মহিলা সকলে বহি নামাজ পঢ়িব পাৰিবনে

প্ৰশ্নঃ- মহিলা সকলে বহি নামাজ পঢ়িব পাৰিবনে; প্ৰায়ে মহিলা সকলে ফৰজ,ওৱাজিব নামাজ বহি পঢ়ে,এই বিষয়ে চৰীয়তে কি কয় ?

▁▁▁▁▁▁▁▁▁▁▁▁

উত্তৰঃ- অজুহাত নোহোৱাকৈ ফৰজ,ৱিতিৰ আৰু ফজৰৰ ছুন্নত বহি পঢ়িলে আদায় নহ’ব,এইসমূহ নামাজত থিয় হোৱা ফৰজ। ইয়াৰ মাজৰ যিমান নামাজ চৰীয়ত সন্মত কাৰণ অবিহনে বহি পঢ়া হৈছে সকলোবোৰৰ কাজা পঢ়া ওৱাজিব। ফতোৱা ফাইজুৰ ৰাছুলত • ফতোৱা আলমগীৰিৰ তথ্য অনুসৰি উল্লেখ আছে:

وھو فرض فی صلوۃ الفرض والوتر

ৱিতিৰ আৰু ফৰজ নামাজত থিয় হোৱা ফৰজ।

• ইয়াৰোপৰি ফতোৱা শ্বামীত আছে:

وسنة الفجر لاتجوز قاعدا من غیر عذر باجماعھم

ঐক্যমতত ফজৰৰ ছুন্নত কোনো কাৰণ নোহোৱাকৈ বহি পঢ়া জায়েজ নহয়।

(ماخوذ از فتاوی فیض الرسول،ج١،ص٢٤٠)

• বাহাৰে শ্বৰীয়তত আছে: ফৰজ,ৱিতিৰ,দুয়ো ঈদৰ,আৰু ফজৰৰ ছুন্নত নামাজ থিয় হৈ আদায় কৰাটো ফৰজ। চৰীয়ত সন্মত কোনো অজুহাত(যেনে বহিলে বেমাৰ বেছি হ’ব,ভৰি ভাঁজ কৰিব নোৱাৰা ইত্যাদি)নোহোৱাকৈ বহি পঢ়িলে নামাজ নহ’ব

(بہار شریعت،ج۱،ح٣،ص٥١٠،مجلس المدینۃ العلمیہ)

• এই আদেশ পুৰুষৰ বাবে নিৰ্দিষ্ট নহয়,অৰ্থাৎ যেনেকৈ নামাজত থিয় হোৱাটো পুৰুষৰ বাবে ফৰজ তদ্ৰুপ মহিলাৰ বাবেও ফৰজ। যিবোৰ ফৰজ নামাজত থিয় হোৱাটো প্ৰয়োজনীয়,সেইবোৰ সকলো নামাজ সঠিক অজুহাত অবিহনে বহি পঢ়িব নোৱাৰি। কোনোৱে পঢ়িলে সেই নামাজ পুনৰাই পঢ়া আৰু তৌবা কৰা ফৰজ অন্যথা গুণাহগাৰ আৰু আজাবৰ যোগ্য হ’ব। হয়! নফল নামাজ বহি পঢ়িব পাৰি কিন্তু থিয় হৈ পঢ়িলে চোৱাব বেছি,একেই আদেশ ৱিতিৰৰ পিছৰ দুই ৰাকাত ছুন্নতৰ।

(فتاوی فیض الرسول،ج١،ص٢٤٠)

▁▁▁▁▁▁▁▁▁▁▁▁  মহিলা সকলে বহি নামাজ পঢ়িব পাৰিবনে ?

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d