প্ৰশ্নঃ- ইছমে আজম আৰু ইয়াৰ মহত্ব কি?
ইছমে আজম আৰু তাৰ মহত্ব উত্তৰঃ- ইছমে আজম হৈছে আল্লাহৰ এক বিশেষ তথা মহান নাম আৰু দোআ। ইছমে আজমৰ দ্বাৰা দোআ কৰিলে আল্লাহ পাকে অৱশ্যেই মনৰ আশা-প্রত্যাশা কবুল ও পূৰণ কৰে। ইছমে আজম আল্লাহৰ কোনটো নাম সেইটো সুনিৰ্দিষ্ট ভাবে জনা নাযায়। তথাপিও কিছু ইছমে আজম দাঙি ধৰাৰ চেষ্টা কৰা হৈছে যি সম্পৰ্কে নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ভিন্ন সময়ত কোৱা পৰিলক্ষিত হৈছে যে; “ইয়াত ইছমে আজম আছে।”
১)হাদিছ শ্বৰীফত: নিম্নোক্ত আয়াত সম্পৰ্কে কোৱা হৈছে: এইটো ইছমে আজম হয়: যিয়ে ইয়াৰ সৈতে দোআ কৰে কবুল হ’ব। لَا إِلَٰهَ إِلَّا أَنْتَ سُبْحَانَكَ إِنِّي كُنْتُ مِنَ الظَّالِمِينَ। (উচ্ছাৰণ: লা ইলাহা ইল্লা আন্তা ছুবহানাকা ইন্নী কুনতু মিনাজ্জালিমীন)
(অৰ্থ: তোমাৰ বাহিৰে আন কোনো উপাস্য নাই,তুমি পৱিত্ৰ মহান। নিশ্চয় মোৰ পৰা অদৰকাৰী কাম সংঘটিত হৈছে। There is no god except you;Glory be to you. Indeed, an out-of-place(act) occurred from me.আল কোৰআন:২১:৮৭)
(المستدرك للحاكم،كتاب الدعاء….ج٢،ص١٨٤،الحديث:١٩٠٨،الحصن والحصين،ص٣٣)
উলামা সকলে কৈছে-এই দোআই উদ্দেশ্য গৃহীত কৰে বিশেষকৈ বিপদ আপদ দূৰ কৰে। হজৰত ছাঅ’দ বিন ৱাক্কাছ ৰাদ্বীয়াল্লাহু আনহুৰ হাদিছত আছে:নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:মই তোমালোকক আল্লাহৰ সেই ইছমে আজমটোত অৱগত নকৰামনে যিটোৰ দ্বাৰা দোআ কৰিলে আল্লাহে কবুল কৰে আৰু কোনো বস্তু বিচাৰিলে দান কৰে ? এই দোআটো হৈছে যিটো হজৰত ইউনূছ আলাইহিচ্ছালামে তিনিটা অন্ধকাৰত পঢ়িছিলে:(অৰ্থাৎ:)ঢ়” لَا إِلَٰهَ إِلَّا أَنْتَ سُبْحَانَكَ إِنِّي كُنْتُ مِنَ الظَّالِمِينَ”। (লা ইলাহা ইল্লা আন্তা ছুবহানাকা ইন্নী কুনতু মিনাজ্জালিমীন)। কোনোৱে নিবেদন কৰি ক’লে: ইয়া ৰাছুলাল্লাহ! এই দোআটো বিশেষকৈ ইউনূছ আলাইহিচ্ছালামৰ বাবেই আছিল নে সকলো মুছলমানৰ বাবেও ? তেওঁ ক’লে:(তোমালোকে)আল্লাহৰ কালাম শুনা নাই নেকি: فَاسْتَجَبْنَا لَهُ وَنَجَّيْنَاهُ مِنَ الْغَمِّ ۚ وَكَذَٰلِكَ نُنْجِي الْمُؤْمِنِينَ
অৰ্থ:(আল্লাহে কৈছে) ফলত আমি ইউনূছৰ দোআ কবুল কৰিছোঁ আৰু তেওঁক দুশ্চিন্তাৰ পৰা উদ্ধাৰ কৰিছোঁ,আৰু এইদৰেই আমি মুমিনসকলক উদ্ধাৰ কৰোঁ। (المستدرك للحاكم،كتاب الدعاء….ج٢،ص١٨٤،الحديث:١٩٠٨)
২)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে এজন ব্যক্তিক নিম্নোক্ত দোআটি পঢ়া শুনিলে,(তাৰ পিছত)তেওঁ ক’লে:আল্লাহৰ কছম! তুমি আল্লাহৰ ওচৰত সেই ইছমে আজম লৈ দোআ কৰিছা,যিটোৰে কিবা সুধিলে দান কৰে,দোআ কৰিলে আল্লাহে কবুল কৰে। -দোআটো;
اللَّهُمَّ إِنِّي أَسْأَلُكَ أَنِّي أَشْهَدُ أَنَّكَ أَنْتَ اللَّهُ لاَ إِلَهَ إِلاَّ أَنْتَ الأَحَدُ الصَّمَدُ الَّذِي لَمْ يَلِدْ وَلَمْ يُولَدْ وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ
(আল্লাহুম্মা ইন্নী আছআলুকা আন্নী আশ্বহাদু আন্নাকা আনতাল্লাহু লা ইলাহা ইল্লা আনতাল আহাদুস্বামাদুল্লাজী লাম য়ালিদ ৱালাম ইউলাদ ৱালাম য়াকুল্লাহু কুফুৱান আহাদ)
অৰ্থ: হে আল্লাহ! মই সেই সাক্ষীৰ অচিলাই দোআ কৰিছোঁ যে নিশ্চয় তুমিয়েই একমাত্ৰ উপাস্য,তোমাৰ বাহিৰে আন কোনো উপাসনাৰ উপযুক্ত নহয়। তুমি এক-অদ্বীতীয় যে তোমাৰ কোনো সন্তান নাই আৰু তুমিও কাৰো সন্তান নহয়। আৰু তুমি অতুলনীয়। (سنن ابو داود،كتاب الوتر،باب الدعاء،ج٢،ص١١٣،الحديث:١٤٩٣-٩٤)
৩)এটি হাদিছত আহিছে:ইছমে আজম এই দুই আয়াতত আছে:
وَإِلٰهُكُمْ إِلٰهٌ وَاحِدٌ ۖ لَا إِلٰهَ إِلَّا هُوَ الرَّحْمّٰنُ الرَّحِيمُ
(ৱা ইলাহুকুম ইলাহুও ৱাহিদ। লা ইলাহা ইল্লা হুৱাৰ ৰাহমানুৰ ৰাহিম)
অৰ্থ: আৰু তোমালোকৰ উপাস্য মাথোঁ এজন উপাস্য। তেওঁৰ বাহিৰে আন কোনো(সত্য) মাবুদ নাই। তেওঁ পৰম কৰুণাময়,
পৰম দয়ালু। নিম্নোক্ত আয়াত সম্পৰ্কেও তেনেদৰেই কোৱা হৈছে।
الٓمَّ اللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَۙ-الْحَیُّ الْقَیُّوْمُ
(আলিফ লাম মী-ম,লা ইলাহা ইল্লা হুৱাল হায়্যুল কায়্যুম)
আলিফ-লাম-মীম। আল্লাহ,তেওঁৰ বাহিৰে আন কোনো প্ৰকৃত উপাস্য নাই,তেওঁ চিৰঞ্জীৱ,সৰ্বসত্ত্বাৰ ধাৰক।
(سنن الترمذي،كتاب الدعوات،باب ما جاء في جامع الدعوات،ج٥،ص٢٩١،الحديث:٣٤٨٩)
৪)কিছু উলামাই কৈছে নিম্নোক্ত আয়াতেৰে গঠিত বাক্যটি ইছমে আজম:
يَا بدِيعُ السَّمَاوَاتِ وَالْأَرْضِ يَا ذَا الْجَلَالِ وَالْإِكْرَامِ
(ইয়া বাদীউচ্ছামাৱাতি ৱাল আৰদ্বি ইয়া জাল জালালি ৱাল ইকৰাম)
অৰ্থ:হে আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক। হে মহামহিম আৰু মহানুভৱ। হজৰত ছাৰী বিন য়াহয়া ৰাহমাতুল্লাহ আলাইহিয়ে কিছু অলীৰ পৰা বৰ্ণনা কৰে: মই আল্লাহৰ ওচৰত দোআ কৰিছিলো,যাতে তেওঁ মোক ইছমে আজম দেখায় দিয়ে। আকাশত এটা তৰা দেখা পালোঁ তাত “ইয়া বাদিউছ ছামাৱাতি ৱাল আৰদ্বি,ইয়া জাল জালালি ৱাল ইকৰামি।” লিখা দেখা পালোঁ।
