মান্নত মানিব পাৰিনে ইয়াৰ পূৰ্ণতা কিমান আৱশ্যকীয়?
প্ৰশ্নঃ- আল্লাহৰ বাহিৰে অন্য কাৰো নামত মান্নত মনা বা প্ৰতিজ্ঞা কৰা বৈধনে,ইয়াৰ পূৰ্ণতা কিমান আৱশ্যকীয় ?(কোনো পীৰ,মাজাৰ আদিৰ মান্নত মনা বৈধনে,ইয়াৰ পূৰ্ণতা জৰুৰী নেকি)
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
উত্তৰঃ- প্ৰতিজ্ঞা,মান্নত বা নজৰ প্ৰায় আনটোৰ প্ৰতিশব্দ। এয়া মূলতঃ দুই প্ৰকাৰৰ ১)চৰ্ঈ প্ৰতিজ্ঞা। ২)ওৰ্ফী বা প্ৰচলিত প্ৰতিজ্ঞা।
১)চৰ্ঈ প্ৰতিজ্ঞা মানে হৈছে আল্লাহৰ নামত কোনো ইবাদত নিজৰ ওপৰত অৱশ্যকীয় কৰি লোৱা,যিটো পূৰ্বে আৱশ্যকীয় নাছিল যেনে এনেদৰে কোৱা যে “যদি মোৰ অমুক কামটো হয় তেন্তে মই দহ ৰাকাত নফল নামাজ পঢ়িম”, মোৰ সন্তান হ’লে ওমৰাহ হজ্জ কৰিব যাম ইত্যাদি। এইটো প্ৰতিজ্ঞাৰ সুকীয়া কিছু চৰ্ত আছে,যদি সেয়া পোৱা যায় তেন্তে এয়া পূৰণ কৰা ওৱাজিব হ’ব। আৰু পূৰ্ণ নকৰিলে গুণাহগাৰ হ’ব।
২)ওৰ্ফী বা প্ৰচলিত প্ৰতিজ্ঞা মানে হৈছে উপহাৰ বা চেলামি যেনে নবী সকলৰ(আলাইহিমুচ্ছালাম)বা আল্লাহৰ অলীৰ নামত এনেদৰে প্ৰতিজ্ঞা কৰা যে যদি মোৰ অমুকটো কাম হৈ যায় তেন্তে অমুক অলীৰ নামত মানুহক খাদ্য খুওৱাম বা মাদ্ৰাছাত ছাগলী দান কৰিম ইত্যাদি। দ্বিতীয় প্ৰকাৰৰ প্ৰতিজ্ঞাটো পূৰ্ণ কৰা ওৱাজিব নহয় কিন্তু উত্তম। আল্লাহৰ বাহিৰে অন্য কোনো নবী বা অলীৰ নামত ওৰ্ফী বা প্ৰচলিত(দ্বিতীয় প্ৰকাৰৰ)প্ৰতিজ্ঞা কৰাটো বৈধ,কিয়নো ইয়াৰ দ্বাৰা প্ৰতিজ্ঞাকাৰীৰ উদ্দেশ্য মাথোঁ এয়াই থাকে যে “এই কামটো মই আল্লাহৰ সন্তুষ্টিৰ বাবে কৰিম কিন্তু ইয়াৰ চোৱাব অমুক অলীৰ নামত প্ৰেৰণ কৰিম”, ইয়াত চৰীয়তে নিষেধাজ্ঞা আৰোপ কৰা নাই।
প্ৰথম প্ৰকাৰৰ প্ৰতিজ্ঞা বা চৰ্ঈ মান্নত একমাত্ৰ আল্লাহৰ বাবেহে বৈধ,আনৰ বাবে ই বৈধ নহয় বৰং নিষিদ্ধ ও নাজায়েজ।
মান্নত বা প্ৰতিজ্ঞাৰ প্ৰকাৰ সম্পৰ্কে জালালুদ্দীন আমজাদি ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে: প্ৰতিজ্ঞা দুই ধৰণৰ;এটা চৰ্ঈ আৰু আনটো ওৰ্ফী বা প্ৰচলিত প্ৰতিজ্ঞা। চৰ্ঈ প্ৰতিজ্ঞা মানে হৈছে নিজৰ ওপৰত অবাধ্যতামূলক উপাসনাক বাধ্যতামূলক কৰি লোৱা। আৰু প্ৰচলিত প্ৰতিজ্ঞা মানে