অমুছলিমৰ চান্দা মছজিদ,মাদ্ৰাছাত ব্যৱহাৰ কৰিব পাৰিনে 

অমুছলিমৰ চান্দা মছজিদ,মাদ্ৰাছাত ব্যৱহাৰ কৰিব পাৰিনে প্ৰশ্নঃ- যদি কোনো হিন্দু লোকে চিমেণ্ট,শিল-বালি বা টকা পইছা মছজিদৰ নামত দিয়ে তেনেহলে মছজিদত লগাব পৰা যাব নেকি ? মন্দিৰ নিৰ্মাণৰ বা অমুছলিমৰ কোনো ধৰ্মীয় কাম বা তিথিৰ বাবে চান্দা দিব পাৰিনে ?


উত্তৰঃ- অমুছলিমৰ পৰা চান্দা খোজাৰ অনুমতি নাই। যদি সিহঁতে স্ব-ইচ্ছাই দিয়ে তেন্তে সেয়া মছজিদত ব্যয় কৰাত কোনো অসুবিধা নাই কিন্তু সিহঁতে দিয়া পইছাৰে মছজিদৰ শৌচালয়,বাথৰুম আদি নিৰ্মাণ কৰা উত্তম। ইয়াৰোপৰি যদি সিহঁতৰ টকা ল’লে সিহঁতৰ ধাৰ্মিক অনুষ্ঠানত মুছলমানেও দিব লাগিব তেনেহলে লোৱাৰ অনুমতি নাই। হাদিছ ও ফতোৱা শ্বামী আদিৰ তত্ত্ব অনুসৰি ফতোৱা ৰেজৱীয়্যাহত আছে: যদি সি(অমুছলিমে)মাথো মছজিদ বনোৱাৰ উদ্দেশ্যে মুছলমানক টকা দিয়ে বা টকা দিয়াৰ সময়ত স্পষ্টকৈ কৈ দিয়ে যে এই টকাৰে মছজিদ নিৰ্মাণ কৰাই দিয়া। যদি মুছলমানে বনাই দিয়ে তেন্তে সেইটো নিশ্চয় মছজিদ হৈ গ’ল আৰু তাত নামাজ শুদ্ধ হ’ব। (فتاویٰ رضویہ،ج١٦،ص٢٩٦،رضا فاؤنڈیشن لاہور)

ফতোৱা ফকিহে মিল্লতত আছে:

যদি মছজিদৰ কামত কোনো কাফিৰে টকাৰে অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে তাৰ টকা মছজিদত ব্যৱহাৰ কৰিব পাৰি। আলা হজৰত ঈমাম আহমদ ৰাজা খাঁন ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে: যদি সি(কাফিৰে) মাথোঁ মছজিদৰ বাবে ধন দিয়ে বা স্পষ্টকৈ কৈ দিয়ে এই ধনেৰে মছজিদ নিৰ্মাণ কৰাই দিয়া আৰু মুছলমানে মছজিদ বনাই দিলে তেন্তে সেয়া নিশ্চিত ৰূপে মছজিদেই,তাত নামাজ পঢ়া শুদ্ধ হ’ব। যদি কাফিৰৰ পৰা চান্দা বা টকা ল’লে সিহঁতৰো মন্দিৰ নিৰ্মাণ,ৰামলিলা,গণপতি আৰু অন্যান্য ধাৰ্মিক অনুষ্ঠানত দান বৰঙণি দিব লাগিব বা কাফিৰৰ সন্মান কৰিব লাগিব তেন্তে এনে ক্ষেত্ৰত কোনো অৱস্থাতেই সিহঁতৰ পৰা কোনো ধৰণৰ কামৰ বাবেও টকা পইছা লোৱা জায়েজ নহ’ব। কিন্তু কোনো ক্ষেত্ৰতেই সিহঁতৰ পৰা চান্দা,দান বৰঙণি খোজা নহ’ব। টকা গ্ৰহণ তেতিয়াহে কৰা হ’ব যেতিয়া সিহঁতে নিজে দিব। হাদিছৰ শ্বৰীফত আহিছে:

انا لا نستعین بمشرک۔۔۔.   (فتاویٰ فقیہ ملت،باب فی المسجد،ج۲،ص۱۴۷)

আহছানুল ফতোৱাত আছে মছজিদ আল্লাহৰ ঘৰ আৰু মুছলমানৰ ইবাদতস্থল সেয়েহে মছজিদ মুছলমানৰ হালাল,পাক ও পবিত্ৰ ধনেৰে নিৰ্মাণ কৰা উচিত। অমুছলিমে যদি মছজিদ নিৰ্মাণৰ বাবে কোনো টকা পইছা দিয়ে তেন্তে সেয়া মছজিদৰ শৌচালয়,বাথৰুমৰ দৰে সাধাৰণ বস্তু বনোৱাত ব্যয় কৰা উচিত য’ত ইবাদত কৰা নহয় তেন্তে জায়েজ।(أحسن الفتاویٰ،باب احکام المسجد،ج۲،ص٥٦٦)

মন্দিৰ নিৰ্মাণ বা অইন কোনো সিহঁতৰ ধৰ্মীয় কামৰ বাবে চান্দা দিয়া চূড়ান্ত ভাৱে নাজায়েজ ও নিষেধ তথা গুণাহ। সম্পূৰ্ণ উত্তৰ লিংকটোৰে পঢ়ক click here

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁▁

অমুছলিমৰ চান্দা মছজিদ,মাদ্ৰাছাত ব্যৱহাৰ কৰিব পাৰিনে 

আমাৰ ইউটিউব চেনেল click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d