প্ৰশ্নঃ- ফৰজ গোছল নকৰাকৈয়ে কাম-কাজ কৰিব পাৰিনে ?
উত্তৰঃ- গোছল ফৰজ হৈ যোৱাৰ পিছত অথযা গা ধোৱাত পলম নকৰা উচিত। হাদিছ শ্বৰীফত আহিছে: যি ঘৰত অপবিত্ৰ লোক থাকে সেই ঘৰত ৰহমতৰ ফিৰিস্তা নাহে সেয়ে ততাতৈয়াকৈ গোছল কৰা উচিত অথবা অজু কৰি লোৱা উচিত যে অজু কৰাৰ পিছত ৰহমতৰ ফিৰিস্তা অহাত বাধা নাথাকে। অপবিত্ৰ অৱস্থাত ঘৰৰ কাম-কাজ কৰাত কোনো অসুবিধা নাই। যদি গা নোধোৱাকৈয়ে খোৱা-বোৱা কৰিব বিচাৰে তেন্তে অজু অথবা কুলি কৰা হ’ব আৰু যদি তেনেকৈয়ে খোৱা-বোৱা কৰে তেন্তে গুণাহ নহয় কিন্তু মকৰূহ আৰু ই দৰিদ্ৰতা কঢ়িয়াই আনে। হাদিছত আছে,নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: إن الملائكة لا تحضر جنازة كافر بخير، ولا جنبا حتى يغتسل أو يتوضأ وضوءه للصلاة
নিশ্চয়,ফিৰিস্তা সকল কাফিৰ মৃতকৰ ওচৰত কল্যাণসহ উপস্থিত নহয় আৰু অপবিত্ৰ ব্যক্তিৰ ওচৰলৈয়ো নাহে,যেতিয়ালৈকে তেওঁ গোছল অথবা নামাজৰ দৰে অজু নকৰে।(مصنف عبد الرزاق،کتاب الطھارۃ،باب الرجل ينام وهو جنب،ج۱،ص٢١٧،،دارالکتب العلمیہ،بیروت )
যদি অপবিত্ৰ ব্যক্তিয়ে অজু কৰি লয় তেন্তে ফিৰিস্তা প্ৰৱেশ কৰাত বাধা নাথাকে,এতেকে আব্দুৰ ৰাউফ মানাৱী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে:
فإنه إذا فعل ذلك لم تنفر الملائكة عنه ولم تمتنع عن دخول بيت هو فيه
অৰ্থাৎ নাপাক ব্যক্তিয়ে যেতিয়া এয়া কৰে (অৰ্থাৎ অজু)তেতিয়া ফিৰিস্তাসকলে তেওঁৰ পৰা আঁতৰি নাযায় আৰু তেওঁ যি ঘৰত আছে তাত প্ৰৱেশ কৰাত বাধাগ্ৰস্থ নহয়। (فیض القدیر،ج۳،ص٣٢٨،،دارالکتب العلمیہ،بیروت) বাহাৰে শ্বৰীয়তত আছে: যিজনৰ ওপৰত গোছল ফৰজ হৈ আছে তেওঁ স্নান কৰাত পলম কৰা অনুচিত। হাদীছত আছে যে নাপাক তথা অপবিত্ৰ ব্যক্তি থকা ঘৰত ৰহমতৰ ফিৰিস্তা নাহে। আৰু যদি ইমান দেৰি হয় যে নামাজৰ সময় শেষ হ’ব ধৰে তেন্তে তৎক্ষণাত গোছল কৰাটো ফৰজ তথা বাধ্যতামূলক,এতিয়া যদি তেওঁ পলম কৰে তেন্তে গুণাহগাৰ হ’ব। যদি তেওঁ খোৱা-বোৱা অথবা নিজৰ স্ত্ৰীৰ লগত সহবাস কৰিব বিচাৰে তেন্তে অজু কৰি লোৱা হ’ব বা হাত-মুখ ধুই লোৱা বা কুলি কৰা হ’ব। নাপাক অৱস্থাতেই খোৱা-বোৱা কৰা মকৰূহ,ই দৰিদ্ৰতা আনে।(بہارشریعت،ج۱،ص٢٢٥،،مکتبۃ المدینہ) মহিলাই ভাত বনোৱা,তেওঁৰ হাতেৰে খোৱা, স্পৰ্শ কৰা সকলো বৈধ।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁
ফৰজ গোছল নকৰাকৈয়ে কাম-কাজ কৰিব পাৰিনে ?
অজু কৰাৰ পিছত তেল vaseline আদি লগাব পাৰিনে ? – ইছলামৰ পোহৰ click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments