ৰাশি ফল চাব বিশ্বাস কৰিব পাৰি নেকি

ইছলামৰ দৃষ্টিত Astrology আৰু Horoscope 

প্ৰশ্নঃ- ৰাশি ফল চাব,বিশ্বাস কৰিব পাৰি নেকি,কি কয় এই বিষয়ে চৰিয়তে ?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- ইছলামৰ দৃষ্টিত ৰাশি ফল বা হাত ইত্যাদি চোৱা,দেখুওৱা সম্পূৰ্ণৰূপে হাৰাম। ইয়াৰ প্ৰতি বিশ্বাস কৰা কুফুৰ,চূড়ান্ত ভাৱে হাৰাম,গুণাহৰ কাম। বাতৰি-কাকতত এনেই পঢ়াৰো অনুমতি নাই।

ইয়াৰ সম্পূৰ্ণ উত্তৰ জনাৰ আগতে ৰাশি ফল(Horoscope)সম্পৰ্কে কিছু কথা জানি লোৱা উচিত। ৰাশি ফল অৰ্থাৎ ভৱিষ্যত বাণী। ৰাশি ফলৰ জৰিয়তে প্ৰতিদিনে গ্ৰহ-নক্ষত্ৰৰ স্থিতি অনুযায়ী সেই গ্ৰহৰ লগত জড়িত জাতকৰ জীৱনত ঘটিব লগীয়া স্থিতি সম্পৰ্কে আগতীয়াকৈ অৱগত কৰোৱা হয়। ই সচৰাচৰ ১২ প্ৰকাৰৰ; মেষ(Aries),বৃষ(Taurus),মিথুন(Gemini),সিংহ(leo),কৰ্কট(cancer),কন্যা(virgo),তুলা(libra),বৃশ্চিক(Scorpio),ধনু(Sagittarius),মকৰ(Capricorn),কুম্ভ(Aquarius)আৰু মীন(Pisces)

এতি‌য়া কথা হ’ল এই সম্পৰ্কে ইছলামৰ দৃষ্টিভংগী কি?

গ্ৰহ-নক্ষত্ৰৰ লগত মানুহৰ ভাগ্য-ভৱিষ্যতৰ সম্পৰ্ক মুঠেই নাই। গতিকে ইয়াৰ দ্বাৰা ভাগ্য নিৰ্ণয় কৰা বাতিল আৰু শ্বৰীয়ত বিৰোধী কাম। গ্ৰহ-নক্ষত্ৰৰ সৃষ্টিৰ উদ্দেশ্য তাৰ দ্বাৰা ভাগ্য নিৰ্ণয় কৰা বা ভৱিষ্যত কথন নহয় বৰং ইয়াৰ উদ্দেশ্য বেলেগ। এই সম্পৰ্কে আল্লাহ পাকে কৈছে:

وَلَقَدْ زَيَّنَّا السَّمَاءَ الدُّنْيَا بِمَصَابِيحَ وَجَعَلْنَاهَا رُجُومًا لِلشَّيَاطِينِ ۖ وَأَعْتَدْنَا لَهُمْ عَذَابَ السَّعِيرِ

নিশ্চয় আমি নিকটৱৰ্তী আকাশক প্ৰদীপপুঞ্জৰ দ্বাৰা সুশোভিত কৰিছো আৰু সেইবোৰক চয়তানসকলৰ প্ৰতি নিক্ষেপৰ উপকৰণ বনাইছো আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰিছো জ্বলন্ত অগ্নিকুণ্ডৰ শাস্তি।(ছুৰা আল‌ মুল্ক:৫) আন এঠাইত কৈছে: إِنَّا زَيَّنَّا السَّمَاءَ الدُّنْيَا بِزِينَةٍ الْكَوَاكِبِ وَحِفْظًا مِنْ كُلِّ شَيْطَانٍ مَارِدٍ

নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছো। আৰু ৰক্ষা কৰিছো প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা। (ছুৰা আছ ছাফ্ফাত:৬-৭) তদ্ৰুপ তেওঁ কয়: আৰু অৱশ্যে আমি আকাশত বুৰুজসমূহ(কক্ষপথ)সৃষ্টি কৰিছো আৰু প্ৰত্যক্ষকাৰী সকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছো।(ছুৰা আল হিজৰ:১৬)

তফছীৰে কাবীৰত আছে: আল্লাহ পাকে আকাশক নক্ষত্ৰৰে সজোৱাৰ দুটা মুখ্য উদ্দেশ্য হৈছে:১)আকাশক সৌন্দৰ্যময় কৰি তোলাৰ উদ্দেশ্যে বা সৌন্দৰ্য্যৰ খাতিৰত যথা তেওঁ কয়:আমি জমিনৰ সবাতোকৈ কাষৰীয়া আকাশক নক্ষত্ৰৰ দ্বাৰা সজাই ৰাখিছোঁ। ইয়াৰ দ্বাৰা প্ৰত্যক্ষ কৰোঁতাই কোনো ভিন্ন ৰঙেৰে সজ্জিত ৰঙীন চাদৰ অনুভৱ কৰে।২)বিদ্ৰোহ(Rebellious)চয়তানৰ পৰা আকাশক নিৰাপদে ৰখাৰ খাতিৰত যথা তেওঁ কয়:আমি প্ৰত্যেক অবাধ্য চয়তানৰ পৰা আকাশক নিৰাপত্তা দিবৰ বাবে নক্ষত্ৰৰে সজাইছোঁ,যে যেতিয়া চয়তান আকাশ অভিমুখে যোৱাৰ লক্ষ্য কৰে তেতিয়াই ফিৰিস্তাই অল্কপিণ্ডৰ দ্বাৰা মাৰি আঁতৰাই

(تفسير كبير،الصافات،تحت الآية:٦-٩؛٣١٧،خازن،الصافات،تحت الآية:٦-٩؛١٥ وغيره)

Astrology ৰ জ্ঞান লাভৰ প্ৰতি বাধা আৰোপ

মনুষ্যৰ ভাগ্য,ভবিষ্যত আৰু সুখ-দুখ আদি জ্ঞাত কৰিবৰ বাবে গ্ৰহ,নক্ষত্ৰ বা তৰাত চিন্তা ধাৰাৰ কাৰ্য ঐক্যমতত উলামায়ে কেৰামৰ দৃষ্টিত হাৰাম। হজৰত আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বীয়াল্লাহু আনহুই কয়:নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে;مَنِ اقْتَبَسَ عِلْمًا مِنَ النُّجُومِ اقْتَبَسَ شُعْبَةً مِنَ السِّحْرِ زَادَ مَا زَادَ

যিজনে জ্যোতিষবিদ্যা(গ্ৰহ,নক্ষত্ৰৰ জ্ঞান)ৰ এটা অংশ ল’লে সি যাদুৰ এটা অংশ ল’লে। এতিয়া যিমান বেছি আহৰণ কৰিব সিমানে বেছি যাদুৰ জ্ঞান আহৰণ কৰা স্বৰূপ হ’ব।(আৰু যাদু হাৰাম)(আবু দাউদ-৩৩০৫, ইবনে মাজা-কিতাবুল আদব,তাআল্লুমুন নজূম-৩৭৪৯)

যাদু বিশ্বাসী জান্নাতত প্ৰৱেশ নকৰিব

আন এক হাদিছত আহিছে:‘ ‘ثلاثةٌ لا يدخلونَ الجنَّةَ: مدمِن الخمر، وقاتل الرحم، ومصدّق بالسحر’  ‘তিন ধৰণৰ মানুহ জান্নাতত প্ৰৱেশ নকৰিব। মদ্যপানৰ সংগী,আত্মীয়ৰ লগত সম্পৰ্ক বিচ্ছেদ কৰোঁতা আৰু যাদুক বিশ্বাস কৰোতা।(এই তিনিওটা কাম কবিৰা গুণাহৰ অন্তৰ্ভুক্ত)(مسند احمد: ۴۳۹۹، صحیح ابن حبان: ۷؍۳۶۶)

এই হাদিছৰ আধাৰত সেই সমস্ত কথা অন্তৰ্ভুক্ত যে নক্ষত্ৰৰ কক্ষপথ বা গতিবিধিৰ পৰা আহৰণ কৰা হয়। আৰু গ্ৰহ,নক্ষত্ৰৰ প্ৰভাৱ পৃথিৱীৰ কোনো বস্তুৰ প্ৰতি পৰে বুলি মানি লোৱা সম্পূৰ্ণ নাজায়েজ।

নক্ষত্ৰক স্ব-প্ৰভাৱী বুলি‌ বিশ্বাস কৰা কুফুৰ

হাদিছৰ শ্বৰীফত আহিছে:নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ”হুদাইবিয়াহ”ৰ সময়ছোৱাত যি বৃষ্টিপাত হৈছিল,নামাজৰ পিছত তেওঁ কৈছে:

هَلْ تَدْرُونَ مَاذَا قَالَ رَبُّكُمْ؟ ، قَالُوا: اللَّهُ وَرَسُولُهُ أَعْلَمُ، قَالَ: قَالَ: أَصْبَحَ مِنْ عِبَادِي مُؤْمِنٌ بِي وَكَافِرٌ: فَأَمَّا مَنْ: قَالَ مُطِرْنَا بِفَضْلِ اللَّهِ وَبِرَحْمَتِهِ فَذَلِكَ مُؤْمِنٌ بِي كَافِرٌ بِالْكَوْكَبِ، وَأَمَّا مَنْ قَالَ: مُطِرْنَا بِنَوْئِ كَذَا وَكَذَا فَذَلِكَ كَافِرٌ بِي مُؤْمِنٌ بِالْكَوْكَبِ

আল্লাহ পাকে কি কৈছে তোমালোকে জানানে ? তেওঁলোকে ক’লে:আল্লাহ আৰু তেওঁৰ ৰাছুলে ভালদৰে জানে। তেওঁ কয়: আল্লাহে কৈছে: মোৰ বান্দাৰ মাজৰ পৰা কিছুমানে আজি ঈমান থকা অৱস্থাত পুৱা কৰিছে। আৰু কিছুমানে কাফিৰ হৈ(ঈমান নষ্ট কৰি)। এতেকে যিজনে কৈছে বৰষুণ আল্লাহৰ কৃপা আৰু ৰহমত(অনুগ্ৰহ)ত হৈছে সিহঁত মোৰ প্ৰতি ঈমান পোষণ কৰোঁতা হ’ল। আৰু গ্ৰহ-নক্ষত্ৰৰ অমান্যকাৰী। আৰু যিজনে কৈছে আমাৰ ওপৰত অমুক আৰু অমুক নক্ষত্ৰৰ বাবে বৃষ্টিপাত কৰা হৈছে সিহঁত মোৰ অমান্যকাৰী হ’ল আৰু গ্ৰহ-নক্ষত্ৰৰ প্ৰতি বিশ্বাসকাৰী।(আবু দাউদ -বাবু ফিন্নজূম-৩৯০৬)

মনুষ্যৰ ভাগ্যৰ লগত গ্ৰহ-নক্ষত্ৰৰ কোনো সম্পৰ্ক নাই

ইয়াৰোপৰি কাৰো ভাগ্য অথবা কোনো সন্তানৰ বা মনুষ্যৰ কোনো গ্ৰহ নক্ষত্ৰৰ লগত কোনোধৰণৰ সম্পৰ্ক থকা বুলি বিশ্বাস কৰাও ইছলাম বিৰুধী। এই সকলোবোৰ কথা অদৃশ্য জ্ঞান বা গ্বাইবৰ অন্তৰ্ভুক্ত আৰু গ্বায়েব সম্পৰ্কে আল্লাহ পাকে কৈছে:তেওঁ অদৃশ্য(গ্বায়েব)বিষয়ৰ জ্ঞানী,আৰু তেওঁ নিজৰ অদৃশ্যৰ জ্ঞান কাৰো ওচৰত প্ৰকাশ নকৰে। কিন্তু তেওঁৰ মনোনীত ৰাছুলৰ বাহিৰে। (ছুৰা জিন্:২৬,২৭) • আন এঠাইত কৈছে: وَعِنْدَهُ مَفَاتِحُ الْغَيْبِ لَا يَعْلَمُهَا إِلَّا هُوَ ۚ আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত,তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। (ছুৰা আল আনআম:৫৯) • কোৱা “আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কোনেও গায়েব নাজানে।(ছুৰা আন নমল:৬৫) আল্লাহে অৱগত কৰোৱাত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামেও গ্বায়েবৰ খবৰ জানে যথা কোৰআনত আহিছে: আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে। (ছুৰা আত্তাকৱীৰ:২৪) তদ্ৰুপ আল্লাহৰ বৰ্দানত তেওঁৰ অলী-আউলিয়া সকল।

