মছজিদত বহুতো ফটা-ছিগা কোৰান শ্বৰীফ আছে কি কৰা যাব জনাবচোন ?

প্ৰশ্নঃ- মছজিদত বহুতো ফটা-ছিগা কোৰান শ্বৰীফ আছে কি কৰা যাব জনাবচোন ?

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- যিবোৰ কোৰআন আৰু কিতাপৰ সেই অংশ য’ত কোৰআনৰ আয়াত লিখা আছে বা সেইবোৰ কাগজ আৰু কিতাপৰ অংশ য’ত হাদিছ,আল্লাহৰ নাম,ৰাছুল বা ফিৰিস্তাৰ নাম আদি লিখা আছে,যিবোৰ ব্যৱহাৰৰ যোগ্য হৈ থকা নাই,সেইবোৰত মাটি নলগাকৈ পৰিষ্কাৰ কাপোৰ আদিৰে মেৰিয়াই মাটিত দফন কৰি থোৱা হ’ব। আৰু যদি তেনেকুৱা পবিত্ৰ ঠাই নাই বা কিবা কাৰণত দফন কৰিব নোৱাৰিলে তেন্তে গধুৰ শিল ইত্যাদিৰে বান্ধি অতি বিশুদ্ধ পানীত এনেদৰে এৰি দিব লাগে যাতে এই কাগজবোৰ পানীৰ তললৈ গৈ তাত গলি যায়,আৰু ভাঁহি নুঠে বা পাৰলৈ উটি নাহে য’ত তাৰ অপমান হোৱাৰ সম্ভাৱনা থাকে,তাৰ প্ৰতি অতি লক্ষ্য ৰখা উচিত। জ্বলাই দিয়া নহ’ব।

ইয়াৰ বাহিৰে যিবোৰ কাগজৰ পৰা কোৰআনৰ আয়াত বা হাদিছ অথবা আল্লাহ ও ৰাছূল বা ফিৰিস্তাৰ নাম আদি মচি নাইকীয়া কৰি দিয়া হৈছে বা গৈছে সেইবোৰ জ্বলাই দিয়াত অসুবিধা নাই। এইসমূহ বৈ যোৱা পবিত্ৰ পানীত উটুৱাই দিব বা দফন কৰি থব পাৰি কিন্তু দফন কৰি দিয়া উত্তম।

• জ্বলাই নিদি মানুহক দফন কৰাৰ দৰে সন্মান সহকাৰে পবিত্ৰ ঠাইত কবৰ বনাই দফন কৰি থোৱা উত্তম,এয়া আল্লাহৰ কালামৰ সন্মান। এনেধৰণৰ কথাই উল্লেখ আছে ফতোৱা শ্বামীত।

(الدر المختار مع ردالمحتار،جلد 09،ص696)

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

ছজিদত বহুতো ফটা-ছিগা কোৰান শ্বৰীফ আছে কি কৰা যাব জনাবচোন ?

নাপাক ব্যক্তিৰ কাপোৰো নাপাক নেকি ? পত্নীৰ লগত সহবাসৰ পিছত বিছনা চাদৰ ধোৱাটো জৰুৰী নেকি ? – ইছলামৰ পোহৰ click here 

আমাৰ ইউটিউব চেনেল click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d