তৌবা কৰিলে সকলো গুণাহ মাফ হয়নে প্ৰশ্নঃ-তৌবা কৰিলে,আল্লাহৰ ওচৰত ক্ষমা বিচাৰিলে সকলো গুণাহ মাফ হয়নে?
উত্তৰঃ- সঁচা অন্তৰৰে তৌবা তথা আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে সকলো গুণাহ মাফ কৰা হয়। তৌবাৰ মূলতঃ তিনিটা চৰ্ত আছে; ১)উক্ত গুণাহটো এৰা। ২)গুণাহৰ ওপৰত লজ্জিত হোৱা। ৩)এইকথাৰ ওপৰত একান্ত ও নিশ্চিত মনেৰে থকা যে দ্বিতীয় বাৰ আৰু এই গুণাহ নকৰোঁ। আনহাতে যদি গুণাহ কোনো মানুহৰ সমন্ধীয় হয় তেন্তে উপৰোক্ত তিনিটা চৰ্তসহ চতুৰ্থটো হৈছে: যদি কাৰোবাৰ হক,প্ৰাপ্য (Rights) মাৰে তেন্তে সেয়া আদায় কৰা জৰুৰী। যদি কোনো মাল বস্ত হয় তেন্তে সেয়া ফিৰোৱা আৱশ্যেকীয়,যদি কাৰোবাৰ কুৎসা (Slander) কৰে তেন্তে নিজৰ ওপৰত অধিকাৰ দিয়া(যে সি যি কৰে কৰিব) অথবা ক্ষমা খোজা আৱশ্যেকীয় আৰু যদি কাৰোবাৰ গীবত,পৰচৰ্চা (Backbiting) কৰে তেন্তে তাৰ পৰা ক্ষমা বিচৰা আৱশ্যেকীয়,সকলো গুণাহৰ পৰা তৌৱা কৰা বাধ্যতামূলক তথা ৱাযিব।(ریاض الصالحین،باب التوبة)
আনহাতে শ্বীৰ্ক অৰ্থাৎ আল্লাহৰ লগত কাৰোবাক অংশীদাৰ কৰা সকলোতকৈ ডাঙৰ গুণাহ যথা আল্লাহে কোৰআনত কৈছে:
إِنَّ اللَّهَ لَا يَغْفِرُ أَنْ يُشْرَكَ بِهِ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَنْ يَشَاءُ ۚ وَمَنْ يُشْرِكْ بِاللَّهِ فَقَدْ ضَلَّ ضَلَالًا بَعِيدًا
নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি ভীষণভাৱে পথভ্ৰষ্ট হয়।(ছুৰা আল নিছা:আয়াত:১১৬) ۖ إِنَّهُ مَنْ يُشْرِكْ بِاللَّهِ فَقَدْ حَرَّمَ اللَّهُ عَلَيْهِ الْجَنَّةَ وَمَأْوَاهُ النَّارُ ۖ
নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম। (ছুৰা আল মাঈদাব,আয়াত:৭২)
وَإِذْ قَالَ لُقْمَانُ لِابْنِهِ وَهُوَ يَعِظُهُ يَا بُنَيَّ لَا تُشْرِكْ بِاللَّهِ ۖ إِنَّ الشِّرْكَ لَظُلْمٌ عَظِيمٌ
(হে নবী)আৰু স্মৰণ কৰা,যেতিয়া লোকমানে তেওঁৰ পুত্ৰক উপদেশ দি কৈছিল,হে মোৰ পুত্ৰ! আল্লাহৰ লগত কাকো অংশীদাৰ (শ্বীৰ্ক)নকৰিবা। নিশ্চয় শ্বিৰ্ক মহা অন্যায়। (ছুৰা আল লোকমান,আয়াত:১৩) হাদিছ শ্বৰীফত আহিছে:
قَالَ رَسُولُ اللهِ صلی الله عليه وآله وسلم : مَنْ مَاتَ يُشْرِکُ بِاللهِ شَيْئًا دَخَلَ النَّارَ. وَقُلْتُ أَنَا: مَنْ مَاتَ لَا يُشْرِکُ بِاللهِ شَيْئًا دَخَلَ الْجَنَّةَ،مُتَّفَقٌ عَلَيْهِ-
আল্লাহৰ নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
যিজনে শ্বীৰ্ক কৰি মৰিব তাক আল্লাহে জাহান্নামত দিব।(أحمد بن حنبل في المسند،ج١،ص٣٨٢)
তৌবা কৰিলে সকলো গুণাহ মাফ হয় যথা কোৰআনত আহিছে :فَإِنَّهُ كَانَ لِلْأَوَّابِينَ غَفُورًا
নিশ্চয় তেওঁ তৌবাকাৰী(প্ৰত্যাৱৰ্তনকাৰী) সকলৰ প্ৰতি অতি ক্ষমাশীল। (ছুৰা আল ইছৰা,আয়াত:২৫)ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: التائب من الذنب كمن لا ذنب
গুণাহৰ পৰা তৌবা কৰা জন এনেকুৱা হৈ পৰে যেন তেওঁ গুণাহেই কৰা নাই।(سنن ابن ماجہ,باب ذکر التوبة،ص٨٤٢)
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁▁
তৌবা কৰিলে সকলো গুণাহ মাফ হয়নে
আমাৰ ইউটিউব চেনেল click here
যাকাত সম্পৰ্কে চমু আলোচনা – ইছলামৰ পোহৰ click here
Recent Comments