প্ৰশ্নঃ- শপত লোৱাৰ পিছত কৰণীয় কি আৰু জৰিমনা কেতিয়া ভৰিব লাগিব ?
উত্তৰ – আল্লাহ পাকে কোৰআনত কৈছে:
لَا يُؤَاخِذُكُمُ اللَّهُ بِاللَّغْوِ فِي أَيْمَانِكُمْ وَلَٰكِنْ يُؤَاخِذُكُمْ بِمَا عَقَّدْتُمُ الْأَيْمَانَ ۖ فَكَفَّارَتُهُ إِطْعَامُ عَشَرَةِ مَسَاكِينَ مِنْ أَوْسَطِ مَا تُطْعِمُونَ أَهْلِيكُمْ أَوْ كِسْوَتُهُمْ أَوْ تَحْرِيرُ رَقَبَةٍ ۖ فَمَنْ لَمْ يَجِدْ فَصِيَامُ ثَلَاثَةِ أَيَّامٍ ۚ ذَٰلِكَ كَفَّارَةُ أَيْمَانِكُمْ إِذَا حَلَفْتُمْ ۚ وَاحْفَظُوا أَيْمَانَكُمْ ۚ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمْ آيَاتِهِ لَعَلَّكُمْ تَشْكُرُونَ-
তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকৰ দোষ নধৰিব,কিন্তু যিবোৰ শপত তোমালোকে ইচ্ছাকৃতভাৱে কৰা সেইবোৰৰ বাবে তেওঁ তোমালোকৰ দোষ ধৰিব। এতেকে ইয়াৰ কাফফাৰা হৈছে,দহজন মিছকীনক মধ্যম ধৰণৰ খাদ্য প্ৰদান কৰা যিবোৰ তোমালোকে নিজ পৰিয়ালত খোৱা,অথবা সিহঁতক বস্ত্ৰ দান কৰিবা নাইবা এজন দাস মুক্ত কৰিবা। যাৰ সামৰ্থ নাই সি তিনি দিন ৰোজা ৰাখিব। তোমালোকে শপত কৰিলে এইটোৱে তোমালোকৰ শপতৰ কাফফাৰা। তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বৰ্ণনা কৰে,যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।(ছুৰা আল মাঈদাহ:৮৯)(এই আয়াতৰ সম্পূৰ্ণ বাখ্যা পূৰ্বৰ লিখনিত কৰা হৈছে)
কছমৰ বাবে কেইটামান চৰ্ত আছে,
যদি সেইকেইটা পোৱা নাযায় তেন্তে কাফ্ফাৰাহ নাই শপত লওঁতা;১) মুছলমান। ২)প্ৰাপ্তবয়স্ক। ৩) বিবেক সম্পন্ন হ’ব লাগিব। ৪)যিটো বস্তৰ কছম খাব সেইটো বিবেক সাম্ভাব্য(Possible)বস্ত হ’ব লাগিব,যদিও সেয়া সচাৰচৰ অসাধ্য(Impossible)। ৫)শপত আৰু যিটো বস্তৰ ওপৰত শপত খাব দুয়োটা একেলগে উল্লেখ কৰিব লাগিব মাজত ব্যৱধান হ’লে শপত নহ’ব যেনে কোনোৱে কাৰোবাক ক’লে খোৱা আল্লাহৰ শপত সি ক’লে আল্লাহৰ শপত। তাৰ পিছত আকৌ সি ক’লে কোৱা এইটো কৰিম তাৰ পিছত সি ক’লে এইটো কাম কৰিম। তেন্তে এয়া শপত নহ’ব কাৰণ অইন কথাৰে শপত আৰু বস্তৰ মাজত ব্যৱধান হৈছে। (فتاوٰی عالمگیری ج ۲ ص ۵۱)
কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
শপত লোৱাৰ পিছত কৰণীয় কি আৰু জৰিমনা কেতিয়া ভৰিব লাগিব ?
কছম খোৱাৰ পিছত কি কৰিব লাগিব,কছম ভাঙিব পাৰিনে? – ইছলামৰ পোহৰ click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments