কোনো বস্তু নিজৰ ওপৰত নিষিদ্ধ কৰি ল’লে বা কোনোৱে কছম দিলে কি হ’ব?

প্ৰশ্নঃ- কোনো বস্তু নিজৰ ওপৰত নিষিদ্ধ কৰি ল’লে বা কোনোৱে কছম দিলে কি হ’ব?

 

উত্তৰঃ- দুৰ্ব্বাদলীয় বস্তু নিষিদ্ধ নহয়। কোনো বস্তু নিজৰ ওপৰত হাৰাম তথা নিষিদ্ধ কৰি ল’লে সে‌য়া হাৰাম হৈ নপৰে। কাৰণ আল্লাহে যি বস্তু হালাল কৰিছে সেয়া হাৰাম কোনে কৰিব পাৰে! কিন্তু যিটো বস্তু নিজৰ ওপৰত হাৰাম কৰি ল’ব সেইটোত লিপ্ত হ’লে কাফ্ফাৰাহ তথা জৰিমনা ভৰিব লাগিব কাৰণ এয়াও কছমৰ অন্তৰ্ভুক্ত।(تَبیِینُ الحقائق ج ۳ص ۴۳۶)  

উদাহৰণ স্বৰূপে তোমাৰ লগত কথা পতা মোৰ বাবে হাৰাম(এয়াও কছম গতিকে)কথা পাতিলে কাফ্ফাৰাহ ভৰিব বা জৰিমণা বিহিব লাগিব। (فتاوٰی عالمگیریج ۲ص ۵۸)

দুৰ্ব্বাদলীয়তাত কছম নহয় !

আনে অইনৰ ওপৰত শপত তথা কছম দিলে সেয়া কছম নহয়- •যেনে কোনোবা বহি আছিল উঠিব লৈছে,কোনোৱে তাক ক’লে “তোমাৰ ওপৰত আল্লাহৰ কছম তুমি নুঠিবা” যদি উক্ত ব্যক্তিজন উঠি দিয়ে তেন্তে কোনো কাফ্ফাৰাহ ও গুণাহ নহয়।(ایضاًص۵۹۔۶۰)

মন কৰিবলগীয়া কথা

ইয়াত এটা নিয়ম মনত ৰখা জৰুৰী,যাৰ অনুসৰণ প্ৰত্যেক কছমতে হ’ব যে কছমৰ বাক্যৰ অৰ্থ সেইবোৰ লোৱা হ’ব,যিবোৰ সমাজত প্ৰচলিত যেনে: কোনোৱে কছম খালে যে মই কাৰো ঘৰত নাযাওঁ। এতিয়া যদি সি কা’বা শ্বৰীফ বা মছজিদত যায় তেন্তে কছম নাভাঙিব,যদিও এয়াও একো একোটা ঘৰ তদ্ৰূপ বাথৰুম আৰু শৌচালয়ো।(فتاوٰی عالمگیری ج۲ص ۶۸)

নিয়্যত প্ৰযোজ্য নহয়

কছমত নিয়্যত আৰু উদ্দেশ্যৰ কোনো মূল্য নাই,মাথোঁ যিটো শব্দ ব্যৱহাৰ কৰিব সেই অনুসৰি আদেশ হ’ব। আৰু এইটো চিন্তা কৰা নহ’ব যে কি নিয়্যতত কছম লৈছে,উদাহৰণ স্বৰূপে: কোনোৱে শপত লৈছে যে অমুকৰ কাৰণে মই এক পইচাৰৰ বস্ত নিকিনো এতিয়া যদি সি এটকাৰ বস্ত কিনে তেন্তে কছম নাভাঙে,যদিও এই কছমৰ দ্বাৰা তাৰ উদ্দেশ্য আছিল এক টকা বাদেই এক পইচাৰৰো কোনো বস্তু নিকিনো,যিহেতু কছমৰ বাক্যৰ পৰা এয়া পোনপটীয়াকৈ বুজা নাযায় গতিকে সেয়া গণ্য কৰা নহ’ব। অথবা কছম লৈছে যে মই দুৱাৰেৰে বাহিৰত নাযাওঁ এতিয়া যদি সি খিৰিকী বা জখলাৰে অথবা দেৱাল জপিয়াই ঘৰৰ পৰা বাহিৰ হয় তেন্তে কছম নাভাঙে,যদিও তাৰ উদ্দেশ্য আছিল একেবাৰে ঘৰৰ পৰা নোলোৱাৰ।(دُرِّمُختارو رَدُّالْمُحتارج۵ ص۵۵۰)

কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

কোনো বস্তু নিজৰ ওপৰত নিষিদ্ধ কৰি ল’লে বা কোনোৱে কছম দিলে কি হ’ব?

আমাৰ ইউটিউব চেনেল click here

কি কি বাক্যৰে কছম নহয় আৰু আল্লাহৰ নামৰ শপত ল’লে ? – ইছলামৰ পোহৰ click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d