এতেকে যদি কোনোৱে ভবিষ্যত সম্পৰ্কে অদৃশ্য জ্ঞান ৰাখে বুলি দাবী কৰে একক্ষণৰ পিছৰেই নহওঁক কিয়। সেই ব্যক্তি ধুৰন্ধৰ মিছলীয়া আৰু তাক অস্বীকাৰো কৰা হ’ব। কাৰণ নক্ষত্ৰৰ কোনো প্ৰভাৱ মনুষ্যৰ প্ৰতি নপৰে ‌যে যিজনৰ “মেষ” ৰাশি হ’ব তাৰ আজিৰ দিনটো এনে হ’ব বা যিজনৰ “সিংহ” ৰাশি হ’ব তাৰ দিনটো এনে হ’ব। আনহাতে এয়া এক এনে দাবী যাৰ নাই কোনো দলিল,নাই কোনো সাক্ষী।

অন্ধবিশ্বাসৰ পৰা আঁতৰি থকা অনিবাৰ্য

এতেকে মোমিন,মুছলমানৰ প্ৰতি এইসমূহ অন্ধবিশ্বাসৰ পৰা আঁতৰি থকা ওৱাজিব তথা অনিবাৰ্য। কাৰণ এইবোৰ কোনো খেল ধেমালিৰ কথা নহয় যে মাথোঁ অপছন্দনীয় হ’ব আৰু গুণাহ নহ’ব বৰং ই ঈমানৰ লগত জড়িত আৰু ঈমান নষ্ট কাৰী এটা তত্ত্ব। ই ঈমান আৰু কুফুৰৰ মাজত পৃথক কাৰী বিষয়,যিটো ইতিমধ্যে উপৰোক্ত হাদিছত পঢ়িলে। যদি কোনো ব্যক্তিয়ে এই বিশ্বাস ৰাখে যে “মনুষ্যৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ পৰে” তেন্তে এয়া এক বৃহৎ কুফুৰ হৈ পৰে। কাৰণ এনে বিশ্বাস ৰাখি সি এইটো প্ৰমাণ কৰিলে যে “আল্লাহ ব্যতীত এই সৃষ্ট জগতত তেওঁৰ ইচ্ছা অবিহনেই আন কোনোবাও আছে যিয়ে ভাগ্য নিৰ্ণয় কৰে”। আৰু এয়া *আল্লাহ পাকৰ লগত অংশীদাৰী কৰাৰ অন্তৰ্ভুক্ত এতেকে ই শ্বীৰ্ক।

Astrologer -জ্যোতিষী- আৰু চল্লিশ দিনৰ নামাজ

এই সম্পৰ্কে উম্মুল মোমিনীন হজৰত চফীয়া ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:    مَن أَتَى عَرَّافًا فسأله عن شيءٍ فصَدَّقَهُ بما قال لم تُقْبَلْ له صلاةٌ أَرْبَعِينَ يومًا    যি ব্যক্তিয়ে ভাগ্য সম্পৰ্কে জ্ঞাত কৰিবলৈ কোনো জ্যোতিষীৰ ওচৰত যায় তেন্তে তাৰ চল্লিশ দিনৰ নামাজ কবুল নহ’ব।(মুছলিম -২২৩০)

জ্যোতিষীৰ কথাক বিশ্বাস কৰা নবীক অস্বীকাৰ কৰা স্বৰূপ

এয়াটো মাথোঁ জ্যোতিষীৰ ওচৰত যোৱাৰ পৰিণতি। আনহাতে যদি তাৰ কথাক বিশ্বাস কৰি লয় তেন্তে তাৰ পৰিণাম ইয়াতকৈ কঠোৰ যথা অইন এক হাদিছত আহিছে:

مَنْ أَتَى عَرَّافَاً أَوْ كَاهِنَاً فَصَدَّقَهُ بِمَا يَقُوْلُ؛ فَقَدْ كَفَرَ بِمَا أُنْزِلَ عَلَى مُحَمَّدٍ – صلى الله عليه وسلم

যি ব্যক্তি জ্যোতিষী(বা যাদুকৰ)ৰ ওচৰত গৈ সি কোৱা কথাবোৰ সত্য বুলি মানি লয় তেন্তে সি নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা(কোৰআন ও ছুন্নত)ৰ অস্বীকাৰকাৰী।

(أَخْرَجَ أَبُوْ دَاوُدَ وَ الْتِّرْمِذِيُّ عَنْ أَبِيْ هُرَيْرَةَ – رضي الله عنه،الترغيب والترهيب:٣٠٤٧)

ৰাশি ফল বিশ্বাস কৰা শ্বীৰ্ক,হাৰাম আৰু তাৱক্কুলৰ বিপৰীতে

ছায়্যিদী আলা হজৰত ইমাম আহমদ ৰাজা খান ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে: বাকী নক্ষত্ৰ(তৰা)ত কোনো সৌভাগ্য বা প্ৰমোদ আৰু দুৰ্ভাগ্য ⁽ᴴᵃᵖᵖⁱⁿᵉˢˢ & ᵖʳᵒˢᵖᵉʳⁱᵗʸ ᵃⁿᵈ ᵐⁱˢᶠᵒʳᵗᵘⁿᵉ⁾ ৰ সম্পৰ্ক নাই। যদি সেইসমূহক স্ব-সিদ্ধিজনক বা স্ব-প্ৰভাৱী ⁽ᵉᶠᶠᵉᶜᵗⁱᵛᵉ⁾ বুলি মানি লয় তেন্তে সেয়া শ্বীৰ্ক(আল্লাহৰ লগত অংশীদাৰী কৰাক শ্বীৰ্ক বোলে)। আৰু সেইবোৰৰ পৰা সহায় বিচৰা হাৰাম অন্যথা সেইবোৰৰ অনুসৰণ নিশ্চিতভাৱে তাৱাক্কুল(আল্লাহৰ ওপৰত ভৰসা)ৰ বিৰুধী।

(فتاوی رضویہ،ج٢١،ص٢٢٣،رضا فاؤنڈیشن لاہور)

আল্লামা মুফতী আমজাদ আলী আজমী ৰাহমাতুল্লাহি আলাইহিয়ে লিখিছে: নক্ষত্ৰ সন্দৰ্ভত এনেধৰণৰ কথা যে য’ত নক্ষত্ৰৰ প্ৰভাৱ সম্পৰ্কে কোৱা কয়; “অমুক নক্ষত্ৰ ওলালে অমুক সংঘটিত হ’ব” এনেবোৰ কথা সম্পূৰ্ণৰূপে চৰিয়ত বিৰুধী। তদ্ৰুপ “নক্ষত্ৰৰ হিচাপ” যে অমুক নক্ষত্ৰৰ প্ৰভাৱত বৃষ্টিপাত হ’ব ইত্যাদি। হাদিছ শ্বৰীফত এনেবোৰ কথাক কঠোৰভাৱে অস্বীকাৰ কৰা হৈছে।  (بہارِشریعت،ج٣،ح١٦،ص٦٥٩،مکتبۃ المدینہ کراچی)

(ই‌য়াৰেই অন্তৰ্ভুক্ত ৰাশি কেলকুলেটৰৰ দ্বাৰা ৰাশি জনাৰ লগতে নিজৰ নক্ষত্ৰ,কুণ্ডলী,গ্ৰহ স্থিতি,অথবা দশা ইত্যাদি। এনেধৰণৰ চিন্তা ধাৰাৰ লগত ইছলামৰ সম্পৰ্ক নাই) ফতোৱা শ্বামীত আছে: 

والتنجیم۔۔۔أنا زجر عنه من ثلاثة أوجه،أحدھا انه مضر باکثر الخلق،وثانیھا:أن أحکام النجوم تخمین محض،وثالثھا:انه لا فائدۃ فیه۔

আৰু জ্যোতিষবিদ্যা __মই ইয়াৰ বিৰুধিতা তিনিটা কাৰণত কৰোঁ;প্ৰথম-ই অধিকাংশ লোকৰ বাবে ক্ষতিকাৰক। দ্বিতীয়- এই বিষয়ৰ তত্ত্ব মাথোঁ ঊহনীয় বা আঁটকালি ⁽ˢᵖᵉᶜᵘˡᵃᵗⁱᵛᵉ⁾। তৃতীয়- ইয়াত কোনো অৰ্থকৰী নহয়।(১/৪৪)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

মান্নত মানিব পাৰিনে ইয়াৰ পূৰ্ণতা কিমান আৱশ্যকীয় ? – ইছলামৰ পোহৰ

ৰাশি ফল চাব বিশ্বাস কৰিব পাৰি নেকি ৰাশি ফল চাব বিশ্বাস কৰিব পাৰি নেকি

আমাৰ ইউটিউব চেনেল click here 

 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d