হৈছে উপহাৰ বা পেছকছ। চৰ্ঈ প্ৰতিজ্ঞা আল্লাহ ব্যতীত আন কাৰো নামত বৈধ নহয়। প্ৰচলিত প্ৰতিজ্ঞা নবী সকলৰ(আলাইহিমুচ্ছালাম)বা আল্লাহৰ অলীৰ নামত বৈধ। চৰ্ঈ প্ৰতিজ্ঞা পূৰ্ণ কৰা ফৰজ বা অনিবাৰ্য। যদি ছদ্কা বা দান দক্ষিণাৰ মান্নত হয় তেন্তে জাকাতৰ যোগ্যলোকেহে সেয়া খাব বা ল’ব পাৰিব। কোৰআনত চৰ্ঈ প্ৰতিজ্ঞা সম্পৰ্কে আছে: وَلْيُوفُوا نُذُورَهُمْ আৰু নিজৰ মান্নত পূৰ্ণ কৰা।(আল- হজ্জ-২৯)
আৰু প্ৰচলিত প্ৰতিজ্ঞা হ’লে ধনী- দুখীয়া সকলোৱে খাব পাৰিব।(فتاوی فیض الرسول،ج۲،ص٣٤١،مطبوعہ شبیر برادرز ،لاہور) কোৰআনত চৰ্ঈ প্ৰতিজ্ঞা সম্পৰ্কে উল্লেখ আছে: وَلْيُوفُوا نُذُورَهُمْ আৰু নিজৰ মান্নত পূৰ্ণ কৰা।(আল- হজ্জ-২৯)
এই আয়াতৰ বাখ্যা তফছীৰে কুৰতোবীত লিখিছে:
(وَلْيُوفُوا نُذُورَهُمْ)أُمِرُوا بِوَفَاءِ النَّذْرِ مُطْلَقًا إِلَّا مَا كَانَ مَعْصِيَةً، لِقَوْلِهِ عَلَيْهِ السَّلَامُ:(لَا وَفَاءَ لِنَذْرٍ فِي مَعْصِيَةِ اللَّهِ)
এই আয়াতত গুণাহৰ প্ৰতিজ্ঞা ব্যতীত সকলোধৰণৰ মান্নত বা প্ৰতিজ্ঞা পূৰণৰ আদেশ দিয়া হৈছে,কাৰণ নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: আল্লাহৰ অবাধ্যতাত কোনো প্ৰতিজ্ঞা পূৰণ কৰা নহ’ব। (تفسیر قرطبی،ج۱۲،ص٣٤،بیروت) হাদিছ শ্বৰীফত আছে: হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বীয়াল্লাহু আনহাৰ পৰা বৰ্ণিত,নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: مَنْ نَذَرَ أَنْ يُطِيعَ اللَّهَ فَلْيُطِعْهُ وَمَنْ نَذَرَ أَنْ يَعْصِيَهُ فَلَا يَعْصِهِ
যিয়ে এই প্ৰতিজ্ঞা কৰে যে তেওঁ আল্লাহৰ উপাসনা কৰিব,তেতিয়া তেওঁ আল্লাহৰ উপাসনা কৰিব লাগে(অৰ্থাৎ মান্নত পূৰণ কৰিব লাগে)আৰু যিয়ে অবাধ্যতাৰ কোনো প্ৰতিজ্ঞা কৰে তেন্তে সেয়া পূৰণ কৰা নহ’ব।(صحیح البخاری،باب النذر فى الطاعة،ج٢،ص٥٢٢،مطبوعة لاهور) ওৰ্ফী বা প্ৰচলিত প্ৰতিজ্ঞাৰ বৈধতা সম্পৰ্কে কোৰআনৰ আয়াত وَمَا أُهِلَّ بِهِ لِغَيْرِ اللَّهِ ۖۖ (বাকাৰাহ-১৭৩)ৰ বাখ্যা কৰি তফছীৰাতে আহমদিয়াত আছে: ومن ههنا علم أن البقرة المنذرة لاولياء كما هوالرسم في زماننا حلال طيب এই আয়াতৰ পৰা বুজা যায় যে আউলিয়া(আল্লাহৰ অলী)ৰ নামত মান্নত মনা গৰুটো হালাল ও পবিত্ৰ,যিদৰে আমাৰ অঞ্চলত প্ৰচলিত। (تفسيرات أحمديه،سورة البقرة،ص:٤٥، مطبوعه كوئٹہ)
