প্ৰশ্নঃ- তৌবাৰ নামাজৰ পদ্ধতি জনাবচোন ?
•┈┈┈┈••✦✿✦••┈┈┈┈•
উত্তৰঃ- তৌবাৰ নামাজ পঢ়াটো পছন্দনীয়। গুণাহ হৈ গ’লে লজ্জিত হৈ নিজকে তিৰস্কাৰ কৰি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰ বাবে দুই ৰাকাত নামাজ পঢ়াক তৌবাৰ নামাজ বোলে। এই সম্পৰ্কে হাদিছ শ্বৰীফত আহিছে,হজৰত আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত:
عن أبی بَكْرٍ رَضِيَ اللَّهُ عَنْهُ، أَنَّهُ قَالَ:سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، يَقُولُ: مَا مِنْ عَبْدٍ يُذْنِبُ ذَنْبًا فَيُحْسِنُ الطُّهُورَ، ثُمَّ يَقُومُ فَيُصَلِّي رَكْعَتَيْنِ، ثُمَّ يَسْتَغْفِرُ اللَّهَ إِلَّا غَفَرَ اللَّهُ لَهُ، ثُمَّ قَرَأَ هَذِهِ الْآيَةَ: وَالَّذِينَ إِذَا فَعَلُوا فَاحِشَةً أَوْ ظَلَمُوا أَنْفُسَهُمْ ذَكَرُوا اللَّهَ سورة آل عمران آية ١٣٥ إِلَى آخِرِ الْآيَةِ
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে: এনে কোনো ব্যক্তি নাই যিয়ে কোনো গুণাহ কৰাৰ পিছত(লাজ আৰু অনুশোচনা অনুভৱ কৰি)ভালদৰে অজু কৰি দুই ৰাকাত নামাজ পঢ়ি তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা বিচাৰিলে আল্লাহে তেওঁৰ গুণাহ ক্ষমা নকৰে। তাৰ পিছত তেওঁ এই আয়াতটো পাঠ কৰিলে ”
إِذَا فَعَلُوا فَاحِشَةً أَوْ ظَلَمُوا أَنْفُسَهُمْ ذَكَرُوا اللَّهَ الخ
আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে… শেষলৈ।(ছুৰা আলে ইমৰাণ:১৩৫)
(سنن ابوداؤد،١٥٢١)
পদ্ধতি ( তৌবা কেনেকৈ কৰে ? )
• সুন্দৰভাৱে অজু কৰি দুই ৰাকাত তৌবাৰ নফল নামাজৰ নিয়্যত কৰা হ’ব। প্ৰথম ৰাকাতত ছুৰা ফাতিহাৰ পিছত কুল য়া আয়্যুহাল কাফিৰুন আৰু দ্বিতীয় ৰাকাতত ছূৰা ফাতিহাৰ পিছত ছুৰা ইখলাছ পঢ়া ভাল। আৰু ছালাম ফিৰুৱাৰ পিছত বিনয়ৰ সহিতে কান্দি গুণাহবোৰক মনত কৰক আৰু লাজ আৰু অনুশোচনা অনুভৱ কৰি আল্লাহৰ ওচৰত ক্ষমা বিচাৰক। নিজকে তিৰস্কাৰ কৰক,ভৱিষ্যতে পাপ নকৰিব বুলি দৃঢ় সংকল্প লওক। কাৰোবাক কিবা দিব লগীয়া থাকিলে ফিৰাই দিয়ক। যদি কাৰোবাৰ সমালোচনা আৰু অসন্মান কৰা হয় তেন্তে তেওঁৰ পৰা ক্ষমা বিচাৰক।
• ইনশ্বা আল্লাহ তৌবা আল্লাহ পাকে কবুল কৰিব। (‘ তৌবাৰ নামাজৰ পদ্ধতি জনাবচোন ? ‘)
• তৌবা কৰাৰ সম্পৰ্কে বিস্তাৰিতভাৱে জানিবলৈ সংশ্লিষ্ট লিংকটোত ক্লিক কৰক। তৌবা কেনেকৈ কৰে ?
▁▁▁▁▁▁▁▁▁▁▁▁
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
Recent Comments