মাহেকীয়া হোৱা মহিলাই কোৰআন পঢ়িব বা শুনিব পাৰেনে

মাহেকীয়া হোৱা মহিলাই কোৰআন পঢ়িব বা শুনিব পাৰেনে

প্ৰশ্নঃ- মাহেকীয়া হৈ থকা অৱস্থাত এগৰাকী নাৰীয়ে পবিত্ৰ কোৰআন পাঠ শুনিব পাৰে নে নাই,এই সম্পৰ্কে চৰীয়তে কি কয় ? যদি তেওঁ ছিজদাহৰ আয়াত শুনিছিল তেন্তে ছিজদাহ কৰিব লাগিব নে ?


উত্তৰঃ- ঋতুস্ৰাৱ হোৱা মহিলাই কোৰআন পাঠ শুনিব পাৰে,নিষেধাজ্ঞা কেৱল কোৰআন পঢ়া বা পোনপটীয়াকৈ স্পৰ্শ কৰাতহে। শুনাত কোনো নিষেধাজ্ঞা নাই। লগতে যদি কোনো ঋতুস্ৰাৱী মহিলাই ছিজদাহৰ আয়াত শুনিছে তেন্তে ছিজদাহ কৰা ওৱাজিব নহয়। যিজন ফৰজ নামাজৰ যোগ্য হ’ব তেওঁ কোনো ছিজদাহৰ আয়াত পঢ়িলে বা শুনিলে ছিজদাহ কৰা ওৱাজিব হ’ব আৰু ঋতুস্ৰাৱৰ কাৰণে সেই গৰাকী মহিলা নামাজৰ বাবে যোগ্য নহয় অৰ্থাৎ সেই দিনবোৰত নামাজ তাইৰ ওপৰত ফৰজ নহয়,পিছত তাইৰ ওপৰত কাজাও ফৰজ নহয়।

ফতোৱা তাতাৰখানীয়াত আছে:

وَکُلُّ مَنْ لَایَجِبُ عَلَیْہِ الصَّلَاۃُ وَ لَا قَضَاؤُھَا کَالْحَائِضِ وَالنُّفَسَاءِوَالْکَافِرِ وَالصَّبِیِّ وَالْمَجْنُوْنِ فَلَاسُجُوْدَ عَلَیْھِمْ وَکَذَالِکَ الْحُکْمُ فِیْ حَقِّ السَّامِعِ،مَنْ کَانَ أَھْلاً لِوُجُوْبِ الصَّلَاۃِ عَلَیْہِ یَلْزَمُہُ السَّجْدَۃُ بِالسِّمَاعِ وَمَنْ لَایَکُوْنُ أَھْلاً لَایَلْزَمُہٗ

অৰ্থাৎ যিজন ব্যক্তিৰ ওপৰত ফৰজৰ লগতে তাৰ কাজা নামাজো নাই তেওঁৰ ওপৰত তিলাৱতৰ ছিজদাহো ৱাজিব নহয় যেনে ঋতুস্ৰাৱত থকা বা প্ৰসৱত থকা মহিলা,কাফিৰ,নাবালক শিশু,বলিয়া। আৰু এয়াই আদেশ ছিজদাহৰ আয়াত শুনা সকলৰ বাবে যে যিজন নামাজৰ যোগ্য হ’ব তেওঁৰ প্ৰতি ওৱাজিব হ’ব আৰু যি যোগ্য নহ’ব তাৰ প্ৰতি তিলাৱতৰ ছিজদাহো ৱাজিব নহ’ব। (فتاویٰ تاتارخانیہ،ج۲،ص٤٦٦)

বাহাৰে চৰীয়তত আছে: মাহেকীয়া অৱস্থাত ও প্ৰসৱ কালত থকা মহিলাৰ‌ পক্ষে চাই কোৰআন পঢ়া অথবা মুখস্থ পাঠ কৰা,আৰু তাইৰ স্পৰ্শ কৰা হাতেৰে বা আঙুলিৰ মূৰৰে অথবা শৰীৰৰ কোনো অংশৰে,সকলোবোৰ নিষিদ্ধ তথা হাৰাম।(بہارِشریعت،ج۱،ص٤٧٩) মাহেকীয়া হোৱা মহিলাই কোৰআন পঢ়িব বা শুনিব পাৰেনে

وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم

✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।

বিবাহ কেনেকৈ পাতিব লাগে আৰু অলিমা কি – ইছলামৰ পোহৰ Click here 

আমাৰ ইউটিউব চেনেল click here

নিজেও পঢ়ক আনকো পঢ়ুৱাওক

মন কৰিব!

এনেধৰণৰ বহুতো পোষ্ট আৰু নিয়মীয়াকৈ এটি হাদিছ পাবলৈ যোগাযোগ কৰিব পাৰে –

%d