হস্তমৈথুন কৰিব পাৰিনে,ইয়াৰ পৰা বচাৰ উপায় কি ?

প্ৰশ্নঃ- হস্তমৈথুন কৰিব পাৰিনে,ইয়াৰ পৰা বচাৰ উপায় কি ?

 


উত্তৰঃ- হস্তমৈথুন(হাতেৰে যৌনতাৰ আমোদ লোৱা)হাৰাম তথা নিষিদ্ধ আৰু জাহান্নামত লৈ যোৱা কাম।

• যৌন ইচ্ছা পূৰণৰ বাবে দুটা পদ্ধতিৰ বাহিৰে তৃতীয়টো হাৰাম। ১) নিজৰ পত্নী। ২) চৰীয়ত সন্মত দাসী।(অৱশ্যে এতিয়া এয়া পোৱা নাযায়, প্ৰাচীন যুগত আৰবত ইয়াৰ প্ৰচলন আছিল যিহেতু ইয়াৰ বেচা-কিনা হৈছিল,মাল বুলি বিবেচিত হৈছিল।) কোৰআন আহিছে:

وَالَّذِينَ هُمْ لِفُرُوجِهِمْ حَافِظُونَ,إِلَّا عَلَىٰ أَزْوَاجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَانُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ,فَمَنِ ابْتَغَىٰ وَرَاءَ ذَٰلِكَ فَأُولَٰئِكَ هُمُ الْعَادُونَ

যিসকলে নিজৰ যৌনাংগক ৰাখে সংৰক্ষিত,কেৱল নিজৰ স্ত্ৰী অথবা অধিকাৰভুক্ত দাসীসকলৰ বাহিৰে। নিশ্চয় ইয়াত তেওঁলোক নিন্দিত নহ’ব। এতেকে যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰিব,সিহঁতেই হ’ব সীমালঙ্ঘনকাৰী। (ছুৰা আল মুমিনূন-৫,৬,৭)

• ইয়াৰোপৰি হাদিছ শ্বৰীফত আহিছে: نَاكِحُ الْيَدِ مَلْعُوْنٌ 

নবী কৰীম স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে;হাতেৰে যৌনাংগ সঞ্চালন কৰি তৃপ্তি লোৱা জনৰ প্ৰতি আল্লাহৰ লানত তথা অভিশাপ হওঁক।(كشف الخفاء،حرف النون،ج٢،ص٢٩١)

(بہار شریعت-ح٧،ص٥،ط مدینہ علمیہ،الدر المختار و رد المحتار،كتاب النكاح،مطلب كثيراً ما يتساهل في إطلاق المستحب على السنة-٣/٧٢)

 বাচি থকাৰ উপায়

• হজৰত আব্দুল্লাহ ইবনে মাছাঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:

عَنْ عَبْدِاللَّهِ بْنِ مَسْعُودٍ: قَالَ لَنَا رَسُولُ اللَّهِ ﷺ: يَا مَعْشَرَ الشَّبَابِ، مَنِ اسْتَطَاعَ مِنْكُمُ الْبَاءَةَ فَلْيَتَزَوَّجْ، فَإِنَّهُ أَغَضُّ لِلْبَصَرِ، وَأَحْصَنُ لِلْفَرْجِ، وَمَنْ لَمْ يَسْتَطِعْ فَعَلَيْهِ بِالصَّوْمِ؛ فَإِنَّهُ لَهُ وِجَاءٌ

হে ডেকাসকল! তোমালোকৰ মাজত সামৰ্থ থকা জনে নিকাহ কৰি লোৱা,ই আচহুৱা মহিলাৰ পৰা চকুক নিৰাপত্তা প্ৰদান কৰিব। আৰু গুপ্তাংগক সুৰক্ষিত ৰাখিব। আৰু যাৰ নিকাহৰ সামৰ্থ নাই তেওঁ ৰোজা ৰাখক যে ৰোজাই যৌনতা মুক্ত কৰে।(مُتَّفَقٌ عَلَيْهِ)

ইয়াৰোপৰি এনেধৰণৰ ব্যক্তিয়ে নিকাহ কৰক বা ৰোজা ৰাখক অথবা “লা হাওলা ওৱালা কুওৱাতা ইল্লা বিল্লাহিল আলিয়্যিল আজীম ” বেছি বেছিকৈ পাঠ কৰক। ফজৰৰ পিছত অটলৰূপে কুলহুৱাল্লাহ পঢ়ক। পাঁচ ওৱাক্তৰ নামাজ আদায় কৰক।(ইনশ্বা আল্লাহ হিদায়ত পাব)(فتاوی رضویہ ج٩ نصف آخر ص١٦٨)

اللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁

হস্তমৈথুন কৰিব পাৰিনে,ইয়াৰ পৰা বচাৰ উপায় কি ?

শপত লোৱাৰ পিছত কৰণীয় কি আৰু জৰিমনা কেতিয়া ভৰিব লাগিব ? Click here 

আমাৰ ইউটিউব চেনেল click here

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d