খং উঠিলে অজু যায় নেকি,খং উঠিলে কি কৰা উচিত ?

প্ৰশ্নঃ- খং উঠিলে অজু যায় নেকি,খং উঠিলে কি কৰা উচিত ?

 

উত্তৰঃ- নাযায় কিন্তু অজু কৰি লোৱা মোস্তাহাব। আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:খং চয়তানৰ ফালৰ পৰা আৰু চয়তানৰ সৃষ্টি অগ্নিৰ পৰা গতিকে তোমালোকৰ কাৰোবাৰ খং উঠিলে অজু কৰি লোৱা। ইয়াৰোপৰি আল্লাহৰ আশ্ৰয় বিচাৰি কোৱা ” আউজুবিল্লাহি মিনাশ্বাইতানিৰ ৰাজীম) (আৰবাঈন লিন্নাবৱী-তিৰমিজী-৩৪৫২) আন এঠাইত কৈছে: যিয়ে নিজৰ জিভাক নিৰাপদে ৰাখিব আল্লাহে তাৰ দোষবোৰ লুকুৱাই ৰাখিব। আৰু যিয়ে নিজৰ খং নিয়ন্ত্ৰণ কৰিব,আল্লাহে কিয়ামতৰ দিনা তাৰ পৰা তেওঁৰ শাস্তি আঁতৰাই দিব। আৰু যিয়ে আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব,আল্লাহে তেওঁৰ ক্ষমা গ্ৰহণ কৰিব। (মিচকাত-৫১২১) নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: তোমালোকৰ মাজৰ কাৰোবাৰ খং উঠিলে তেওঁ থিয় হৈ থাকিলে‌ বহি দিয়ক,যদি খং গুচি যায় তেন্তে ঠিক নহ’লে বাগৰি দিয়ক(মিচকাত-৫১১৪) অৰ্থাৎ যি অৱস্থাত থকা হয় সেইটো সলনি কৰিলে বা অজু কৰিলে খং কমি যাব। অথবা লা হাওলা ৱালা কুওৱাতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম পঢ়ক। পানী খায় লওঁক বা যাৰ ওপৰত খং উঠিছে তাৰ পৰা আঁতৰি যাওঁক। মনত ৰাখিব! নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: নিজৰ খঙক নিয়ন্ত্ৰণ কৰাজনহে প্ৰকৃততে শক্তিশালী।(বোখাৰী:৬৫৮) আনহাতে পবিত্ৰ কোৰআন শ্বৰীফত আল্লাহে মুমিনৰ গুণাৱলীৰ মাজৰ এটা গুণ এয়াও উল্লেখ কৰিছে যে “মুমিনে খঙক দমন কৰে” যথা কৈছে; وَالْكَاظِمِينَ الْغَيْظَ وَالْعَافِينَ عَنِ النَّاسِ ۗ   

আৰু(মুমিন সেইসকল)যিসকল ক্ৰোধ সংবৰণকাৰী; মানুহৰ প্ৰতি ক্ষমাশীল।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁

খং উঠিলে অজু যায় নেকি খং উঠিলে কি কৰা উচিত ?

আমাৰ ইউটিউব চেনেল click here 

পৰীক্ষা কৰিবৰ বাবে ৰক্ত উলিয়ালে অজু ভংগ হ’ব নেকি ? – ইছলামৰ পোহৰ click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d