কছম খোৱাৰ পিছত কি কৰিব লাগিব,কছম ভাঙিব পাৰিনে?

প্ৰশ্নঃ- কছম খোৱাৰ পিছত কি কৰিব লাগিব,কছম ভাঙিব পাৰিনে?

উত্তৰঃ- আল্লাহ পাকে কোৰআন শ্বৰীফত কৈছে;

وَأَوْفُوا بِعَهْدِ اللَّهِ إِذَا عَاهَدْتُمْ وَلَا تَنْقُضُوا الْأَيْمَانَ بَعْدَ تَوْكِيدِهَا وَقَدْ جَعَلْتُمُ اللَّهَ عَلَيْكُمْ كَفِيلًا ۚ إِنَّ اللَّهَ يَعْلَمُ مَا تَفْعَلُونَ

আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰ(প্ৰতিজ্ঞা,oath)পূৰ্ণ কৰিবা যেতিয়া তোমালোকে অঙ্গীকাৰ(প্ৰতিজ্ঞা) কৰা,আৰু তোমালোকে আল্লাহক তোমালোকৰ সাক্ষী কৰি শপত দৃঢ় কৰাৰ পিছত সেয়া ভঙ্গ নকৰিবা। নিশ্চয় তোমালোকে যি কৰা সেয়া আল্লাহে জানে। (ছুৰা আল নাহল:৯১) আন এঠাইত আহিছে: ۚ  وَاحْفَظُوا أَيْمَانَكُمْ ۚ 

তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা। (ছুৰা আল মাঈদাহ:৮৯)

ভাল কামৰ বাবে নিজৰ কছম ভাঙিব পাৰি কিন্তু তাৰ কাফ্ফাৰাহ(জৰিমণা)ভৰিব লাগিব। হাদিছ শ্বৰীফত আহিছে;যি কাম (কছমতকৈ)ভাল ও উত্তম,সেয়া কৰা আৰু কছমৰ কাফ্ফাৰাহ আদায় কৰা। (অৰ্থাৎ উত্তম কামৰ বাবে কছম ভাঙিব পাৰি কিন্তু তাৰ জৰিমণা বিহিব লাগিব।)

(سُنَنِ نَسائی ص۶۱۹حدیث ۳۷۹۳)

নোট: “কাফ্ফাৰাহ” কছম খোৱাৰ পিছত পুৰা নকৰিলে তাৰ জৰিমনা ভৰাক বোলা হয়।

কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

কছম খোৱাৰ পিছত কি কৰিব লাগিব,কছম ভাঙিব পাৰিনে?

আমাৰ ইউটিউব চেনেল click here 

আল্লাহৰ বাহিৰে আনৰ শপত ল’ব পাৰিনে ? – ইছলামৰ পোহৰ click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d