ আচ্ক্কালানী ৰাহমাতুল্লাহ আলাইহিয়ে তেওঁৰ অতুলনীয় কিতাপ “মুকাদ্দামায়ে ফাতহুল বাৰী” ত লিখিছে –
وقال ابو علي الغسّاني:روي عنه انه قال: ”خرَّجتُ الصحيحَ من ستّ مائةِ ألف حديث” و روى الإسماعيلى؛ لانه لو اخرج كل صحيح عنده لجمع فى الباب الواحد حديثَ جماعة من الصحابة، ولذكرَ طريقَ كلِ واحد منهم اذا صحت،فيصير كتابا كبيرا جدا.و قال ابو احمد بن عدى؛ سمعت الحسن بن الحسن البزار، يقول سمعت ابراهيم بن معقل النسفى يقول :سمعت البخاري يقول: ما ادخلت في كتاب”الجامع” الا ما صح وتركت من الصحيح حتى لا يطول.
আবু আলি গচ্ছানীয়ে কৈছে যে: ঈমাম বোখাৰীয়ে কৈছে – মই ছয় লাখ হাদিছৰ পৰা বাছনি কৰি ছহীহ বোখাৰীৰ হাদিছ লিখিছোঁ।
আৰু ইছমাইলীয়ে বৰ্ণনা কৰিছে যে ঈমাম বোখাৰী ৰাহমাতুল্লাহ আলাইহিয়ে কৈছে যে মই মোৰ কিতাপ ছহীহ বোখাৰীত কেৱল ছহীহ হাদিছহে লিপিবদ্ধ কৰিছোঁ আৰু যিখিনি ছহীহ হাদিছ লিখা নাই তাৰ সংখ্যা লিপিবদ্ধতকৈ বেছি।
ঈমাম ইছমাইলীয়ে কৈছে: যদি ইমাম বুখাৰীয়ে তেওঁ জনা সকলো ছহীহ হাদিছ নিজৰ কিতাপ বোখাৰীত লিখিলেহেঁতেন তেন্তে বহু ছাহাবীৰ হাদিছ এটা অধ্যায়তেই একত্ৰিত হ’লহেঁতেন।আৰু যদি প্ৰত্যেকৰেই ছহিহ ছনদ উল্লেখ কৰিলেহেঁতেন তেন্তে এটা অধ্যায়তেই সেয়া হ’লহেঁতেন এখন বিশাল কিতাপ।
আৰু আবু আহ্মদ বিন আদিয়ে কৈছে যে মই হাছান বিন হাছান বায্যাৰৰ পৰা শুনিছো,তেওঁ কয় যে মই ইব্ৰাহিম বিন মু’ক্কাল বিন নাছফীৰ পৰা শুনিছো,তেওঁ কয় মই ইমাম বুখাৰীৰ পৰা শুনিছো,তেওঁ কয় যে “মই মোৰ কিতাব আল জামিঅ'(বোখাৰী)ত কেৱল ছহীহ হাদীছহে সন্নিবিষ্ট কৰিছোঁ আৰু কিতাপখন বেছি দীঘল হোৱাৰ পৰা ৰক্ষা কৰিবলৈ মই বহুতো ছহীহ হাদিছ এৰি দিছো।
(هدى الساري مقدمة فتح البارى،ج١،ص١٠/الفصل الاول،دار طيبة،الرياض)
ইয়াৰোপৰি মুহাম্মদ বিন হাম্দাৱাইহে কৈছে:
(وقال محمد بن حمدويه:)سمعت البخاري يقول: أحفظ مائة ألف حديث صحيح،ر أحفظ مائتى ألف حديث غير صحيح
ইমাম বুখাৰীয়ে কোৱা শুনিছো যে মোৰ এক লাখ ছহীহ হাদিছ আৰু আৰু দুই লাখ গাইৰ ছাহিহ হাদিছ মুখস্থ আছে।(অৰ্থাৎ তেওঁৰ নিজৰ চৰ্ত অনুযায়ী)
(هدى الساري مقدمة فتح البارى،ج٢،ص١٣٠٦/ذكر جمل من الاخبار الشاهدة لسعة حفظه،دار طيبة،الرياض)
ফাতহুল বাৰিৰ মুকাদ্দামাৰ আন এঠাইত আছে;
وعن البخاري: قال صنفت الجامع من ست ألف حديث في ست عشرة سنة و جعلته حجة في ما بيني وبين الله.
ইমাম বুখাৰী ৰাহমাতুল্লাহ আলাইহিয়ে কৈছে যে মই ষোল্ল বছৰৰ ভিতৰত ছয় লাখ হাদিছৰ মাজৰ পৰা বাছনি কৰি আল জামিঅ'(বোখাৰী)লিখিছোঁ আৰু ইয়াক মোৰ আৰু আল্লাহৰ মাজত প্ৰমাণ(সাক্ষী)হিচাপে ৰাখিছোঁ। (هدى الساري مقدمة فتح البارى،ج٢،ص١٣٠٩/ذكر فضائل الجامع الصحيح،دار طيبة،الرياض)
সম্ভৱ যে বাকী ৩ লাখ হাদিছ আন মুহাদ্দিছৰ চৰ্ত অনুযায়ী ছহীহ আৰু এয়াও সম্ভৱ যে প্ৰথমে ছয় লাখ হাদিছৰ পৰা বাছনি কৰিছে তাৰ পিছত তিনি লাখ হাদিছৰ পৰা – প্ৰকৃততে আল্লাহ একমাত্ৰ জ্ঞানী।
ঈমাম মুছলিম(মুছলিম শ্বৰীফৰ লিখক ৰাহমাতুল্লাহ আলাইহি)ৰ স্বীকাৰোক্তিঃ
ছহীহ মুছলিমৰ তাশ্বাহুদৰ অধ্যয়ত এই কথা উল্লেখ আছে যে-
قال ابو إسحاق: قال أبو بكر بن اخت أبى النضر… فحديث أبي هريرة،فقال: هو صحيح يعني: “واذا قرا فانصتوا؟”فقال:هو عندى صحيح. فقال: لِم لَم تضعه هاهنا؟ قال: ليس كل شيء عندي صحيح وضعته هاهنا،إنما وضعت هاهنا ما اجمعوا عليه..
ঈমাম মুছলিমৰ প্ৰিয় শিষ্য আৰু ছহীহ মুছলিমৰ বৰ্ণনাকাৰী আবু ইছহাক ইব্ৰাহিম বিন ছুফিয়ান ৰাহিমাহুমুল্লাহে কৈছে: আবু বকৰ বিন উখ্ত্ আবু নদ্বৰে ইমাম মুছলিমক সুধিলে: হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৰ হাদিছ “واذا قرا فانصتوا অৰ্থাৎ ইমানে কিৰাত পাঠ কৰিলে তোমালোক চুপ হৈ থাকা” এয়া ছহীহ্নে ?
তেতিয়া ইমাম মুছলিমে উত্তৰ দিলে: হয়,এইটো মোৰ দৃষ্টিত ছহিহ। তাৰ পিছত আবু বকৰে সুধিলে: তেতিয়াহ’লে এইটো হাদিছ আপোনাৰ কিতাপ ছহীহ মুছলিমত লিখা নাই কিয়?
তেতিয়া ইমাম মুছলিমে ক’লে: মোৰ দৃষ্টিত (মোৰ চৰ্তনুযায়ী)প্ৰত্যেক ছহিহ হাদিছ ইয়াত মই লিখা নাই। ইয়াত কেৱল সৰ্বসন্মতিক্ৰমে বৰ্ণিত হাদিছহে সন্নিৱিষ্ট কৰিছোঁ।
(الصحيح لمسلم-ج١،ص١٧٤،كتاب الصلاة/باب التشهد فى الصلاة،مجلس البركات)
ঈমাম মুছলিমে দিয়া উত্তৰৰ শেষৰ বাক্য শাৰীৰ বাখ্যা কৰি ইমাম নবৱীয়ে মুকাদ্দামা শ্বৰ্হে মুছলিমত লিখিছে: মনত ৰখা উচিত! যে বহু বিদ্বান ফিকাহবিদ আৰু মুহাদ্দিছে স্পষ্ট কৰি দিছে যে হজৰত ইমাম বোখাৰী ও ইমাম মুছলিম ৰাহিমাহুমাল্লাহে সকলো ছহীহ হাদিছ সংগ্ৰহ কৰাৰ দায়িত্ব লোৱা নাছিল। আৰু সমস্ত ছহীহ হাদিছ তেওঁলোকৰ কিতাপত জমাও হোৱা নাই। আৰু এই কথা তেওঁলোকে নিজেই স্বীকাৰ কৰিছে,যিটো হাফিজ শ্বামছুদ্দিন ছাখাৱীয়ে ফাতহুল মুগীছত আৰু শ্বেইখ আব্দুল হক মুহাদ্দিছ দেহ্লৱীয়ে মুকাদ্দামা লম্আতত কৰিছে। (مقدمة لمعات التنقيح فى شرح مشكوٰة المصابيح،ج١،ص٤١،مبارك فور) গতিকে যেতিয়া ইমাম বুখাৰী আৰু ইমাম মুছলিমে বেছিভাগ ছহীহ হাদিছ বাদ দি তেওঁলোকৰ কিতাপত লাখ লাখ ছহীহ হাদিছৰ ভিতৰত মাত্ৰ কেইহাজাৰমান ছহীহ হাদিছ সংগ্ৰহ কৰিছে,তেন্তে কি বাকী সকলো ছহীহ হাদিছক অৱজ্ঞা কৰা হ’ব? গ্ৰহণযোগ্য নহ’ব ?
