চান্দাৰ টকা ব্যক্তিগত খৰছ,কমিশ্যন লোৱা আৰু আমানত ও খিয়ানত কি প্ৰশ্নঃ-১)আমানত আৰু খিয়ানত মানে কি,ইয়াৰ আদেশ কি? ২)চান্দাৰ টকা ব্যক্তিগত প্ৰয়োজনত খৰছ কৰিব পাৰিনে? ৩)কমিশ্বন ল’ব পাৰিনে?
উত্তৰঃ-১)আমানত শব্দটোৰ অর্থ হ’ল আস্থা, নিৰাপত্তা,তত্ত্বাবধান,হেফাজত ইত্যাদি।আমানত হ’ল খিয়ানতৰ বিপৰীত আৰু খিয়ানত মানে হ’ল বিশ্বাসঘাতকতা।
আমানত কাক বোলে
সাধাৰণতে কাৰোবাৰ ওচৰত যিকোনো ধন-সম্পত্তি বা কোনো বস্তু জমা ৰখাটোক আমানত বুলি কোৱা হয়। অৱশ্যে সাধাৰণ অৰ্থত ই কেৱল ধন-সম্পত্তিতেই সীমিত নহয় বৰং সেই সকলো বস্তুৰ ক্ষেত্ৰতেই বোলা হয় যিটো ভৰসা কৰি আনৰ তত্ত্বাবধানত থোৱা হয়।
খিয়ানত কাক বোলে
খিয়ানত(বিশ্বাসঘাতকতা)আমানত(বিশ্বাস)ৰ বিপৰীত অৰ্থাৎ গোপনে কাৰোবাৰ হক্ক বা প্ৰাপ্য নিজৰ নামত কৰি লোৱা(খৰছ কৰা)ক বোলে। যথা নিজৰ হক্ক মাৰক বা আল্লাহ ও ৰাছূলৰ অথবা কোনো অইন মানুহৰ। আল্লাহ পাকে কৈছে:
لَا تَخُوْنُوا اللّٰهَ وَ الرَّسُوْلَ وَ تَخُوْنُوْۤا اَمٰنٰتِكُمْ وَ اَنْتُمْ تَعْلَمُوْنَ
তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ খিয়ানত(বিশ্বাসঘাতকতা)নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানততো খিয়ানত নকৰিবা।(مراۃ المناجیح،ج٤،ص٦٢))
কাৰোবাৰ তত্ত্বাবধানত থোৱা বস্তুত তেওঁৰ অনুমতি অবিহনে হস্তক্ষেপ কৰা চূড়ান্ত অপছন্দনীয় কাম। ইয়াৰ অনুমতি ইছলামে দিয়া নাই। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: মুনাফিকৰ (বিশেষকৈ)তিনিটা লক্ষণ আছে;
إِذَا حَدَّثَ کَذَبَ وَإِذَا وَعَدَ أَخْلَفَ وَإِذَا اؤْتُمِنَ خَانَ
কথা ক’লে মিছা কয়। প্ৰতিশ্ৰুতি দিলে ভংগ কৰে আৰু আমানত(বিশ্বাস কৰিলে)থলে খেয়ানত(বিশ্বাসঘাটকতা)কৰে। (بخاری،ج۱،ص٢٤،حدیث:٣٣)
অৰ্থাৎ এয়া মুনাফিকৰ কাম হয়। মুছলমান ইয়াৰ পৰা আঁতৰি থকা উচিত।(مراۃ المناجیح،ج،۱،ص۷۴)
ব্যৱসায়ীসকলেও আমানতৰ প্ৰতি লক্ষ্য ৰখা উচিত। ব্যৱসায়ত সত্যতা আৰু বিশ্বাসযোগ্যতা এটা অতি কঠিন কাম,বেছিভাগ ব্যৱসায়ীয়ে মিছা কথা কয় আৰু সুদৰ লেনদেন কৰে গতিকে যেতিয়া এজন ব্যৱসায়ী সত্যবাদী,বিশ্বাসযোগ্য,ধৰ্মপৰায়ণ হ’ব তেতিয়া তেওঁ শ্বহীদৰ মৰ্যাদা পাব। আব্দুল্লাহ বিন উমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত-
عَنْ ابْنِ عُمَرَ، قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: التَّاجِرُ الْأَمِينُ الصَّدُوقُ الْمُسْلِمُ مَعَ الشُّهَدَاءِ يَوْمَ الْقِيَامَةِ
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:এজন প্ৰকৃত,বিশ্বাসযোগ্য মুছলমান বণিক(ব্যৱসায়ী)কিয়ামতৰ দিনা শ্বহীদসকলৰ লগত থাকিব।(سنن ابن ماجہ-٢١٣٩)
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: أَدِّ الْأَمَانَةَ إِلَى مَنِ ائْتَمَنَكَ، وَلَا تَخُنْ مَنْ خَانَكَ
যিয়ে তোমাৰ ওচৰত কোনো আমানত ৰাখে তেওঁক সেয়া সম্পূৰ্ণ ৰূপে ঘুৰাই দিবা আৰু যিয়ে তোমাক বিশ্বাসঘাতকতা কৰে,তাক তুমি বিশ্বাসঘাতকতা নকৰিবা। (অৰ্থাৎ যি জনে তোমাক বিশ্বাস কৰে,তাক সম্পূৰ্ণকৈ প্ৰতিদান দিবা) (سنن ابوداؤد-٣٥٣٤)
২) যি কামৰ নামত চান্দা কৰা হয় তাৰেই নামত খৰছ কৰা জৰুৰী। তাত হস্তক্ষেপ বা ব্যক্তিগত খৰছ কৰা হাৰাম। হয়! যদি কাৰোবাৰ ইচ্ছা চান্দাৰ টকা লুটি লোৱাৰ,তেন্তে এয়া হাৰাম আৰু এই নিয়্যতত চান্দা কৰা হাৰাম। যদি কষ্টৰ বিনিময় লাগে তেন্তে কোনে যাব দিছে ? যদি টকাৰেই লোভ তেন্তে কমিটীৰ পৰা কমিশ্বনৰ চুক্তিত চান্দা কৰা উচিত। চান্দা কৰি তাত হস্তক্ষেপ কৰিলে বিশ্বাসঘাটকতা কৰা হ’ব। এয়া অত্যন্ত জঘন্য কৰ্ম,এয়া মুনাফিকৰ লক্ষণ বুলি হাদিছত কৈছে।
৩) কোনো ব্যক্তিয়ে নিজৰ কষ্টৰ বিনিময়ত শ্ৰম বা কমিশ্বন লোৱাটো বৈধ,ল’ব পাৰি কিন্তু তাৰ পৰিমাণ নিৰ্ধাৰিত হ’ব লাগিব। কোনো কাম বা কষ্ট নকৰাকৈয়ে বিনিময় লোৱাটো অবৈধ। এনেধৰণৰ এটা প্ৰশ্নৰ উত্তৰত আলা হজৰত ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে: প্ৰাপ্য অহা-যোৱা,কষ্ট কৰাৰ বিনিময়ত দিয়া হয়,বহি বহি দুই চাৰিটা কথা কোৱাৰ,উপদেশ দিয়াৰ,পৰামৰ্শ দিয়াৰ বিনিময়ত নহয়।
(فتاویٰ رضویہ،ج۸،ص١٤٦)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁
চান্দাৰ টকা ব্যক্তিগত খৰছ,কমিশ্যন লোৱা আৰু আমানত ও খিয়ানত কি ?
আমাৰ ইউটিউব চেনেল click here
তাহাজ্জুদৰ নামাজ কেতিয়া পঢ়ে নিয়্যত কেনেকৈ কৰিব লাগে আৰু কি দোআ পঢ়িলে ভাল – ইছলামৰ পোহৰ click here
Recent Comments