প্ৰশ্নঃ- জানাজাৰ নামাজৰ ফৰজ ও ছুন্নতসমূহৰ লগতে পঢ়াৰ পদ্ধতি বিস্তাৰিতভাৱে জনাবচোন?
উত্তৰঃ- জানাজাৰ নামাজ ফৰজে কিফায়া অৰ্থাৎ সমাজৰ হৈ দুই এজনে আদায় কৰিলেও গোটেই সমাজৰ হৈ আদায় হৈ যায় কিন্তু কোনেও নপঢ়িলে গোটেই সমাজ ইয়াৰ বাবে দায়ী বা গুণাহগাৰ হ’ব। এই নামাজৰ অস্বীকাৰকাৰী মুছলমান হৈ নাথাকে। এই নামাজৰ বাবে জামাত হোৱাটো চৰ্ত নহয় বৰং এজনেও যদি পঢ়ে ফৰজ আদায় হৈ যাব। জানাজৰ নামাজ ফৰজ হোৱাৰ চৰ্ত সমূহ নামাজৰ চৰ্তৰ দৰে একেই অৰ্থাৎ মুছলমান হোৱা,লগতে মৃত্যুৰ খবৰ পোৱা। বালিগ অৰ্থাৎ প্ৰাপ্তবয়স্ক হোৱা। বিবেক সম্পন্ন হোৱা। ক্ষমতা থকা,অক্ষমৰ প্ৰতি ওৱাজিব নহয়।
জানাজাৰ নামাজত দুই ধৰণৰ চৰ্ত আছে; পঢ়োতা সম্পৰ্কীয় আৰু মৃত ব্যক্তি সম্পৰ্কীয়।
জানাজাৰ নামাজ পঢ়োতাৰ বাবে চৰ্ত:
১)পবিত্ৰতা;শৰীৰ,পোছাক আৰু নামাজৰ স্থান পবিত্ৰ হোৱা। ২)ছতৰ আবৃত কৰা(অৰ্থাৎ যিখিনি ঢাকি ৰখা বাধ্যতামূলক; পুৰুষৰ নাভিৰ তলৰ পৰা আঁঠুৰ তললৈ,এয়া ঢাকি ৰখা ফৰজ।) ৩) কা’বা শ্বৰীফ বা কিব্লাৰ পিনে মুখ কৰা। ৪) নিয়্যত কৰা।
মৃত ব্যক্তি সম্পৰ্কীয় কিছু চৰ্ত:
১) মৃত ব্যক্তিজন মুছলমান হোৱা। • মৃত ব্যক্তি অৰ্থাৎ যিজন জীৱিত অৱস্থাত জন্ম হৈ পিছত মৃত্যু হৈছে। যদি মৃত জন্ম হৈছে অথবা অধিকাংশ শৰীৰ ওলোৱাৰ পূৰ্বে মৃত্যু হৈছে তেন্তে জানাজাৰ নামাজ নাই।
২) মৃত ব্যক্তিৰ শৰীৰ আৰু কাফন পবিত্ৰ হোৱা। • শৰীৰ পাক হোৱা অৰ্থাৎ তেওঁক গোচল দিয়া বা প্ৰয়োজনত তয়ম্মুম কৰোৱা হ’ব লাগিব আৰু কাফন পিন্ধোৱাৰ আগত তেওঁৰ শৰীৰৰ পৰা নাপাকি ওলালে ধুই দিয়া হ’ব কিন্তু পিছত ওলালে ধোৱাৰ প্ৰয়োজন নাই। আৰু কাফন পাক হোৱাৰ অৰ্থ হৈছে পবিত্ৰ কাপোৰৰ কাফন দিয়া,যদি কাফন পৰিধান কৰোৱাৰ পিছত নাপাকি ওলায় আৰু কাফনত লাগি যায় তেন্তে কোনো অসুবিধা নাই। • গোচল নিদিয়াকৈ নামাজ পঢ়িলে নামাজ নহ’ব। গোচল দি আকৌ জানাজাৰ নামাজ পঢ়া হ’ব। • যদি কবৰত ৰখা হৈছে আৰু মাটি দিয়া নাই তেন্তে উলিয়াই আনি গোচল দি আকৌ জানাজাৰ নামাজ পঢ়া হ’ব। যদি মাটি দিয়া হৈছে তেন্তে এতিয়া উলিওৱা নহ’ব এতেকে তেওঁৰ কবৰত জানাজাৰ নামাজ পঢ়া হ’ব কাৰণ প্ৰথম নামাজ হোৱা নাই যিহেতু গোচল নিদিয়াকৈ পঢ়া হৈছিল। আৰু এতিয়া গোচলৰ ক্ষমতা নথকাৰ বাবে নামাজ হৈ যাব।¹
৩) জানাজাটো (মৃত শৰীৰ) উপস্থিত হোৱা অৰ্থাৎ সম্পূৰ্ণ শৰীৰ বা অধিকাংশ অথবা শিৰসহ(মূৰ)অৰ্ধ শৰীৰ মজুত থাকিব লাগিব এতেকে মৃত শৰীৰৰ অনুপস্থিতিত জানাজাৰ নামাজ নহ’ব।
৪) জানাজা মাটিত ৰাখি থোৱা বা হাতত লৈ থকা হ’ব লাগিব কিন্তু কাষত হ’ব লাগিব। যদি জন্তু আদিৰ ওপৰত থৈ পঢ়া হয় তেন্তে নামাজ নহ’ব।
৫) জানাজা সকলোৰে আগত কিব্লামুখী হোৱা। – যদি নামাজিৰ পিছফালে হয় তেন্তে নামাজ শুদ্ধ নহ’ব।
৬) মৃত লোকজনৰ ছতৰ অৰ্থাৎ যিখিনি ঢাকি ৰখা বাধ্যতামূলক সেইখিনি আবৃত থকা।
৭) মৃত ব্যক্তিজন ঈমামৰ সন্মূখত হোৱা অৰ্থাৎ এগৰাকী মৃতলোক হ’লে তেওঁৰ শৰীৰৰ কোনো অংশ ঈমামৰ সন্মূখত হোৱা আৰু বহুত হ’লে কোনোবা এজনৰ শৰীৰ ঈমামৰ সন্মূখত থকা।
(الدر المختار و رد المحتار،كتاب الصلاة،باب صلاة الجنازة،مطلب فى صلاة الجنازة،ص١٠٢-١٠٤،،¹١٢٥،،الوقفیہ)
জানাজাৰ নামাজৰ ফৰজ ও ছুন্নতসমূহ:
জানাজাৰ নামাজত দুইটা ফৰজ:- ১) চাৰিবাৰ তকবীৰ কোৱা। ২) থিয় হৈ জানাজা পঢ়া। • কোনো কাৰণ নোহোৱাকৈ জানাজা নামাজ আওঁজি বা বহি অথবা আৰোহণ অৱস্থাত পঢ়াৰ অনুমতি নহ’ব।
আৰু ছুন্নত তিনিটা:- ১) ছানা পঢ়া। ২) দুৰুদ পঢ়া। ৩) মৃতকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা। (المرجع السابق،ج٣،ص١٠٥-١٠٦)
জানাজা নামাজৰ পদ্ধতি:-
নিয়্যত কৰি কাণ পৰ্যন্ত হাত উঠাই আল্লাহু আকবাৰ কৈ তললৈ নমাই আনি নাভিৰ তলত সচৰাচৰ নামাজৰ দৰে হাত বন্ধা হ’ব তাৰ পিছত ছানা পঢ়ি হাত নুঠুৱাকৈ আল্লাহু আকবাৰ কোৱা হ’ব। তাৰ পিছত দুৰূদ শ্বৰীফ পঢ়ি আল্লাহু আকবাৰ কোৱা হ’ব। নামাজত পঢ়া দুৰূদটো পঢ়া উত্তম অৱশ্যে অইন কোনো দুৰূদ পঢ়িলেও অসুবিধা নাই। তাৰ পিছত দোআ মাছুৰা পঢ়ি আল্লাহু আকবাৰ কৈ হাত খুলি ছালাম ফিৰুৱা হ’ব। (المرجع السابق،ج٣،ص١٠٩-١١١)
জানাজা নামাজত পঢ়া দোআ ও দুৰূদ:-
প্ৰথম তকবীৰৰ পিছত ছানা পাঠ কৰা হ’ব:- ছুবহানাকাল্লাহুম্মা ওৱাবিহামদিকা,ওৱাতাবা- ৰাকাছমুকা,ওৱাতাআ’লা জাদ্দুকা,ওৱাজাল্লাছানা-উকা,ওৱালা ইলাহা গয়ৰুক।
দ্বিতীয় তকবীৰৰ পিছত দুৰূদ পাঠ কৰা হ’ব:- আল্লাহুম্মা ছাল্লিআলা মুহাম্মাদিও ওৱা আলা আলি মুহা’ম্মাদিন কামা ছাল্লাইতা আলা ইব্ৰাহিমা ওৱা আলা আলি ইব্ৰাহিমা ইন্নাকা হামিদুম্মাজীদ। আল্লাহুম্মা বাৰিক আলা মুহাম্মাদিও ওৱা আলা আলি মুহাম্মাদিন কামা বাৰকতা আলা ইব্ৰাহিমা ওৱা আলা আলি ইব্ৰাহিমা ইন্নাকা হামীদুম্মাজীদ।
তৃতীয় তকবীৰৰ পিছত দোআ মাছুৰা পাঠ কৰা হ’ব:-(প্রাপ্ত বয়স্ক,অপ্রাপ্ত বয়স্ক বালক ও বালিকাৰ জানাজাৰ দোআ ভিন্ন।) মৃত ব্যক্তি প্ৰাপ্তবয়স্ক পুৰুষ বা মহিলা হ’লে এই দোআ পঢ়া হ’ব:-আল্লাহুম্মাগফিৰ লিহায়্যিনা ওৱা মায়্যিতিনা ওৱা শ্বা’হিদিনা ওৱা গা’ইবিনা ওৱা স্বাগীৰিনা ওৱা কাবীৰিনা ওৱা জাকাৰিনা ওৱা উনছা’না। আল্লাহুম্মা মান আহইয়াইতাহু মিন্না ফাআহয়িহি আলাল ইছলাম। ওৱা মান তাওয়াফ্ফাইতাহু মিন্না ফাতাওয়াফ্ফাহু আলাল ঈমান। দোআ মাছুৰা পঢ়াৰ পিছত চতুৰ্থ তকবীৰ কৈ হাত খুলি ছালাম ফিৰাই নামাজ সম্পন্ন কৰা হ’ব। তাৰ পিছত যাৱতীয় কাম সম্পন্ন কৰা হ’ব।
শিশু মৃতকৰ বাবে দোআ মাছুৰা — যদি মৃতক নাবালক(ল’ৰা) হয় তেনেহলে দোআ মাছূৰা এনেকৈ পঢ়িব- আল্লাহুম্মাজ আল্হু লানা ফাৰাতাওঁ ৱাজ আলহু লানা আজৰাওঁ ওৱা জুখৰাওঁ ৱাজ আলহু লানা শ্বা’ফিআওঁ ওৱা মোশ্বাফ্ফাআ।
যদি মৃতক নাবালিকা(ছোৱালী)হয় তেনেহলে দোআ মাছূৰা এনেকৈ পঢ়িব — আল্লাহুম্মাজ আল্হা লানা ফাৰাতাওঁ ৱাজ আলহা লানা আজৰাওঁ ওৱা জুখৰাওঁ ৱাজ আলহা লানা শ্বা’ফিআতাওঁ ওৱা মোশ্বাফ্ফাআহ।(كتب فقه؛کتاب الجنائز)
কিছুলোকে জোতা পিন্ধি বা জোতাৰ ওপৰত থিয় হৈ জানাজাৰ নামাজ পঢ়ে,যদি পিন্ধি পঢ়ে তেন্তে জোতা আৰু তাৰ তলৰ মাটি দুয়োটাই পবিত্ৰ হোৱাটো প্ৰয়োজনীয়। আৰু জোতাৰ ওপৰত থিয় হৈ নামাজ পঢ়িলে জোতা পবিত্ৰ হোৱাটো আৱশ্যকীয়। কিন্তু সতৰ্কতা অৱলম্বন কৰি জোতা খুলি মাটিত ভৰি ৰাখি জানাজাৰ নামাজ পঢ়া উচিত। (فتاویٰ رضویہ،ج۹،ص١٨٨)
জানাজাৰ নামাজৰ নিয়্যত:-
পুৰুষৰ নিয়্যত হৈছে: নাৱাইতু আন উআদ্দিয়া লিল্লাহি তাআলা আৰবাআ তাকবিৰাতি ছালাতিল জানাজাতি ফাৰদ্বুল কিফায়াতি আচ্ছানাউ লিল্লাহি তাআলা ৱাদ্দুআউ লিহাজাল মায়্যিতি ইক্তাদাইতু বিহাজাল ঈমামি মুতাৱাজ্জিহান ইলা জিহাতিল কা’বাতিশ্বাৰীফাতি আল্লাহু আকবাৰ। মৃতক যদি মহিলা হয় তেন্তে “লিহাজাল মায়্যিতি” ৰ ঠাইত “লিহাজিহাল মায়্যিতি” ক’ব লাগিব।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
মই মোৰ মা-বাবাৰ জানাজাৰ নামাজ পঢ়াব পাৰিমনে ? – ইছলামৰ পোহৰ click here
আমাৰ ইউটিউব চেনেল click here
জানাজাৰ নামাজৰ ফৰজ ও ছুন্নতসমূহৰ লগতে পঢ়াৰ পদ্ধতি বিস্তাৰিতভাৱে
Recent Comments