ছহীহ ইব্নে খুজাইমাহ,ছহীহ ইব্নে হিব্বান,মুস্তাদৰাক আলাচ্ ছহিহাইন,আল মোখতাৰাহ,ছহীহ ইব্নে আৱানাহৰ দৰে হাদিছৰ গ্ৰন্থ,যিবোৰ কিতাপ মুহাদ্দিছ সকলৰ দৃষ্টিত ছহীহ আৰু গ্ৰহণযোগ্য,তাক কি অৱজ্ঞা কৰা হ’ব? গ্ৰহণ কৰা নহ’ব?
ইয়াৰোপৰি ওৱাহাবী আহ্লে হাদিছৰ কিতাপ চাওঁক যে তেওঁলোকে ইচ্ছানুসৰি নিজৰ পক্ষ সাপেক্ষে যি হাদীছ য’তেই পোৱা যায় তাৰেই পৰা লৈ দলিলত ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে সিহঁতে কয়: “মা শ্বা আল্লাহু ওৱামা শ্বাআ মুহাম্মাদ অৰ্থাৎ আল্লাহে যি ইচ্ছা কৰে আৰু মহম্মদে ﷺ যি বিচাৰে” কোৱা শ্বীৰ্ক আৰু নিজৰ পক্ষত সেই হাদিছক দলিল ৰূপে আগবঢ়ায় যাক মুহাদ্দিছ সকলে মিছা,অত্যন্ত জইফ,অতি দুৰ্বল বা কোনো অস্তিত্ব নাই বুলিছে। সেইটো হৈছে –قولوا ماشاء الله وحده অৰ্থাৎ কেৱল আল্লাহে যি বিচাৰে কোৱা। ইয়াক মিচকাতৰ লিখকে হাদিছে মুকাত্বি’ বুলিছে অৰ্থাৎ ভিত্তিহীন।
(مشكوٰة-كتاب الاداب ،باب الاسام،ص٤٠٨،مجلس البركات)
ছিহাহ ছিত্তাৰ বাহিৰেও ছহীহ হাদীছৰ বহু কিতাপ আছে,সংখ্যাতো নাজানো কিন্তু কিছুমান ছহিহ ও মুহাদ্দিছ সকলৰ দৃষ্টিত গ্ৰহণযোগ্য গ্ৰন্থৰ নাম উল্লেখ কৰা হ’ল- মুৱাত্তা ইমাম মালিক,মুছনাদ আহমদ ইবনে হাম্বাল,ছহীহ ইবন হিব্বান,ছহীহ ইবনে খুজাইমাহ,মুছান্নাফ ইব্নে আবি শ্বাইবাহ,মুছনাদ আল-ইমাম আবি হানিফা,মোৱাত্তা ইমাম মহম্মদ,তাহাৱীৰ শ্বাৰ্হু মা’নি আ-ছাৰ,বাইহাকীৰ ছুনানুল কুব্ৰা, মুছান্নাফ আব্দু্ৰ ৰজ্জাক,মু’জাম আল-তাব্ৰানী,শ্বুঅবুল ঈমান বাইহাকী ইত্যাদি।
যিসকলে কয় ছিহাহ ছিত্তাৰ বাহিৰে কোনো ছহিহ হাদীছৰ কিতাপ নাই তেওঁলোকৰ কথা বাস্তৱৰ বিপৰীত আৰু ভুল,এয়া অজ্ঞতাৰ পৰিচয় আৰু এই কিতাপবোৰ অমান্য কৰাটো অজ্ঞানতা,পক্ষপাতিত্ব আৰু বিপথে পৰিচালিত হোৱাৰ বাহিৰে আন একো নহয়। ধৰ্মৰ গোটেই অংশটো কেৱল ছিহাহ ছিত্তাত নাই,আন হাদীছৰ কিতাপতো ধৰ্মৰ এক বৃহৎ অংশ আছে,সেয়েহে হাদীছৰ সকলো প্ৰামাণিক কিতাপ বিশ্বাস কৰাটো প্ৰয়োজনীয় অন্যথা বিপথে পৰিচালিত হোৱাত আৰু জাহান্নামৰ ৰাস্তাত উপনীত হোৱাত দেৰি নহ’ব। আল্লাহ পাকে সঠিক বুজাৰ ক্ষমতা দান কৰক। আ-মী-ন
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
মই শপত ল’লো কিন্তু পূৰ্ণ কৰিব নোৱাৰোঁ! Click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments