প্ৰশ্নঃ-কি কি বাক্যৰে কছম নহয় আৰু আল্লাহৰ নামৰ শপত ল’লে ?
উত্তৰঃ- নিম্নোক্ত বাক্যৰে কছম ল’লে কছম নহয় কিন্তু গুণাহগাৰ হ’ব যদিহে মিছা হয়;•এনেকুৱা যদি কৰোঁ তেন্তে মোৰ ওপৰত আল্লাহৰ গজব বা অভিশাপ হওঁক। •আল্লাহে মোক ধ্বংস কৰক। •আকাশ মোৰ ওপৰত ভাঙি পৰক। •মাটিয়ে পুতি পেলাওক। •নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে চাফাআত নকৰক। •জান্নাতত আল্লাহৰ জিয়াৰত নহওঁক। •মৃত্যুৰ সময়ত কলিমা পঢ়িব নোৱাৰিম। •যদি এনে কৰোঁ তেন্তে মই মৰি যাম ইত্যাদি” এনেবোৰ বাক্যৰে শপত ল’লে সেয়া শপত নহ’ব।(فتاوٰی عالمگیری ج۲ص۵۴)
আল্লাহৰ নামৰ কছম
আল্লাহৰ যিমান নাম আছে,যিকোনো নামৰ শপত ল’লে সেয়া শপত হ’ব যেনে আল্লাহৰ কছম,ৰহমানৰ কছম,ৰহিমৰ কছম,পৰৱাৰদিগাৰ তথা মালিকৰ কছম,খোদাৰ কছম তদ্ৰূপ তেওঁৰ গুণাৱলী সমূহ। গুণাৱলী সমূহৰ মাজৰ পৰা যিকোনো এটাৰ কছম খালেও কছম হ’ব যেনে; আল্লাহ তথা খোদাৰ সন্মান তথা ইয্যত ও জালালৰ কছম। তেওৰ শক্তি ও ক্ষমতাৰ কছম।কোৰআনৰ কছম। আল্লাহৰ কালামৰ কছম ইত্যাদি।(فتاوٰی عالمگیری ج۲ص۵۲)
এই বাক্য কেইটাৰেও কছম হৈ যায়; “কছম লৈছোঁ মই। হালফ উঠাইছোঁ মই। সাক্ষী দিওঁ মই। আল্লাহক সাক্ষী বনাই কৈছোঁ মই। মোৰ ওপৰত কছম। লা ইলাহা ইল্লাল্লাহ এই কাম নকৰোঁ ইত্যাদি।(فتاوٰی عالمگیری ج۲ص۵۲)
কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
কি কি বাক্যৰে কছম নহয় আৰু আল্লাহৰ নামৰ শপত ল’লে ?
আমাৰ ইউটিউব চেনেল click here
কোৰআনৰ কছম ল’ব পাৰিনে,কছম খোৱাৰ পিছত কি কৰিব লাগিব ? – ইছলামৰ পোহৰ click here
Recent Comments