ফৰজৰ আগৰ ছুন্নত পঢ়িব থাকিলে

ফৰজৰ আগৰ ছুন্নত পঢ়িব থাকিলে প্ৰশ্নঃ- জোহোৰৰ ফৰজৰ আগৰ চাৰি ৰাকাত ছুন্নত পঢ়িব নোৱাৰিলে কেতিয়া পঢ়িব লাগিব; ফৰজৰ পিছৰ দুই ৰাকাত ছুন্নত আগতে পঢ়িব লাগিব নে ফৰজৰ আগৰ চাৰি ৰাকাত ?


উত্তৰঃ-জোহোৰৰ প্ৰথম চাৰি ৰাকাত ছুন্নত জামাত আৰম্ভ হোৱাৰ বাবে পঢ়িব নোৱাৰিলে জামাত শেষ কৰি ফৰজৰ পিছৰ দুই ৰাকাত ছুন্নত পঢ়ি আগৰ চাৰি ৰাকাত ছুন্নত পঢ়া উত্তম। জোহোৰৰ আগৰ ছুন্নত পঢ়িব নোৱাৰিলে কেতিয়া পঢ়া হ’ব সেই সম্পৰ্কে হজৰত আঈশ্বা ৰাদ্বীয়াল্লাহু আনহাই কৈছে:

کَانَ رَسُولُ ﷲِ صلی الله علیه وآله وسلم إِذَا فَاتَتْهُ الْأَرْبَعُ قَبْلَ الظُّهْرِ صَلَّاهَا بَعْدَ الرَّکْعَتَیْنِ بَعْدَ الظُّهْرِ

নবী কৰীম ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ যেতিয়া জোহোৰৰ ফৰজৰ আগৰ চাৰি ৰাকাত ছুন্নত পঢ়িব থাকি যায়,সেয়া ফৰজৰ পিছৰ দুই ৰাকাত ছুন্নত পঢ়ি আদায় কৰিছিল। (ابن ماجه،السنن،کتاب إقامة الصلاة والسنة فیها، باب من فاتته الأربع قبل الظهر،١/٣٦٦،رقم:١١٥٨)

ফতোৱা আমজাদিয়াত আছে:

জোহোৰৰ প্ৰথম ছুন্নত জামাতৰ বাবে যদি পঢ়া নহয় তেন্তে জামাতৰ পিছত পঢ়া হ’ব। বাকী থাকিল কেতিয়া পঢ়া হ’ব;ফৰজৰ পিছতেই নে ফৰজৰ পিছৰ দুই ৰাকাত ছুন্নতৰ পিছত,এই সম্পৰ্কে দুটা বৰ্ণনা আহিছে আৰু উত্তম হৈছে “ফৰজৰ পিছৰ দুই ৰাকাত ছুন্নত পঢ়ি আগৰ চাৰি ৰাকাত ছুন্নত পঢ়া।” যে প্ৰথমৰ চাৰি ৰাকাত ইতিপূৰ্বে নিজৰ ঠাইত নাই গতিকে অযথা পিছৰ ছুন্নতৰ ঠাই সলনি কৰা নহ’ব। ইয়াৰোপৰি এয়া হাদিছৰ দ্বাৰাও প্ৰমাণিত। ফতোৱা শ্বামী ও কাজিখানতো এনেদৰেই আছে। (فتاویٰ امجدیہ؛باب قضاء الفوائت،ج۱،ص٢٧٠)

ফতহুল কাদীৰৰ প্ৰমাণেৰে বাহাৰে চৰীয়তত আছে: জোহোৰ আৰু জুমআৰ প্ৰথম চাৰি ৰাকাত ফৰজৰ আগতে পঢ়িব নোৱাৰিলে যদি সময় থাকে তেন্তে ফৰজৰ পিছত পঢ়িব। কিন্তু ফৰজৰ পিছৰ ছুন্নত পঢ়ি ফৰজৰ আগৰ ছুন্নত পঢ়া উত্তম।(بہار شریعت؛ح۴،ص۶۶۴،علمیہ)

এনেদৰেই আব্দুছ ছাত্তাৰ হামদানী ৰাহমাতুল্লাহ আলাইহিয়ে লিখিছে: যদি কোনোৱে জোহোৰৰ জামাতৰ আগতে প্ৰথম চাৰি ৰাকাত ছুন্নত পঢ়িব নোৱাৰিলে আৰু জামাত আৰম্ভ হৈ গ’ল তেন্তে জামাতত অংশগ্ৰহণ কৰা হ’ব আৰু আগৰ ছুন্নত চাৰি ৰাকাত ফৰজৰ পিছৰ দুই ৰাকাত ছুন্নত পঢ়াৰ পিছত পঢ়িব(এয়া উত্তম)। (مؤمن کی نماز؛١١٧،مصنف عبد الستار ہمدانی) ফৰজৰ আগৰ ছুন্নত পঢ়িব থাকিলে

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

▁▁▁▁▁▁▁▁▁▁▁▁▁▁

আমাৰ ইউটিউব চেনেল click here

মই মোৰ মা-বাবাৰ জানাজাৰ নামাজ পঢ়াব পাৰিমনে ?  click here 

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d