প্ৰশ্নঃ-কোনোবা ব্যক্তিয়ে যদি পেচাব কৰি কুলুফ বা টিছু পেপাৰ ব্যৱহাৰ কৰি পানী নলয় তেন্তে পাক হ’বনে ?
উত্তৰঃ- পাক হ’ব। পবিত্ৰতা হাচিল কৰাৰ আটাইতকৈ উত্তম পদ্ধতি হ’ল প্ৰস্ৰাৱ পায়খানাৰ পিছত বিশুদ্ধ মাটি,পানী শুহিব পৰা শিলগুটি,পুৰণি কাপোৰ আদিৰে শুকাই তাৰ পিছত পানীৰে ধুই পেলোৱা। কিন্তু যদি কোনোবাই কেৱল পানী ব্যৱহাৰ কৰে,তেন্তে সেয়াও শুদ্ধ,তাত কোনো সমস্যা নাই। পেচাব কৰাৰ পিছত কুলুফ লোৱা অপৰিহাৰ্য বা অনিবাৰ্য নহয়। প্ৰস্ৰাৱ পায়খানাৰ পিছত উক্ত ঠাইখিনি পৰিস্কাৰ কৰাহে ছুন্নত। প্ৰসিদ্ধ কিতাপ নূৰুল ইদ্বাহত আছে- والسنة إنقاء المحلّ ঠাই(চৰমগাহ)পাক ও পৰিষ্কাৰ কৰা ছুন্নত। والغسل بالماء احب والأفضل الجمع بين الماء والحجر পানীৰে ধোৱা পছন্দনীয় আৰু কুলুফ(টিছু পেপাৰ হওঁক অথবা মাটিৰ টুকুৰা)আৰু পানী দুয়োটা ব্যৱহাৰ কৰা উত্তম। দুয়োটা ব্যৱহাৰ কৰিলে প্ৰথমে কুলূখ তাৰ পিছত পানী ব্যৱহাৰ কৰা হ’ব। প্ৰস্ৰাৱ কৰাৰ পিছত অকল পানীও ব্যৱহাৰ কৰিব পাৰি অথবা অকল কুলূখ(টিছু পেপাৰ হওঁক অথবা মাটিৰ টুকুৰা বা ছপৰা) উক্ত কিতাপৰ একেঠাইতে আহিছে; و يجوز أن يقتصر على الماء او الحجر (পৰিচ্ছন্নতা)পানী অথবা কুলুফ যিকোনো এটাৰে সম্পন্ন কৰিব পাৰে। (نور الإيضاح،ص30،فصل فی الأنجاس)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
কোনোবা ব্যক্তিয়ে যদি পেচাব কৰি কুলুফ বা টিছু পেপাৰ ব্যৱহাৰ কৰি পানী নলয় তেন্তে পাক হ’বনে ?
আমাৰ ইউটিউব চেনেল click here
টেটু(Tattoo)থাকিলে অজু হ’ব নে – ইছলামৰ পোহৰ click here
Recent Comments