কি কি বস্তৰ কছম তথা শপত ল’ব পাৰি ?

প্ৰশ্নঃ- কি কি বস্তৰ কছম তথা শপত ল’ব পাৰি ?

 


উত্তৰঃ-আল্লাহৰ নাম তথা তেওঁৰ গুণাৱলীৰ নাম সমূহ ব্যতীতৰ কছম,কছম নহয় যেনে তোমাৰ শপত,মোৰ শপত,মোৰ মূৰৰ শপত,তোমাৰ/মোৰ আত্মা তথা জানৰ কছম,চকুৰ কছম,মা-বাবাৰ কছম,সন্তানৰ কছম,দ্বীনে ইছলামৰ কছম,কাবা শ্বৰীফৰ কছম,আল্লাহৰ আৰচৰ কছম,জান্নাত বা জাহান্নামৰ কছম,নবী স্বাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কছম। (فتاوٰی عالمگیری ۲،ص ۵١)

“আল্লাহ আৰু তেওঁৰ নবীৰ কছম এই কাম নকৰো” এইটো কছম নহয়। অৰ্থাৎ নবী আৰু আল্লাহক মিলাই শপত ল’লে শপত নহ’ব। (فتاوٰی عالمگیری-ج ۲ص ۵۸-٥٧)

আল্লাহৰ যিমান নাম আছে যিকোনো নামৰ শপত ল’লে সেয়া শপত হ’ব যেনে আল্লাহৰ কছম,ৰহমানৰ কছম,ৰহিমৰ কছম,পৰৱাৰদিগাৰ তথা মালিকৰ কছম,খোদাৰ কছম তদ্ৰূপ তেওঁৰ গুণাৱলী সমূহ,গুণাৱলীসমূহৰ মাজৰ পৰা যিকোনো এটাৰ কছম খালেও কছম হ’ব যেনে; আল্লাহ তথা খোদাৰ সন্মান ও ইয্যত আৰু জালালৰ কছম। তেওৰ শক্তি ও ক্ষমতাৰ কছম। কোৰআনৰ কছম বা আল্লাহৰ কালামৰ কছম ইত্যাদি।(فتاوٰی عالمگیری ج۲ص۵۲)

এই বাক্য কেইটাৰেও কছম হৈ যায়; “কছম লৈছোঁ মই,হালফ উঠাইছোঁ মই,সাক্ষী দিওঁ মই,আল্লাহক সাক্ষী বনাই কৈছোঁ মই,মোৰ ওপৰত কছম,লা ইলাহা ইল্লাল্লাহ এই কাম নকৰোঁ ইত্যাদি”।(فتاوٰی عالمگیری ج۲ص۵۲)

কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

কি কি বস্তৰ কছম তথা শপত ল’ব পাৰি ?

আমাৰ ইউটিউব চেনেল click here 

অজানিতে বা ভুলক্ৰমে শপত তথা কছম খালে তাৰ আদেশ কি হ’ব ? – ইছলামৰ পোহৰ click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d