বাহৰুৰ ৰাঈকত আছে: أن قال يا اللہ إني نذرت لك إن شفيت مريضي،أو رددت غائبي أو قضيت حاجتي أن أطعم الفقراء الذين بباب السيدة نفيسة،أو الفقراء الذين بباب الإمام الشافعي، أو الإمام الليث،أو أشتري حصیرا لمساجدهم، أو زيتا لوقودها أو دراهم لمن يقوم بشعائرها إلى غير ذلك مما يكون فيه نفع للفقراء والنذر للہ عز وجل وذكر الشيخ إنما هو محل لصرف النذر لمستحقيه الفاطنين برباطه، أو مسجده، أو جامعه فيجوز بهذا الاعتبار إذ مصرف النذر الفقراء وقد وجد المصرف
যদি কোনোবাই এনেদৰে প্ৰতিজ্ঞা কৰে: হে আল্লাহ! মই তোমাৰ বাবে প্ৰতিজ্ঞা কৰিছো যে যদি তুমি মোৰ এই ৰোগীজনক আৰোগ্য প্ৰদান কৰা,বা মোৰ হেৰুৱা প্ৰিয়জনক ঘূৰাই দিয়া,বা মোৰ অমুক প্ৰয়োজন পূৰণ কৰা,তেন্তে মই মই ছায়্যিদা নাফিছা বা ইমাম শ্বাফী বা ইমাম লাইছৰ মাজাৰৰ দৰিদ্ৰবোৰক খাদ্য খুৱাম নহ’লে এই নেক ব্যক্তিসকলৰ মছজিদৰ বাবে পাটী কিনি দিম বা তাত লেম্প জ্বলাবলৈ তেল দিম বা তাত কাম কৰা খাদিমক দিৰহাম(পইছা)দিম ইত্যাদি। ইয়াত দুখীয়াৰ বাবে এটা লাভ আছে আৰু প্ৰতিজ্ঞা উচ্চ আল্লাহৰ বাবে। নেক ব্যক্তিসকলৰ কথা এইবাবেই উল্লেখ কৰা হৈছে যে প্ৰতিজ্ঞাৰ বস্তু খৰচ কৰাৰ বাবে সেয়া এটা ঠাই অৰ্থাৎ তেওঁলোকৰ মছজিদ,মাদ্ৰাছা বা তাত থকা দৰিদ্ৰ সেৱকসকলৰ ওপৰত মান্নতৰ বস্তু খৰচ হ’ব,গতিকে এইদৰে মান্নত বা প্ৰতিজ্ঞা কৰাটো জায়েজ,কাৰণ মান্নতৰ উপযুক্ত হৈছে দৰিদ্ৰ,ফকিৰসকল আৰু ইয়াত তেওঁলোকৰ ওপৰত খৰচ হৈছে। (بحرالرائق ،کتاب الصوم ،باب الاعتکاف،ج٢،ص٥٢١،مطبوعہ کوئٹہ)
আৰিফ বিল্লাহ ইমাম আব্দুল ওৱাহ্হাব শ্বেঅৰানী ৰাহমাতুল্লাহ আলাইহিয়ে হজৰত আবুল মাৱাহিব শ্বাযলী ৰাহমাতুল্লাহ আলাইহিৰ সম্পৰ্কত লিখিছে:
کان رضی اللہ عنه یقول رأیت النبی صلی اللہ علیه وآله وسلم فقال اذا کان لك حاجة واردت قضائھا فانذر للنفیسة الطاھرۃ و لو فلسا فان حاجتك تقضٰی