(الترغيب و الترهيب،كتاب الذكر و الدعاء،الترغيب في كلمات يستفتح…الخ،ج٢،ص٣١٨،الحديث:٥)
৫) কিছু উলামায়ে কেৰামে “ইয়া আল্লাহু ইয়া ৰাহমানু ইয়া ৰাহিমু” ক ইছমে আজম বুলি কৈছে।
৬) ৰছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে হজৰত জাইদ বিন স্বাবিত ৰাদ্বীয়াল্লাহু আনহুক এনেদৰে দোআ কৰা শুনিলে:
اللَّهُمَّ إِنِّي أَسْأَلُكَ بِأَنَّ لَكَ الْحَمْدَ لاَ إِلَهَ إِلاَّ أَنْتَ الْمَنَّانُ بَدِيعُ السَّمَوَاتِ وَالأَرْضِ يَا ذَا الْجَلاَلِ وَالإِكْرَامِ يَا حَىُّ يَا قَيُّومُ
(আল্লাহুম্মা ইন্নী আছআলুকা বি আন্নালাকাল হামদা লা ইলাহা ইল্লা আন্তাল মান্নানু বাদীউচ্ছামাৱাতি ৱাল আৰদ্বি ইয়া জাল জালালি ৱাল ইকৰামি ইয়া হায়্যু ইয়া কায়্যুম) তাৰ পিছত তেওঁ ক’লে:এইটো আল্লাহৰ সেই ইছমে আজম যিটোৰে কিবা সুধিলে দান কৰা হয়,দোআ কৰিলে আল্লাহে কবুল কৰা হয়।
(سنن ابن ماجه،كتاب الدعاء،باب اسم اللّٰه الأعظم،ج٤،ص٢٧٦،الحديث٣٨٥٨)
৭)হাদিছত আহিছে,হজৰত আঈশ্বা ছিদ্দিকা ৰাদ্বায়াল্লাহু আনহাই এনেদৰে দোআ কৰিছে:
اللَّهُمَّ إِنِّي أَدْعُوكَ اللّٰهَ وَأَدْعُوكَ الرَّحْمٰنَ وَأَدْعُوكَ الْبَرَّ الرَّحِيمَ وَأَدْعُوكَ بِأَسْمَائِكَ الْحُسْنَى كُلِّهَا مَا عَلِمْتُ مِنْهَا وَمَا لَمْ أَعْلَمْ أَنْ تَغْفِرَ لِي وَتَرْحَمَنِي
(আল্লাহুম্মা ইন্নী আদঊকাল্লাহা ৱা আদঊকাৰ ৰাহমানা ৱা আদঊকাল বাৰ্ৰাৰ ৰাহিমা ৱা আদঊকা বিআছমা ইকাল হুছনা কুল্লাহা মা আলিমতু মিনহা ৱা মা লাম আঅ’লাম আন তাগফিৰলী ৱা তাৰহামনী) পিছত নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: ইয়াত ইছমে আজম আছে।
(سنن ابن ماجه،كتاب الدعاء،باب اسم اللّٰه الأعظم،ج٤،ص٢٧٨،الحديث٣٨٥٩)
৮) হজৰত আবু দাৰদা আৰু ইবনে আব্বাছ ৰাদ্বীয়াল্লাহু আনহুমাই কৈছে:ইছমে আজম “ৰাব্বি ৰাব্বি” হয়। নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে:যেতিয়া বান্দাই “ইয়া ৰাব্বি ইয়া ৰাব্বি কয় তেতিয়া আল্লাহে কয়: লাব্বাইক,হে মোৰ বান্দা! খোজা যি লাগে,তোমাক দিয়া হ’ব! (الترغيب و الترهيب،كتاب الذكر و الدعاء…الخ،ج٢،ص٣٢،الحديث:١١)
৯) ইমাম জইনুল আবিদীন ৰাদ্বীয়াল্লাহু আনহুৱে সপোনত দেখিছে যে:”আল্লাহু আল্লাহু আল্লাহুল লাজি লা ইলাহা ইল্লা হুৱা ৰাব্বুল আৰশ্বিল আজীম” ইছমে আজম হয়।
