আল্লাহৰ বাহিৰে আনৰ শপত ল’ব পাৰিনে ?

প্ৰশ্নঃ- আল্লাহৰ বাহিৰে আনৰ শপত ল’ব পাৰিনে ?

 


উত্তৰঃ- আল্লাহ ব্যতীতৰ কছম,কছম নহয় যেনে: তোমাৰ শপত। মোৰ শপত। মোৰ মূৰৰ শপত। তোমাৰ/মোৰ আত্মা তথা প্ৰাণৰ কছম। চকুৰ কছম। মা-বাবাৰ কছম। সন্তানৰ কছম। দ্বীনে ইছলামৰ কছম। কাবা শ্বৰীফৰ কছম। আল্লাহৰ আৰচৰ কছম। জান্নাত বা জাহান্নামৰ কছম। নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কছম ইত্যাদি।

(فتاوٰی عالمگیریج ۲ ص ۵١)

 আৱশ্যকীয় কথা

“আল্লাহ আৰু তেওঁৰ নবীৰ কছম,এই কাম নকৰো” এনেকৈ ক’লে কছম নহয়। অৰ্থাৎ নবী আৰু আল্লাহক মিলাই শপত ল’লে শপত নহ’ব।(فتاوٰی عالمگیری-ج ۲ ص ۵۸-٥٧)

এনেকৈ কছম নহয়

কছমৰ লগত ইনশ্বা আল্লাহ ক’লে কছম নহয় আল্লাহৰ নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে;যি ব্যক্তিয়ে শপত ল’ব আৰু লগতে ইনশ্বা আল্লাহ ক’ব সেইজন হানিছ(কছম ভংগকাৰী) নহ’ব।(تِرمِذی ج۳، ص۱۸۳حدیث ۱۵۳۶)

মুফাছ্ছিৰে চাহিৰ হাকিমুল উম্মত মুফতি আহমদ য়াৰ খান নাঈমী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে;কছমৰ পিছতেই লগে লগে ইনশ্বা আল্লাহ ক’লে কছমৰ ওলোটা কৰিলে বা পুৰা নকৰিলে কোনো গুণাহ ও কাফ্ফাৰাহ নাই। (مراٰۃ المناجیح ج ۵ ص ۲۰۱)

কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

আল্লাহৰ বাহিৰে আনৰ শপত ল’ব পাৰিনে ?

পিতৃৰ তথা বাপেকৰ কছম খাব পাৰি নে নোৱাৰি আৰু কছমৰ বাক্য কি কি? – ইছলামৰ পোহৰ click here 

আমাৰ ইউটিউব চেনেল click here

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d