প্ৰশ্নঃ- কা’বা শ্বৰীফ,মছজিদে নবৱী,মদিনা শ্বৰীফৰ ফটো থকা জায়-নামাজত নামাজ পঢ়িব পাৰিনে?
উত্তৰঃ- মক্কা- মদিনা বা কোনো সন্মানীয় বস্তুৰ ফটো থকা জায়-নামাজত নামাজ পঢ়া চৰীয়তৰ দৃষ্টিত শুদ্ধ কিন্তু আদবৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পৰা আঁতৰি থকা পছন্দনীয়।
জায়-নামাজত কা’বা শ্বৰীফ,মদিনা শ্বৰীফ(নবীৰ ৰৌজা),বাইতুল মাকদছ আৰু এনেধৰণৰ সন্মানীয় কোনো ছবি অংকন কৰা থাকিলে অৱশ্যেই সেয়া সন্মানৰ যোগ্য। যদি সেয়া ভৰিৰ তলত নাহে তেন্তে তাত নামাজ পঢ়াত বাধা নাই। অপমানৰ কোনো দিশ নাই ইয়াত। সমাজত এনেধৰণৰ জায়- নামাজত নামাজ পঢ়া কোনো ধৰণৰ অপমান বা বে আদবী তথা অপছন্দনীয় কাম বুলি গণ্য কৰা নহয় সেয়ে এনেধৰণৰ জায়-নামাজ মছজিদত ব্যৱহাৰ কৰাত,তাত নামাজ পঢ়াত কোনো অসুবিধা নাই। আৰু যদি উক্ত ছবিটো থিয় দিয়া ঠাইত অংকন কৰা থাকে তেন্তে তাৰ ওপৰত থিয় হ’লে অপমান কৰা হ’ব সেয়ে ইয়াৰ অনুমতি নহ’ব। কাৰণ উলামে কেৰামে অংকন কৰা ছবিসমূহৰো সন্মান আচলৰ সন্মানৰ দৰেই বুলি কৈছে। যদি অংকন কৰা ছবিটোৰ আচলতে কোনো অস্তিত্ব নাই,কোনো মছজিদ বা সন্মানীয় ঠাইৰ নহয় তেন্তে থিয় হোৱাত বাধা নাই। (فتاویٰ مرکز تربیت افتا،ج۲،ص٤٨٦) যদি নামাজ পঢ়া কাপোৰত বা জায়-নামাজত কোনো চিত্ৰ অংকন কৰা থাকে আৰু তাৰ বাবে নামাজত প্ৰভাৱ পৰে তেন্তে সেয়া আতৰাই উকা কাপোৰত নামাজ পঢ়া উত্তম।
হাদিছ শ্বৰীফত আহিছে,হজৰত আইশ্বা ছিদ্দিকা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত,তেখেতে কৈছে:
عَنْ عَائِشَةَ أَنّ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ صَلَّى فِي خَمِيصَةٍ لَهَا أَعْلَامٌ، فَنَظَرَ إِلَى أَعْلَامِهَا نَظْرَةً، فَلَمَّا انْصَرَفَ، قَالَ: اذْهَبُوا بِخَمِيصَتِي هَذِهِ إِلَى أَبِي جَهْمٍ وَائْتُونِي بِأَنْبِجَانِيَّةِ أَبِي جَهْمٍ فَإِنَّهَا أَلْهَتْنِي آنِفًا عَنْ صَلَاتِي،وَقَالَ هِشَامُ بْنُ عُرْوَةَ :عَنْ أَبِيهِ،عَنْ عَائِشَةَ، قَالَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ: كُنْتُ أَنْظُرُ إِلَى عَلَمِهَا وَأَنَا فِي الصَّلَاةِ فَأَخَافُ أَنْ تَفْتِنَنِي
আল্লাহৰ ৰাছূল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে এবাৰ এখন এম্ব্ৰয়ডাৰীযুক্ত চাদৰত নামাজ আ
দায় কৰিলে। আৰু নামাজত সেই চাদৰৰ ডিজাইনৰ প্ৰতি এবাৰ তেখেতৰ দৃষ্টি পৰিল। নামাজৰ শেষত তেখেতে ক’লে:এই চাদৰ খন আবু জাহমৰ কাষলৈ লৈ যোৱা,আৰু তেখেতৰ পৰা আমবিজানিয়্যাহ(কাৰুকাৰ্য্য বিহীন ডাঠ চাদৰ)লৈ আহাগৈ। কাৰণ এই চাদৰ খনে মোক নামাজৰ পৰা অমনোযোগী কৰি দিছিল। হজৰত হিচাম ইবনু ওৰৱাহ ৰাহিমাহুল্লাহে তেওঁৰ পিতৃৰ পৰা আৰু তেখেতে আইশ্বা ছিদ্দিকা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণনা কৰিছে যে,নবী ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: মই নামাজ আদায় কৰা সময়ত ইয়াৰ ডিজাইন(নক্সা)ৰ প্ৰতি চাই আছিলো। তেতিয়া মই আশংকা কৰিছিলো যে ই মোক অমনোযোগী কৰি দিব পাৰে।(صحیح بخاری،٣٧٣)
উকা কাপোৰ বা জায়-নামাজ যিয়ে নামাজত একাগ্ৰতাৰ সৃষ্টি কৰে,নামাজত সেয়া ব্যৱহাৰ কৰা উত্তম।
وَاللّٰهُ أَعْلَمُ عَزَّوَجَلَّ وَرَسُوْلُهُ اَعْلَم صَلَّی اللّٰهُ تَعَالٰی عَلَیْهِ وَاٰلِهِ وَسَلَّم
✍️ ইঞ্জামুল হক মিছবাহী,দৰং অসম।
মাজত খালী ঠাই ৰাখি নামাজ পঢ়িব পাৰিনে ? – ইছলামৰ পোহৰ Click here
আমাৰ ইউটিউব চেনেল click here
Recent Comments