১০) ঈমাম কাজী ইয়াজ ৰাহমাতুল্লাহ আলাইহিয়ে কিছু উলামাৰ পৰা বৰ্ণনা কৰি লিখিছে যে ইছমে আজম কলিমা তৌহীদ হয়।(فتح البارى،ج١١،ص١٨٩)
১১)হজৰত আবু উমামাহ চাহাবি ৰাদ্বীয়াল্লাহুৰ শিষ্য হজৰত কাচিম বিন আব্দুৰ ৰাহমান শ্বামী ৰাদ্বীয়াল্লাহু আনহুৱে কৈছে: “আল হায়্যুল কায়্যুম” ইছমে আজম হয়।
(الحصن والحصين،فی بیان اسم اللّٰه تعالیٰ الأعظم،ص٣٣)
১২)ঈমাম ফখৰুদ্দিন ৰাজি আৰু কিছু চুফিয়ে(ৰাহিমাহুমুল্লা)কৈছে:”হুৱা” ইছমে আজম। (الحاوي الفتاوى،الدر المنظم في اسم الأعظم،ج١،ص٤٧٣)
১৩) অধিকাংশ(জুমহুৰ)উলামাই কৈছে:”আল্লাহু” ইছমে আজম হয়। গৌছে আজম ৰাহমাতুল্লাহ আলাইহিয়ে কৈছে:চৰ্ত এয়া যে আল্লাহ কওতে সেইসময়ত তোমাৰ অন্তৰত আল্লাহৰ বাহিৰে আৰু কোনো থাকিব নোৱাৰিব।
১৪)কিছুৱে আকৌ “বিছমিল্লাহ” ক ইছমে আজম বুলি কৈছে। (مرقاة المفاتيح،شرح مقدمة الكتاب،ج١،ص٤١)
১৫)নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে যি ব্যক্তিয়ে এই(নিম্নোক্ত)পাঁচটি শব্দৰে দোআ কৰিব আল্লাহ পাকে সি যি সোধে দান কৰিব:
لاَ إِلٰهَ إِلاَّ اللّٰهُ وَاللّٰهُ أَكْبَرُ لا إلهَ إلاَّ اللّٰه وحْدهُ لاَ شَرِيكَ لهُ،لَهُ المُلْكُ،ولَهُ الحمْدُ،وَهُو عَلَى كُلِّ شَيءٍ قَدِيرٌ،لاَ إِلَهَ إِلاَّ اللَٰهُ وَلاَ حَوْلَ وَلاَ قُوَّةَ إِلاَّ بِاللّٰهِ
(লা ইলাহা ইল্লাল্লাহু ৱাল্লাহু আকবাৰ,লা ইলাহা ইল্লাল্লাহু ৱাল্লাহু ৱাহদাহু লা শ্বাৰীকালাহু,লাহুল মুলকু,ৱালাহুল হামদু,ৱাহুৱা আলা কুল্লি শ্বায়ইন কাদ্দীৰ,লা ইলাহা ইল্লাল্লাহু ৱালা হাওলা ওৱালা কুওৱাতা ইল্লা বিল্লাহ।)(المعجم الكبير للطبراني،ج١٩،ص٣٦١،حديث:٨٤٩)
১৬)এনেদৰেই •ইয়া ৰব্বনা। •ইয়া জাল জালালি ৱাল ইকৰাম। •ইয়া আৰহামাৰ ৰাহিমীন। ইত্যাদি। (م،اسم اعظم کسے کہتے ہے،ص١ تا ١٠)
আল্লাহৰ ওচৰত একান্ত মনে তৌবা কৰি অন্যান্য দোআ সমূহ পঢ়ি ইছমে আজমৰ যিকোনো এটা বা সামৰ্থ অনুযায়ী পঢ়ি আল্লাহৰ ওচৰত নিজৰ মনৰ আশা-প্রত্যাশা দাঙি ধৰক ইনশ্বা আল্লাহ নিশ্চয় পূৰণ হ’ব। বিঃদ্ৰঃ– কোনো শুদ্ধ আৰবী জনা ব্যক্তিৰ পৰা দোআবোৰৰ শুদ্ধ উচ্ছাৰণ সমূহ শিকি লৈ পঢ়িলে উত্তম। আল্লাহ পাকে আমাৰ সমস্ত জায়েজ আশা পূৰণ কৰক। আ-মী-ন।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
▁▁▁▁▁▁▁▁▁▁▁▁▁
তৌবা কৰাৰ পদ্ধতি পঢ়ক click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments