কোৰআনৰ কছম ল’ব পাৰিনে,কছম খোৱাৰ পিছত কি কৰিব লাগিব ?

প্ৰশ্নঃ- কোৰআনৰ কছম ল’ব পাৰিনে,কছম খোৱাৰ পিছত কি কৰিব লাগিব ?

 


উত্তৰ- কোৰআনৰ কছম ল’ব পাৰি। কোৰআন শ্বৰীফৰ কছম ল’লে সেয়া কছম হ’ব। কিন্তু কোৰআন সন্মূখত ৰাখি বা ওপৰত হাত ৰাখি কোনো কথা কলে সেয়া কছম নহয়। ফতোৱা ৰেজৱীয়্যাহ খণ্ড ১৩/৫৭৪ ত আছে মিছা কথাত কোৰআন শ্বৰীফৰ কছম খোৱা কবিৰাহ গুণাহ তথা বৃহত্তম গুণাহ। আৰু সঁচা কথাত কোৰআন শ্বৰীফৰ কছম খোৱাত অসুবিধা নাই। দৰকাৰ হ’লে হাতত লৈয়ো কছম ল’ব পাৰে,ই কছমক কঠিন ৰূপত পৰিপক্ক কৰি দিয়ে। আগত লিখিছে যে কোৰআন শ্বৰীফ হাতত লৈ কোনো কথা ক’লে আৰু “কছম অথবা শপত” এনেকুৱা কোনো শব্দ কোৱা নাই তেন্তে শ্বৰীঅত হিচাপে এয়া কছম নহয়(অৰ্থাৎ কোৰআন শ্বৰীফ হাতত ল’লেই সেয়া কছম হৈ পৰিব এয়া কোনো কথা নহয়)উদাহৰণ স্বৰূপে যদি কোনোৱে এনেদৰে কয় যে কোৰআন শ্বৰীফৰ ওপৰত হাত ৰাখি কলোঁ মই এই কামটো কৰিম আৰু যদি সি উক্ত কামটো নকৰে তেন্তে সি গুণাহগাৰ নহয় আৰু তাৰ জৰিমনা তথা কাফ্ফাৰাহ ভৰিব নালাগে যিহেতু সেয়া কছম হোৱাই নাই (কিন্তু এনে কৰা উচিত নহয়)।(فتاوٰی رضویہ،ج١٣،صَفْحَہ٥٧٤-٥٧٥)

কছম তথা শপত লওঁতাই কছম হয়তো অতীত কাল অথবা বৰ্তমান কালৰ কোনো কথাৰ ওপৰত খাব এতেকে সেয়া সঁচা হ’ব অথবা মিছা,যদি সঁচা হয় তেন্তে ঠিক আৰু যদি মিছা হয় তেনেহলে হয়তো কছম তেওঁ মিছা বুলি নাজানি অৰ্থাৎ নিজৰ বিবেকেৰে সঁচা বুলি ভাৱি কছম লৈছে তেন্তে কোনো দোষ নাই অৰ্থাৎ গুণাহ নহয় তাৰ প্ৰতি জৰিমনা নাই আৰু যদি যি জানি শুনি মিছা কছম ল’লে তেন্তে গুণাহগাৰ তথা পাপী হ’ব। কিন্তু কাফ্ফাৰাহ তথা জৰিমনা ভৰিব নালাগে আৰু যদি ভবিষ্যতে কোনো কাম কৰা বা নকৰাৰ কাৰণে কছম খাইছে তেন্তে যদি কছম পুৰা কৰে তেন্তে খুব ভাল। আৰু যদি নকৰে তেন্তে তাৰ জৰিমনা তথা কাফ্ফাৰাহ ভৰিব লাগিব আৰু কিছু অৱস্থাত গুণাহগাৰ হ’ব(এই বিষয়ে আগলৈ উল্লেখ কৰা হ’ব)।

কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

কোৰআনৰ কছম ল’ব পাৰিনে,কছম খোৱাৰ পিছত কি কৰিব লাগিব ?

আমাৰ ইউটিউব চেনেল click here

কছম কেই প্ৰকাৰৰ আৰু কি কি ? – ইছলামৰ পোহৰ click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d