প্ৰশ্নঃ- পুৰুষ মানুহে সোণ,ষ্টিল,লোহা আদিৰ আঙুঠি বা চেইন(chain),ধাতুৰ braslet আদি পন্ধিব পাৰেনে ?
•┈┈┈┈••✦✿✦••┈┈┈┈•
উত্তৰঃ- প্ৰশ্নত উল্লেখিত সকলোবোৰ পুৰুষৰ বাবে হাৰাম ও গুণাহৰ কাম।
হাদিছ শ্বৰীফত আহিছে হজৰত আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত তেওঁ কৈছে যে ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে এজন ব্যক্তিৰ হাতত সোণৰ আঙুঠি দেখি খুলি পেলাই দিয়ে আৰু কয় যে কোনোবাই নিজৰ হাতত এঙাৰ(Charcoal)ৰাখে নেকি! যেতিয়া হুজুৰ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম গুচি গ’ল কোনোবাই তেওঁক ক’লে যে নিজৰ আঙুঠিটো উঠাই লোৱা(পিন্ধাৰ বাহিৰে)অইন কোনো কামত ব্যৱহাৰ কৰিবা তেতিয়া তেওঁ ক’লে: শপত আল্লাহৰ! মই কেতিয়াও নুঠাওঁ যিহেতু আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে পেলাই দিছে। (صَحیح مُسلِم ص۱۱۵۷حدیث۲۰۹۰)
হজৰত বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুই কৈছে: এজন ব্যক্তিয়ে পিতলৰ আঙুঠি পিন্ধি আছিল আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে সেয়া দেখি ক’লে;
أن رجلا جاء إلى النبي صلى الله عليه وسلم وعليه خاتم من حديد فقال مالي أرى عليك حلية أهل النار فطرحه ثم جاءه وعليه خاتم من شبه فقال مالي أجد منك ريح الأصنام فطرحه فقال يا رسول الله من أي شيء أتخذه قال اتخذه من ورق ولا تتمه مثقالا
কি কথা যে তোমাৰ পৰা মূৰ্তিৰ গোন্ধ ওলায় আছে! ব্যক্তিজনে সেই আঙুঠিটো পেলাই এটা লোহাৰ আঙুঠি পিন্ধি আহিলে,নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে; কি কথা যে তুমি জাহান্নামবাসীৰ অলংকাৰ পিন্ধিছা ? ব্যক্তিজনে সেইটোও পেলায় দিয়ে আৰু বিনয়ৰ সহিত সুধিলে ইয়া ৰাছুলাল্লাহ! কিহেৰে আঙুঠি বনাম ? তেওঁ ক’লে ৰূপৰ বনোৱা আৰু এক মিস্বকাল পূৰ্ণ নকৰিবা। (ছাৰে চাৰি মাশ্বাতকৈ কম অৰ্থাৎ ৪ গ্ৰাম ৩৭৪ মিলিগ্ৰামতকৈ কম) • আবু দাউদ-৪২২৩।
পুৰুষৰ বাবে সোণৰ আঙুঠি তথা চেইন পিন্ধা হাৰাম,আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে পুৰুষক সোণৰ আঙুঠি পিন্ধিব নিষেধ কৰিছে। হজৰত বাৰা ইবনু আযিব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কয়:
نَهَانَا النَّبِيُّ صلى الله عليه وسلم عَنْ سَبْعٍ نَهَانَا عَنْ خَاتَمِ الذَّهَبِ أَوْ قَالَ حَلْقَةِ الذَّهَبِ وَعَنْ الْحَرِيرِ وَالإِسْتَبْرَقِ وَالدِّيبَاجِ وَالْمِيثَرَةِ الْحَمْرَاءِ وَالْقَسِّيِّ وَآنِيَةِ الْفِضَّةِ
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে আমাক সাতটা বস্তুৰ পৰা নিষেধ কৰিছে:সোণৰ আঙঠি বা(বৰ্ণনাকাৰীয়ে)কয় সোণৰ ৰিং,মিহি ৰেচম,ডাঠ ৰেচম আৰু ৰেচম মিশ্ৰিত কাপোৰ,ৰেচমৰ পৰা তৈয়াৰী ৰঙা কাপোৰ,ৰেচম মিশ্ৰিত কাপোৰ আৰু ৰূপৰ পাত্ৰ। • বোখাৰী-৫৮৬৩।
• দুটা পাথৰ থকা বা দুটা আঙুঠি পিন্ধা মকৰূহে তহৰিমী,নাজায়েজ ও হাৰাম তথা নিষিদ্ধ। আৰু যি বস্তু পৰিধান কৰা মকৰূহ,তাৰ সতে নামাজ পঢ়াও মকৰূহ। ফতোৱা শ্বামীত আছে:
انما يجوز التختم بالفضة لو على هيئة حاتم الرجال اما لو له فصان او اكثر حرام
পুৰুষৰ বাবে ৰূপৰ আঙুঠি পিন্ধাৰ অনুমতি আছে যদিহে সেয়া পুৰুষৰ আঙুঠি স্বৰূপ হয়। কিন্তু যদি দুটা বা তাতোধিক পাথৰ হয় তেন্তে হাৰাম।(এটা আঙুঠিত দুটা পাথৰ হওঁক অথবা দুটা আঙুঠিত দুটা পাথৰ)। (كتاب الحظر و الإباحية،فصل فى اللبس،ج٩،ص٥٢١)
চৰীয়তৰ নিৰ্ধাৰিত পৰিমাণতকৈ অধিক পিন্ধা লোকক ঈমাম বনোৱা নিষেধ। আৰু তেওঁৰ পিছত নামাজ পঢ়া মকৰূহ। পুৰুষৰ বাবে ষ্টিল,লোহা,সোনৰ আঙুঠি তথা চেইন পিন্ধা হাৰাম।(নাবালক) ল’ৰাক সোণৰ অলংকাৰ(চেইন হওঁক অথবা আঙুঠি)পিন্ধোৱা হাৰাম আৰু যিজনে পিন্ধাব গুণাহগাৰ হ’ব,এনেদৰেই ল’ৰাৰ হাত ভৰিত অনাৱশ্যকীয়তাত মেহেন্দী লগোৱাও নাজাইজ বা অবৈধ। মহিলাই নিজে হাত ভৰিত লগাব পাৰে কিন্তু ল’ৰাক লগালে গুণাহগাৰ হ’ব।
(بہارِ شریعت ج۳ص۴۲۸، دُرِّمُختارو رَدُّالْمُحتار ج ۹ ص ۵۹۸ )
সৰু ল’ৰাৰ হাত ভৰিত মেহেন্দী লগালে অসুবিধা নাই। হাদিছ শ্বৰীফত আহিছে:লোহাৰ আঙুঠি জাহান্নামী সকলৰ অলংকাৰ।(ترمذی,ج۳,ص ۳۰۵,حدیث۱۷۹۲)
পুৰুষৰ বাবে সেই আঙুঠিহে বৈধ যিটো পুৰুষৰ বাবে বৈধ অৰ্থাৎ এটা পাথৰ থকা পিন্ধিব পাৰিব,একাধিক পাথৰৰ আঙুঠি পিন্ধাৰ অনুমতি নাই। সেই পাথৰ কেইটা ৰূপৰেই নহওঁক কিয়,এয়া নাজাইজ ও গুণাহৰ কাম। (رَدُّالْمُحتار ج۹ص۵۹۷)
পাথৰ বিহীন আঙুঠি পিন্ধা জাইজ নাই ৰূপৰেই নহওঁক কিয়,ইয়াৰ অনুমতি নাই কাৰণ সেয়া আঙুঠি নহয়। পুৰুষৰ বাবে এটাতকৈ বেছি(জাইজ)আঙুঠি পিন্ধাৰ অনুমতি নাই এয়া নাজায়েজ এনেদৰেই পাথৰ নোহোৱা ৰিং পিন্ধাও চূড়ান্ত ভাৱে নিষিদ্ধ,মহিলাই পিন্ধিব পাৰে।(بہارِ شریعت ج۳ص۴۲۸ )
ৰূপৰ আঙুঠি এটা পাথৰ সহ ৪ গ্ৰাম ৩৭৪ মিলিগ্ৰামতকৈ কম হ’লে পিন্ধা বৈধ,এয়া পিন্ধিব পাৰি যদিও কোনো দৰকাৰ নোহোৱাকৈ পিন্ধে।হয়! অহংকাৰ তথা আনৰ হেয়ৰ উদ্দেশ্যেৰে আঙুঠিয়েই নহয় সুন্দৰ কাপোৰো পিন্ধা জাইজ নাই। (فتاوٰی رضویہ,ج۲۲,ص۱۴۱)
দুয়ো ঈদত আঙুঠি পিন্ধা মোস্তাহাব।(بہارِ شریعت ج ۱ص ۷۷۹ ،۷۸۰)
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ৰূপৰ আঙুঠি পিন্ধিছিল যথা হাদিছত আহিছে;
عَنِ ابْنِ عُمَرَ أَنَّ النَّبِيَّ صلی الله عليه وسلم اتَّخَذَ خَاتَمًا مِنْ فِضَّةٍ فَکَانَ يَخْتِمُ بِهِ وَلا يَلْبَسُهُ
ইবনে উমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত;তেওঁ কৈছে যে নবীয়ে ﷺ ৰূপৰ আঙুঠি গঢ়াইছিল,(আঙুঠিৰ দ্বাৰা)চিঠি-পত্ৰত মোহৰ লগাইছিল আৰু পিন্ধিছিল।(شمائل ترمذی،ج۱،حدیث-٨٣)
ৰূপৰ আঙুঠি পিন্ধা সেইসকলৰ বাবেহে ছুন্নত যাৰ আঙুঠিৰে মোহৰ(Stamp)লগোৱাৰ প্ৰয়োজন যেনে ৰজা ও কাজী অথবা যিয়ে ফতোৱাত আঙুঠিৰে মোহৰ(Stamp)লগায়। ইয়াৰ বাহিৰে যাৰ মোহৰ লগোৱাৰ প্ৰয়োজন নাই সিহঁতৰ বাবে ছুন্নত নহয়, মাথোঁ পিন্ধা জাইজ। (عا لمگیری،ج-۵،ص-۳۳۵)
বৰ্তমান যুগত মোহৰ মাৰিবলৈ আঙুঠি কাজী হওঁক অথবা ইছলামী ৰজা কোনেও ব্যৱহাৰ নকৰে,সকলোৱে Stamp ব্যৱহাৰ কৰে গতিকে যিবোৰে আঙুঠি মোহৰৰ বাবে ব্যৱহাৰ নকৰে তেওঁলোকৰ বাবেও ছুন্নত নহয়। পুৰুষে আঙুঠিৰ পাথৰ হাতৰ তলুৱাৰ পিনে আৰু মহিলাই ওপৰৰ পিনে কৰি পিন্ধা উচিত। (الہدایۃ ج۴,ص,۳۶۷)
ৰূপৰ পাথৰ বিহীন আঙুঠি(ৰিং)একমাত্ৰ মহিলাৰ অলংকাৰ গতিকে পুৰুষৰ বাবে অনুমতি নাই,এয়া পিন্ধা মকৰূহে তহৰিমি(নাজায়েজ ও গুণাহৰ কাম)।(فتاوٰی رضویہ ج۲۲ ص۱۳۰)
মহিলাই সোন-ৰূপৰ যিমান ইচ্ছা কৰে পাথৰ থকা অথবা নথকা আঙুঠি তথা অলংকাৰ পিন্ধিব পাৰে,ইয়াত ওজন আৰু পাথৰৰ হিচাপৰ সিমাবদ্ধতা নাই। (نیکی کی دعوت-١٣١)
লোহাৰ আঙুঠিত বাকলিৰ দৰে ৰূপৰে ঢাকি দিলে উভয়ৰ বাবে পিন্ধা জাইজ। ( عالمگیری،ج۵،۳۳۵)
দুয়ো হাতৰ যিকোনো আঙুলিতে পিন্ধিব পাৰি,সৰু (কিনা)আঙুলিত পিন্ধা উচিত। (رَدُّالْمُحتار،ج۹،ص،۵۹۶)
জৰাফুঁকা কৰা কোনো ধাতুৰ(Metal)ৰিঙো পুৰুষৰ বাবে পিন্ধা জাইজ নাই,এনেদৰেই মদিনা শ্বৰীফ তথা আজমিৰৰ পৰা অনা বিনা পাথৰৰ আঙুঠি পিন্ধাৰ অনুমতি নাই ৰূপৰেই নহওঁক কিয় আৰু ষ্টিলৰ আঙুঠি পিন্ধাও জাইজ নাই।(نیکی کی دعوت-١٣١) আল্লাহে আমাক হাৰাম কৰ্মৰ পৰা দূৰত ৰাখক।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ মৌলানা ইঞ্জামুল হক মিছবাহী,দৰং অসম।
কি কি বাক্যৰে কছম নহয় ? Click here
আমাৰ ইউটিউব চেনেল click here
পুৰুষে সোণ বা লোহা অথবা ষ্টিলৰ আঙুঠি পিন্ধিব পাৰিবনে পুৰুষে সোণ বা লোহা অথবা ষ্টিলৰ আঙুঠি পিন্ধিব পাৰিবনে
Recent Comments