প্ৰশ্নঃ অজানিতে বা ভুলক্ৰমে শপত তথা কছম খালে তাৰ আদেশ কি হ’ব ?
উত্তৰঃ-অজানিতে হওঁক অথবা ভুলক্ৰমে কছম খালে সেয়া কছমেই হ’ব যেনে; ক’ব খুজিছিল পানী আনিম আৰু ভুলক্ৰমে মুখেৰে ওলাই গ’ল আল্লাহৰ শপত পানী নাখাওঁ এনে অৱস্থাত এয়া কছমেই হ’ব। কছম ভাঙিলে কাফ্ফাৰাহ দিব লাগিব। কাফ্ফাৰাহৰ বিষয়ে বিস্তাৰিত ভাৱে আগৰ লিখনিত জনোৱা হ’ব। (بہارِ شریعت ج۲ص۳۰۰ )
কছম ভঙা স্বইচ্ছাৰে হওঁক অথবা কোনোবাই বাধ্য কৰোতে,জানি বুজি হওঁক অথবা অজানিতে, ঠিক এনেদৰে মূৰ্ছা তথা অচেতন(unconsciousness or obsession)হৈ অথবা পাগল হৈ কছম ভাঙিলে তাৰ কাফ্ফাৰাহ আদায় কৰা ৱাযিব তথা আৱশ্যেকীয় যদিহে সুস্থ ও জ্ঞান তথা অৱস্থাত কছম লৈছিল অন্যথা মূৰ্ছা বা পাগল অৱস্থাত শপত ল’লে সেয়া শপত নহ’ব যিহেতু কছম ল’বলৈ বিবেক সম্পন্ন হোৱা বাধ্যতামূলক আৰু ইয়াত সেয়া নাই।(تَبیِینُ الحقائق ج۳ص ۴۲۳)
কছমৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰা হৈছে, আপুনি চাৰ্চ কৰি অথবা ভিন্ন মাছাঈল category ত বিচাৰি পঢ়িব পাৰে।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
অজানিতে বা ভুলক্ৰমে শপত তথা কছম খালে তাৰ আদেশ কি হ’ব ?
আকিদাহ সম্পৰ্কীয় কিছু অৱশ্যকীয় আলোচনা click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments