জন্মৰ তাৰিখ সলনি কৰিব পাৰিনে

প্ৰশ্নঃ- জন্মৰ তাৰিখ birth certificate ত সলনি কৰাটো জায়েজ নেকি ?

 

উত্তৰঃ- কোনো ব্যক্তিৰ প্ৰকৃত বয়সতকৈ কম বা বেছি বয়স লিখাটো মিছা আৰু প্ৰতাৰণা,যিটো অবৈধ আৰু হাৰাম। জন্ম তাৰিখত ইচ্ছাকৃতভাৱে ভুলকৈ লিখাৰ পৰা বিৰত থকা উচিত, নহ’লে যেতিয়াই,য’তেই আৰু যিকোনো ঠাইতেই জন্মৰ তাৰিখ লিখিব লগীয়া হ’ব তেতিয়াই মিছা কথা কোৱা আৰু প্ৰতাৰণা কৰা হ’ব। আৰু হাদীছ শ্বৰীফত মিছা কথা কোৱা,প্ৰতাৰণা কৰাৰ প্ৰতি কঠোৰ নিষেধাজ্ঞা আহিছে। গতিকে সন্তানৰ সঠিক বয়স লিখাটো অতি গুৰুত্বপূৰ্ণ। হজৰত আবু হুৰাইৰাহ ৰাদ্বীয়াল্লাহু আনহুৰ পৰা বৰ্ণিত:

عَنِ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، ‏‏‏‏‏‏قَالَ:‏‏‏‏ آيَةُ الْمُنَافِقِ ثَلَاثٌ، ‏‏‏‏‏إِذَا حَدَّثَ كَذَبَ، وَإِذَا وَعَدَ أَخْلَفَ، ‏‏‏‏‏‏وَإِذَا اؤْتُمِنَ خَانَ

নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: মুনাফিকৰ(ভণ্ডৰ)তিনিটা চিন আছে: যেতিয়া কথা কয়,সি মিছা কয়। যেতিয়া প্ৰতিজ্ঞা কৰে,সি ভংগ কৰে। আৰু যেতিয়া বিশ্বাস কৰা হয় সি বিশ্বাসঘাতকতা কৰে।

(صحیح بخاری؛٣٣)

আন‌ এটি হাদিছত আহিছে:

عَنِ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، ‏‏‏‏‏‏قَالَ:‏‏‏‏ لِكُلِّ غَادِرٍ لِوَاءٌ يَوْمَ الْقِيَامَةِ يُعْرَفُ بِهِ

ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: কিয়ামতৰ দিনা প্ৰতিজন প্ৰতাৰকৰ বাবে এখন পতাকা থাকিব যাৰ দ্বাৰা তাৰ চিনাক্ত হ’ব।

(صحیح بخاری:٦٩٦٦)

• গতিকে জন্মৰ তাৰিখ সঠিক লিখা উচিত।

وَاللہُ اَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُہ اَعْلَم صَلَّی اللّٰہُ تَعَالٰی عَلَیْہِ وَاٰلِہٖ وَسَلَّم

▁▁▁▁▁▁▁▁▁▁▁▁

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d