হজৰত শ্বাযলী ৰাহমাতুল্লাহ আলাইহিয়ে কৈছে: মই নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক দেখিছোঁ,তেওঁ কৈছে: তোমাৰ কোনো প্ৰয়োজন আহিলে যদি সেয়া পূৰ্ণ হোৱাটো বিচৰা তেন্তে এটকাৰেই নহওঁক কিয় ছায়্যিদাহ নাফিছা তা-হিৰাৰ মান্নত বা প্ৰতিজ্ঞা কৰি লোৱা তোমাৰ প্ৰয়োজন পূৰণ হ’ব।
(الطبقات الکبریٰ،ابو المواھب شاذلی،ج٢،ص١٤٨،مطبوعہ مکتبة الثقافة الدینیة)
আল্লামা আব্দুল গনী নাবুলুছী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে:
والنذر لھم بتعلیق ذٰلك علٰی حصول شفاء او قدوم غائب فانه مجاز عن الصدقة علی الخادمین بقبورھم
যিটো মান্নত বা প্ৰতিজ্ঞা অলী সকলৰ বাবে গ্ৰহণ কৰা হয় আৰু ৰোগীৰ আৰোগ্য বা হেৰুৱাজন উভতি অহাৰ ওপৰত স্থগিত ৰখা হয়,তাৰ অৰ্থ হৈছে অলীসকলৰ মাজাৰৰ পৰিচাৰকসকলক দান- বৰঙণি দিয়া। (الحدیقۃ الندیة شرح الطریقة المحمدیة الخلق الثامن والاربعون،ج۲،ص١٥١،مکتبہ نوریہ رضویہ،فیصل آباد)
হজৰত মৌলানা শ্বাহ আব্দুল আজিজ মুহাদ্লিছে দেহ্লৱী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে:
حضرت امیر وذریۃ طاھرہ اور اتمام امت برمثال پیراں و مرشداں می پرستند وامور تکوینیہ را بایشاں وابستہ می دانند وفاتحہ و در ود صدقات و نذر بنام ایشاں رائج و معمول گردیدہ چنانچہ باجمیع اولیاء ﷲ ہمیں معاملہ است فاتحہ ودرود ونذر وعرس و مجلس
হজৰত আমিৰ(আলী ৰাদ্বিয়াল্লাহু আনহু) আৰু তেওঁৰ বংশধৰসকলক সকলোৱে পীৰ,পথপ্ৰদৰ্শক আৰু গুৰু বুলি গণ্য কৰে। আৰু ফাতিহা,দুৰুদ,ছদাকা আৰু মান্নত বা প্ৰতিজ্ঞা আদি সম্পৰ্কীয় বিষয়বোৰ তেওঁলোকৰ নামত চৰ্চা কৰা হয়। ই স্বাভাৱিক হৈ পৰিছে গতিকে নজৰ বা প্ৰতিজ্ঞা আৰু নিয়াজ,ফাতিহা,দুৰুদ,উৰ্ছ আৰু মেহফিলৰ নামত সংগঠিত হোৱা সকলো আউলিয়াসকলৰ ক্ষেত্ৰত এইটোৱেই। (تحفہ اثنا عشریہ،باب ھفتم درامامت،ص٢١٤،،مطبوعہ سھیل اکیڈمی،لاھور)
আল্লাহ পাকে আমাক সঠিক বুজাৰ ক্ষমতা দান কৰক।আ-মী-ন।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
মান্নত মানিব পাৰিনে ইয়াৰ পূৰ্ণতা কিমান আৱশ্যকীয় ?
আমাৰ ইউটিউব চেনেল click here
ছিগা পুৰণা কোৰআন কি কৰিব লাগিব – click here
Recent Comments